জোনাইত খাদ্য বিষক্ৰিয়া! এগৰাকী মহিলাৰ মৃত্যু, চিকিৎসাধীন শিশু-মহিলাসহ ১৩২জন লোক

ঘটনাৰ পিছতে বিষক্ৰিয়াত আক্ৰান্ত লোকসকলক ডেকাপাম আৰু চিমেন চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও পিছত বিষক্ৰিয়া হোৱা লোকসকলৰ একাংশ লোকৰ স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে চিলাপথাৰ আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু ইয়াৰে কেইবাজনো লোক অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসাধীন অৱস্থাত ডেকা শান্তিপুৰ গাঁৱৰ শৰ্মিলা স্বৰ্গীয়াৰী নামৰ এগৰাকী মহিলাৰ চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে মৃত্যু হয়।

জোনাইত খাদ্য বিষক্ৰিয়া! এগৰাকী মহিলাৰ মৃত্যু, চিকিৎসাধীন শিশু-মহিলাসহ ১৩২জন লোক

জোনাইত খাদ্য বিষক্ৰিয়া!

Published: 

16 Aug 2024 13:57 PM

স্বাধীনতা দিৱস উদযাপনৰ মাজতে জোনাইত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। মাহ-প্ৰসাদ খাই বিষক্ৰিয়া আক্ৰান্ত হয় শতাধিক লোক। ইয়াৰ মাজত আছে পুৰুষ-মহিলাসহ শিশু। চিকিৎসাধীন মহিলা-শিশুকে ধৰি ১৩২জন লোক। ততাতৈয়াকৈ আটাইকে হাস্পতালত ভৰ্তি কৰোৱা হয়। কিন্ত এগৰাকী মহিলাৰ চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে মৃত্যু হয়।

জোনাইৰ চিমেন চাপৰিত সংঘটিত হৈছে এই ঘটনা। য’ত খাদ্যত বিষক্ৰিয়া হৈ মৃত্যু হয় এগৰাকী মহিলাৰ। এতিয়াও চিকিৎসাধীন মহিলা-শিশুকে ধৰি ১৩২জন লোক। মৃত মহিলাগৰাকী চিমেন চাপৰিৰ ডেকা শান্তিপুৰ গাঁৱৰ শৰ্মিলা স্বৰ্গীয়াৰী বুলি জানিব পৰা গৈছে।

তথ্য অনুসৰি, ১৩ আগষ্ট তাৰিখে জোনাইৰ চিমেন চাপৰি আঞ্চলিক বাথৌ মন্দিৰৰ প্ৰাৰ্থনাত ভাগ লয় শতাধিক লোকে। প্ৰাৰ্থনা শেষ হোৱাৰ পাছতে সংঘটিত হয় অনাকাংশিত ঘটনাটো। মাহ-প্ৰসাদ খাই বিষক্ৰিয়াত আক্ৰান্ত হয় প্ৰায় ১৩২ গৰাকী পুৰুষ, মহিলা, শিশুৱে। আক্ৰান্তসকল চিমেন চাপৰি অঞ্চলৰ ১নং নাওকাটা, ৰাওন শান্তিপুৰ, ডেকা শান্তিপুৰ, জাৰ্মনবাৰী আদি গাঁৱৰ।

ঘটনাৰ পিছতে বিষক্ৰিয়াত আক্ৰান্ত লোকসকলক ডেকাপাম আৰু চিমেন চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও পিছত বিষক্ৰিয়া হোৱা লোকসকলৰ একাংশ লোকৰ স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে চিলাপথাৰ আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু ইয়াৰে কেইবাজনো লোক অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসাধীন অৱস্থাত ডেকা শান্তিপুৰ গাঁৱৰ শৰ্মিলা স্বৰ্গীয়াৰী নামৰ এগৰাকী মহিলাৰ চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে মৃত্যু হয়।

বৰ্তমানেও খাদ্য বিষক্ৰিয়াত আক্ৰান্ত ১৩২জন লোক ডেকাপাম আৰু চিমেন চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, চিলাপথাৰ আদৰ্শ চিকিৎসালয় আৰু ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ৰাজ্যত পূৰ্বেও সংঘটিত হৈছে এনে বিষক্ৰিয়াৰ ঘটনা। মাহ-প্ৰসাদৰ উপৰিও বিষাক্ত কাঠফুলা খাই বিষক্ৰিয়াত আক্ৰান্ত হয় বহুলোক। তাৰ পাছতো যেন নাই কোনো সাৱধানতা।

১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...
কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...