কৰিমগঞ্জত অনুপ্ৰৱেশৰ চেষ্টা কৰা বাংলাদেশীক আটক... | One Bangladeshi national apprehended in Karimganj : Assam CM Himanta Assam news - Assam Tv9

কৰিমগঞ্জত অনুপ্ৰৱেশৰ চেষ্টা কৰা বাংলাদেশীক আটক…

সীমান্তৰে অবৈধ প্ৰৱেশ ৰোধ কৰাৰ পদক্ষেপৰ অংশ হিচাপে যোৱা নিশা অবৈধভাৱে প্ৰৱেশৰ চেষ্টা কৰা এগৰাকী বাংলাদেশী নাগৰিকক আটক কৰে আৰক্ষীয়ে । ইয়াৰ পাছতে তেওঁক তালাচী চলোৱা হয় আৰু পুনৰ বাংলাদেশলৈ বিতাৰিত কৰা হয় ।

কৰিমগঞ্জত অনুপ্ৰৱেশৰ চেষ্টা কৰা বাংলাদেশীক আটক...

ভাৰত-বাংলাদেশ সীমান্ত

Updated On: 

19 Oct 2024 12:32 PM

বাংলাদেশৰ নাগৰিকৰ অনুপ্ৰৱেশ ৰোধ কৰিবৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত অধিক সতৰ্কতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে । সীমান্তৰে অবৈধ প্ৰৱেশ ৰোধ কৰাৰ পদক্ষেপৰ অংশ হিচাপে যোৱা নিশা অবৈধভাৱে প্ৰৱেশৰ চেষ্টা কৰা এগৰাকী বাংলাদেশী নাগৰিকক আটক কৰে আৰক্ষীয়ে । ইয়াৰ পাছতে তেওঁক তালাচী চলোৱা হয় আৰু পুনৰ বাংলাদেশলৈ বিতাৰিত কৰা হয় ।

বাংলাদেশী নাগৰিকজনৰ নাম হৈছে মহম্মদ আৰিফ । অসম আৰক্ষীৰ এই প্ৰচেষ্টাক সামাজিক মাধ্যমযোগে প্ৰশংসা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে, ভাৰত-বাংলাদেশ সীমান্তত এনে অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰিবলৈ অসম আৰক্ষী সম্পূৰ্ণৰূপে সষ্টম হৈ আছে । উল্লেখ্য যে, যোৱা ১ অক্টোবৰ নিশাও বিশেষ সূত্ৰৰ তথ্য ভিত্তিত দক্ষিণ শালমাৰা আৰু কৰিমগঞ্জৰ পৰা অসম আৰক্ষীয়ে ১৪ জন বাংলাদেশী নাগৰিকক আটক কৰে। এই তথ্য প্ৰকাশ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।


ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, আটক কৰা ১৪ জনৰ ভিতৰত ৯ জনৰ ওপৰত ভাৰতীয় আধাৰ কাৰ্ড লাভ কৰা গৈছিল । ইফালে এক সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, আটক কৰা আটাইকেইজন লোক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল বুলি জানিব পৰা যায়।

মনকৰিবলগীয়া যে, অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে অবৈধ বাংলাদেশী নাগৰিকে অনুপ্ৰৱেশৰ চেষ্টা কৰাৰ তথ্য প্ৰায়ে প্ৰকাশ কৰি আহিছে । ইয়াৰ লগতে সীমান্ত অনুপ্ৰৱেশৰ চেষ্টাক বিফল কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ প্ৰচেষ্টাকো প্ৰশংসা কৰি আহিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

কিছুদিন পূৰ্বে অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত সৰ্বভাৰতীয় পৰ্যায়ত এন আৰ চি উন্নীতকৰণৰ পোষকতা কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে । বাংলাদেশীৰ অনুপ্ৰৱেশৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, অসম তথা পশ্চিমবংগৰে ভাৰতত অবৈধভাৱে বাংলাদেশী নাগৰিকে প্ৰৱেশ কৰে আৰু তেওঁলোক দেশৰ অন্য ৰাজ্যলৈ যায় । তেওঁ কৈছিল যে, অবৈধভাৱে সীমান্ত পাৰ হৈ বিদেশী নাগৰিকে অসম তথা বাংলাদেশত প্ৰৱেশ‌ কৰা পাছত দেশৰ অন্য ৰাজ্যত গৈ আধাৰ কাৰ্ড বনাই তেওঁলোক আকৌ অসমলৈ আহিব পাৰে । গতিকে সৰ্বভাৰতীয় পৰ্যায়ত এখন শুদ্ধ এনআৰচি উন্নীতকৰণৰ পোষকতা কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই ।

Bhool Bhulaiyaa 3ত পিটবুল, দিলজিৎ আৰু কাৰ্তিকৰ যাদু
এইদৰে ৰান্ধক দাইল, নহ'ব ইউৰিক এচিডৰ সমস্যা
সূৰ্যদেৱৰ মন্ত্ৰ জপ কৰাৰ সঠিক নিয়ম কি?
দেৱালীৰ দিনটোত নকৰিব এইবোৰ ভুল