CAA ৰ অধীনত অসমত প্ৰথমগৰাকী অবৈধ বাংলাদেশীয়ে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব

এইগৰাকী অবৈধ বাংলাদেশীয়ে নাগৰিকত্ব লাভ কৰাৰ পাছতে স্পষ্টকৈ ক'ব পাৰি যে অসমত কা-ৰ বিৰোধিতাৰে হোৱা আন্দোলন সম্পূৰ্ণ অসাৰ হ'ল। কা- বিৰোধী আন্দোলনৰ ফলত অসমত ৫জনকৈলোক শ্বহীদ হৈছিল কিন্তু প্ৰতিবাদকাৰীৰ দাবী মানি লোৱা নাছিল চৰকাৰে

CAA ৰ অধীনত অসমত প্ৰথমগৰাকী অবৈধ বাংলাদেশীয়ে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব

কাৰ অধীনত অসমত নাগৰিকত্ব

Published: 

14 Aug 2024 12:05 PM

CAA ৰ অধীনত প্ৰথমগৰাকী অবৈধ বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰধান কৰা হ’ল অসমত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ পাছতে ২০১৪ চনৰ পূৰ্বে অসমত অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশী দুলাল  দাসে লাভ কৰিলে ভাৰতৰ নাগৰিকত্ব। উল্লেখ কৰা প্ৰয়োজন যে কা-ৰ অধীনত ভাৰতত নাগৰিকত্ব প্ৰদানৰ এক দীঘলীয়া প্ৰক্ৰিয়া আছে। জুলাই মাহৰ পৰা নাগৰিকত্ব প্ৰদানৰ কাম আৰম্ভ হৈছিল যদিও ইয়াৰ বাবে অসমত কোনোৱে আবেদন দাখিল কৰা নাছিল।

তাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সকলো আৰক্ষী অধীক্ষকলৈ এক পত্ৰযোগে আহ্বান জনাইছিল যে ২০১৪ চনৰ পূৰ্বে অসমত প্ৰৱেশ কৰা  বিদেশীসকলৰ গোচৰ বিদেশী ন্যায়ধীকৰণলৈ প্ৰেৰণ কৰিব নালাগে। তাৰ পাছতে স্পষ্ট হৈ পৰিছিল যে অসমতো শীঘ্ৰেই কোনো বিদেশীয়ে নাগৰিকত্ব লাভ কৰিব।

খবৰ অনুসৰি নাগৰিকত্ব লাভৰ বাবে অসমত ১০গৰাকী লোকে আবেদন দাখিল কৰিছিল যদিও দুলাল দাস নামৰ এগৰাকীক  নাগৰিকত্ব প্ৰদান কৰা হয়। দুলাল দাসে দাখিল কৰা সকলো নথি- পত্ৰ পৰীক্ষা কৰি তেওঁক নাগৰিকত্ব প্ৰদান কৰে। কাছাৰত এইগৰাকীলোকক নাগৰিকত্ব প্ৰদান কৰা হৈছে যদিও এতিয়াও ইয়াৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই। এতিয়াৰ পৰা দুলাল দাস নামৰ লোকজনে সাধাৰণ ভাৰতীয়ৰ দৰে সকলো সুবিধা লাভ কৰিব।

উল্লেখ্য যে, কা (নাগৰিকত্ব সংশোধনী আইন) ৰ অধীনত ২০১৪ চনৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰা হিন্দু, জৈন, শিখ, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টানসকলক নাগৰিকত্ব প্ৰদান কৰাৰ ব্যৱস্থা আছে। নিয়ম অনুসৰি অত্যাচাৰৰ বলি হৈ যি সকলে আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল তেওঁলোকে নাগৰিকত্ব লাভ কৰে।

নাগৰিকত্ব লাভৰ বাবে আবেদনকাৰীয়ে মনোনীত বিষয়াৰ নেতৃত্বত জিলা পৰ্যায়ৰ সমিতিৰ জৰিয়তে ক্ষমতাপ্ৰাপ্ত সমিতিৰ ওচৰত অনলাইন আবেদন দাখিল কৰিব পাৰে। আবেদন দাখিল কৰিবল বহু নথি পত্ৰৰ প্ৰয়োজন হয়। ইয়াৰ বাবে ভাৰতীয় মূলৰ ব্যক্তিৰ পৰা আবেদনৰ প্ৰয়োজন হয়। লগতে বাংলাদেশ, আফগানিস্তান, পাকিস্তান চৰকাৰে জাৰি কৰা পাছপোৰ্টৰ প্ৰতিলিপি, এই চৰকাৰসমূহে প্ৰদান কৰা জন্মৰ প্ৰমাণ পত্ৰ, এই চৰকাৰৰ অধীনত থকা কোনো কৰ্তৃপক্ষই জাৰি কৰা প্ৰমাণ পত্ৰ আদি বহু নথি পত্ৰৰ প্ৰয়োজন হয় ।

এইগৰাকী অবৈধ বাংলাদেশীয়ে নাগৰিকত্ব লাভ কৰাৰ পাছতে স্পষ্টকৈ ক’ব পাৰি যে অসমত কা-ৰ বিৰোধিতাৰে হোৱা আন্দোলন সম্পূৰ্ণ অসাৰ হ’ল। কা- বিৰোধী আন্দোলনৰ ফলত অসমত ৫জনকৈলোক শ্বহীদ হৈছিল কিন্তু প্ৰতিবাদকাৰীৰ দাবী মানি লোৱা নাছিল চৰকাৰে। অৱশেষত অসমতো বিদেশীয়ে পালে ভাৰতীয় নাগৰিকত্ব।

আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...