আৰক্ষীৰ তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ হেৰুৱালে কিশোৰীয়ে, নিলম্বন নীলেশ্বৰ মেধীক…
এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল এগৰাকী কিশোৰীৰ। জানিব পৰা মতে, ঘটনাৰ সময়ত বাহনখন এজন আৰক্ষীয়ে চলাই আছিল। এই ঘটনাৰ পাছতে আৰক্ষী কনিষ্টবলগৰাকীক নিলম্বন কৰা হয়।

এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী চাৰিচকীয়া বাহনৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে এগৰাকী কিশোৰীয়ে। সোমবাৰে বঙাইগাঁৱৰ পাগলাস্থানত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে, ঘটনাৰ সময়ত বাহখন এজন আৰক্ষীয়ে চলাই আছিল। যাৰ পাছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ঘটনা সংঘটিত কৰা আৰক্ষী কনিষ্টবলগৰাকীক ইতিমধ্যে নিলম্বন কৰিছে বিভাগীয় কৰ্তৃপক্ষই। লগতে ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।
ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে দিনৰ ভাগত কিশোৰী গৰাকী ৰাস্তাৰে গৈ আছিল। তেনে সময়তে বিপৰীতে দিশৰ পৰা আহি থকা তীব্ৰবেগী চাৰিচকীয়া বাহন এখনে কিশোৰীগৰাকীক মহটিয়াই লৈ যায়। যাৰ ফলত থিতাতে মৃত্যুক সাৱতি হয় কিশোৰীগৰাকীৰ। মৃত কিশোৰীগৰাকীৰ নাম চয়নিকা ৰয় বুলি জানিব পৰা গৈছে।
এই ঘটনাৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। য’ত দেখা গৈছে যে তীব্ৰবেগী বাহন এখনে আহি কিশোৰীগৰাকীক মহটিয়াই লৈ যায়। ঘটনা সংঘটিত কৰা আৰক্ষী কনিষ্টবলগৰাকীৰ নাম নীলেশ্বৰ মেধী বুলি জানিব পৰা গৈছে। এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ সংঘটিত হোৱাৰ পাছতে আৰক্ষী অধীক্ষক মোহন লাল মীনাই তেওঁক নিলম্বন কৰে। লগতে দুৰ্ঘটনাত মৃত্যু হোৱা কিশোৰীগৰাকীৰ পৰিয়ালক উচিত ক্ষতিপূৰণৰ আশ্বাস প্ৰদান কৰে।
তথ্য অনুসৰি জানিব পৰা মতে, মৃত কিশোৰীগৰাকীৰ ঘৰ বঙাইগাঁৱৰ ভাকাৰিভিটাত। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। আনহাতে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত। কিশোৰীগৰাকীৰ পৰিয়ালে এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰিছে।