Police firing: নিশা চুৰিৰ অভিযুক্তক লৈ অভিযানত গৈছিল আৰক্ষী; পলায়নৰ চেষ্টা কৰোঁতেই চলিল গুলী

পুৱতি নিশা গৰজি উঠিল অসম আৰক্ষীৰ আগ্নেয়াস্ত্ৰই । আৰক্ষীয়ে গুলী চলায় চুৰিৰ অভিযোগত অভিযুক্ত এজন ব্যক্তিলৈ । দিব্যজ্যোতি শইকীয়া নামৰ অভিযুক্তটোলৈ উদ্দেশ্যি আৰক্ষীয়ে গুলীচালনা কৰে ।

Police firing: নিশা চুৰিৰ অভিযুক্তক লৈ অভিযানত গৈছিল আৰক্ষী; পলায়নৰ চেষ্টা কৰোঁতেই চলিল গুলী

প্ৰতীকী ছবি

Published: 

05 Feb 2025 11:48 AM

ৰাজ্যত পুনৰ গুলীচালনাৰ ঘটনা । অভিযুক্তলৈ লক্ষ্য কৰি পুনৰ গুলী ফুটালে অসম আৰক্ষীয়ে । পুৱতি নিশা গৰজি উঠিল অসম আৰক্ষীৰ আগ্নেয়াস্ত্ৰই । মহানগৰীৰ যোৰাবাটত বশিষ্ঠ আৰক্ষীয়ে গুলী চলায় চুৰিৰ অভিযোগত অভিযুক্ত এজন ব্যক্তিলৈ । দিব্যজ্যোতি শইকীয়া নামৰ অভিযুক্তটোলৈ উদ্দেশ্যি বশিষ্ঠ আৰক্ষীয়ে গুলীচালনা কৰে । আৰক্ষীৰ গুলীত আহত হয় চোৰটো ।

উল্লেখ্যে যে, চুৰিৰ গোচৰত আটক কৰা দিব্যজ্যোতি শইকীয়াক লৈ নিশা অভিযান চলাবলৈ গৈছিল বশিষ্ঠ আৰক্ষী । যোৰাবাটত অভিযানকালতে আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা চলায় অভিযুক্ত দিব্যজ্যোতিয়ে । ফলত অভিযুক্তটোক ৰখাবলৈ আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় । ভৰিত গুলী লগাৰ ফলত আঘাতপ্ৰাপ্ত হয় চোৰটো ।

ইফালে এই ঘটনাত আৰক্ষীৰ লোকো আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে । বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে দিব্যজ্যোতি শইকীয়া ।

জানিবপৰা মতে, নিশা আৰক্ষীয়ে আটক কৰিছিল দিব্যজ্যোতি শইকীয়াক । তাৰ পাছতে পুৱতি নিশা চোৰটোক লৈ অভিযান চলাবলৈ গৈছিল বশিষ্ঠ আৰক্ষীৰ এটা দল । কিন্তু যোৰাবাটত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলায় অভিযুক্ত দিব্যজ্যোতিয়ে । ফলত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় অভিযুক্তটো । কিছুদিন পূৰ্বেও আন এটা অভিযুক্ত আহত হৈছিল আৰক্ষীৰ গুলীত । ডকাইতিৰ অভিযোগত আটক কৰা অভিযুক্তটোকো পলায়নৰ চেষ্টা কৰোতেই গুলীয়াইছিল আৰক্ষীয়ে ।

ভেলেণ্টাইন সপ্তাহত বৃদ্ধি হয় নেকি কণ্ডমৰ বিক্ৰী?
চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে