শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দেশত নাগৰিকত্ব সংশোধনী আইন বলৱৎ হোৱাৰ এবছৰ সম্পূৰ্ণ! ৰাজ্যত ‘কা’ৰ অধীনত কিমানজনে পালে নাগৰিকত্ব?

লোকপিয়ল সঞ্চালকালয়ৰ পৰা পোৱা তথ্যৰ উদ্ধৃতি দি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই য়ে কয় যে, CAAৰ অধীনত অসমত বসবাস কৰা ৩৯ জন লোকৰ পৰা আবেদন লাভ কৰা হৈছে৷  ২০২১ চনৰ পৰা ২০২৪ চনৰ ভিতৰত ১৫৬ জন বাংলাদেশী নাগৰিকে অবৈধভাৱে অসমত প্ৰৱেশ কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।২০২১ চনত এনে লোকৰ সংখ্যা ৫১ জনৰ পৰা পিছৰ বছৰত ৫৭ জনলৈ বৃদ্ধি আৰু ২০২৩ চনত ২২ জনলৈ হ্ৰাস পোৱাৰ পিছত ২০২৪ চনত পুনৰ ২৬ জনলৈ বৃদ্ধি হয়।

দেশত নাগৰিকত্ব সংশোধনী আইন বলৱৎ হোৱাৰ এবছৰ সম্পূৰ্ণ! ৰাজ্যত ‘কা’ৰ অধীনত কিমানজনে পালে নাগৰিকত্ব?
Citizenship Amendment Act (1)Image Credit source: Getty Images
trishna-kalita
Trishna Kalita | Updated On: 11 Mar 2025 14:23 PM

নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ ‘কা’ বলৱৎ হোৱাৰ এবছৰ। কেন্দ্ৰীয় চৰকাৰে ২০২৪ বৰ্ষৰ ১১ মাৰ্চৰ দিনটোতে আইনলৈ ৰূপান্তৰিত হৈছিল নাগৰিকত্ব সংশোধনী বিধেয়ক। কেন্দ্ৰীয় গৃহ মন্ত্ৰাণালয়ে জাৰি কৰিছিল অধিসূচনা। ২০১৯ চনত গৃহীত হৈছিল নাগৰিকত্ব সংশোধনী আইন। সেই সময় হয়তো কেতিয়াও পাহৰিব নোৱাৰে দেশবাসীয়ে। সেয়া আছিল তেতিয়াৰ সময়ৰ এক ক’লা অধ্যায়।

কেন্দ্ৰীয় চৰকাৰে  ১১ মাৰ্চ ২০২৪ত  নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ৰ নিয়মাৱলীৰ অধিসূচনা জাৰি কৰে। ইয়াৰ নিয়মবোৰত কি কোৱা হৈছে, কি কি নথিপত্ৰৰ প্ৰয়োজন আৰু ‘কা’ৰ অধীনত নাগৰিকত্বৰ বাবে কেনেদৰে আবেদন কৰিব পাৰি জানো আহক। সংসদৰ দ্বাৰা আইনখন গৃহীত হোৱাৰ ৪ বছৰ পাছত বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ কাৰ্যকৰী কৰা হয় । ‘কা’ৰ জৰিয়তে ৩১ ডিচেম্বৰ, ২০২৪-ৰ পূৰ্বে ভাৰতলৈ অহা পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা নথিপত্ৰ নথকা অনা-মুছলমান প্ৰব্ৰজনকাৰীসকলক নাগৰিকত্ব প্ৰদানৰ পথ প্ৰশস্ত কৰে ।

ইয়াৰ মাজতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে সোমবাৰে  বিধানসভাত কয় যে, এতিয়ালৈ অসমৰ দুজন আবেদনকাৰীক নাগৰিকত্ব (সংশোধনী) আইন বা CAA ৰ জৰিয়তে নাগৰিকত্ব প্ৰদান কৰা হৈছে। শ্ৰীভূমি জিলাৰ উত্তৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা কমলক্ষ দে পুৰকায়স্থৰ প্ৰশ্নৰ উত্তৰ দি তেওঁ কয়,  ‘এই আবেদনকাৰীৰ দুজনক নাগৰিকত্ব প্ৰদান কৰাৰ বিপৰীতে আন ১৮ জনৰ আবেদন পৰীক্ষা চলি আছে। বাকী ১৯খন আবেদন ‘বন্ধ’ কৰা আছিল যদিও আবেদনকাৰীয়ে পুনৰ নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব।’

অবৈধ প্ৰৱেশ

লোকপিয়ল সঞ্চালকালয়ৰ পৰা পোৱা তথ্যৰ উদ্ধৃতি দি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই য়ে কয় যে, CAAৰ অধীনত অসমত বসবাস কৰা ৩৯ জন লোকৰ পৰা আবেদন লাভ কৰা হৈছে৷  ২০২১ চনৰ পৰা ২০২৪ চনৰ ভিতৰত ১৫৬ জন বাংলাদেশী নাগৰিকে অবৈধভাৱে অসমত প্ৰৱেশ কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।২০২১ চনত এনে লোকৰ সংখ্যা ৫১ জনৰ পৰা পিছৰ বছৰত ৫৭ জনলৈ বৃদ্ধি আৰু ২০২৩ চনত ২২ জনলৈ হ্ৰাস পোৱাৰ পিছত ২০২৪ চনত পুনৰ ২৬ জনলৈ বৃদ্ধি হয়।

উল্লেখ্য যে, কা-ৰ বিৰোধিতাৰে হোৱা আন্দোলনত প্ৰাণ হেৰুৱাইছিল অসমত ৫ জন নিৰীহ যুৱকে। সেই সময়ত কোনো বিনিয়মতে অসমৰ একাংশ জনসাধাৰণে মানি লোৱা নাছিল কা । যাৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল দল-সংগঠনে। উচ্চতম ন্যায়ালয়ত শুনানিও হৈছিল ইয়াক লৈ। বিদ্যালয়-মহাবিদ্যালয়, ৰাজপথ সকলোতে জ্বলিছিল প্ৰতিবাদৰ জুই। বন্ধ কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা। তাৰ পাছতে কিছু সাম কাটিছিল কা আন্দোলনে। কিন্তু জনতাৰ প্ৰতিবাদক বিফল কৰি দুই সদনত গৃহীত হৈছিল নাগৰিকত্ব সংশোধনী বিধেয়ক। তাৰ পাছতে ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিছিল উক্ত বিধেয়কখনত।