5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ONGC: অ’ এন জি চিৰ কৰ্মচাৰীক অপহৰণ পৰিকল্পনা! ৪ অভিযুক্তক কাৰাগাৰলৈ প্ৰেৰণ…

ONGC: এই ঘটনাৰ সৈতে জড়িত অভিযুক্ত তাহিৰুল হুছেইন নামৰ অ ’এন জি চিৰ সহকাৰী অভিযন্তা গৰাকীৰ লগতে আন কেইবাগৰাকীও আলফা স্বাধীনৰ সদস্য বৰ্তমান পলাতক অৱস্থাত আছে।

ONGC: অ’ এন জি চিৰ কৰ্মচাৰীক অপহৰণ পৰিকল্পনা! ৪ অভিযুক্তক কাৰাগাৰলৈ প্ৰেৰণ…
অভিযুক্ত
barasha-sarma
Barasha Sarma | Updated On: 22 Oct 2024 15:18 PM

অ’ এন জি চিৰ বিষয়া- কৰ্মচাৰীৰ অপহৰণৰ বাবে আলফা (স্বা)য়ে কৰা ভয়ংকৰ পৰিকল্পনাৰ তদন্তৰ সময়ত আৰক্ষীয়ে বৰ্তমান পৰ্যন্ত ৫জন লোকক গ্ৰেপ্তাৰ কৰিছে যদিও এতিয়ালৈকে মূল নায়ক তথা আলফা (স্বা)ৰ নেতাক গ্ৰেপ্তাৰ কৰিব পৰা নাই। আৰক্ষী বিভাগে স্পষ্ট কৰিছে যে আলফা (স্বা)ৰ নেতা অভিজিত গগৈ ওৰফে আইচেং অসমৰ নেতৃত্বত অ’ এন জি চি অসম সম্পদৰ ইভি- ২০০০ আই ভি ৰিগৰ পৰা অপহৰণ কৰাৰ পৰিকল্পনা কৰিছিল।

এই ঘটনা সন্দৰ্ভত এতিয়াও আৰক্ষীয়ে অভিযান চলাই আছে। ইয়াৰ মাজতে সোমবাৰে নিশা এই ঘটনাৰ লগত জড়িত থকাৰ এজন অভিযুক্তই আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে। জানিব পৰা মতে জৰিফত আহমেদ নামৰ যুৱকজনক পৰিয়ালৰলোকে শিৱসাগৰ আৰক্ষীৰ ওচৰত গতাই দিয়ে। জৰিফত আহমেদৰ ঘৰ শিৱসাগৰ চহৰৰ ধাই আলি অঞ্চলত। যোৱা ৫-৬ অক্টোবৰৰ দিনা আলফা (স্বা)য়ে সংঘটিত কৰিবলগীয়া অ’ এন জি চিৰ বিষয়া কৰ্মচাৰীৰ অপহৰণৰ সৈতে জড়িতৰ লগত নাম সাঙোৰ খাইছিল আহমেদৰ।আনহাতে পৰিয়ালৰলোকে জনাইছে যে, আহমেদ এই কাণ্ডৰ লগতে জড়িত নাই আৰু সেইবাবে আত্মসমৰ্পন কৰিছে। কিন্তু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জেৰা চলোৱাৰ পাছতেই গ্ৰেপ্তাৰ কৰে তেওঁক।

এই ঘটনাৰ মূল অভিযুক্ত অভিজিত গগৈ ওৰফে আইচেং অসম বুলি সদৰি কৰিছে আৰক্ষীয়ে। এই ঘটনাত জড়িত আন সদস্যসকল অপহৰণৰ বাবে নিয়োগ কৰা বুলি দাবী কৰিছে আৰক্ষীয়ে। অভিযোগ অনুসৰি অভিজিত গগৈ ওৰফে আইচেং অসমে শিৱসাগৰৰ জয়সাগৰ পুখুৰীৰ পাৰত থকা চি আৰ পি এফ কেম্পত গ্ৰেনেড বিস্ফোৰণ কৰাৰ লগতে ১৫ আগষ্টত অসমৰ বিভিন্ন অঞ্চলত বোমা সংস্থাপন কৰা ঘটনাৰ সৈতেও জড়িত আছিল। এইগৰাকী আলফা (স্বা)ৰ সদস্য অন্য অপৰাধমূলক কামতো জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।

অ’ এন জি চি বিষয়া অপহৰণৰ বাবে পৰিকল্পনা কৰা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কেইজন হ’ল- ইৰ্শ্বাদ লতিফ ওৰফে মিঠু , পোনজান আলী পথৰ চফিকুল ৰহমান, চিন্তামণিগড়ৰ ত্ৰিনয়ন বাৰুৱতী, শিৱসাগৰ ৰিৰিয়া গাঁৱৰ মুবিন হাজৰিকা আৰু ডিব্ৰুগড় জিলাৰ খেলমাটিৰ ৰাহুল হাজৰিকা ওৰফে লাডেন। কিছুদিন পূৰ্বে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰাৰ সময়ত ৰাহুলক এনকাউন্টাৰ কৰিছিল আৰক্ষীয়ে। এনকাউন্টাৰত ভৰিত গুলী লগাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল তেওঁ।

এই ঘটনাৰ সৈতে জড়িত অভিযুক্ত তাহিৰুল হুছেইন নামৰ অ ’এন জি চিৰ সহকাৰী অভিযন্তা গৰাকীৰ লগতে আন কেইবাগৰাকীও আলফা স্বাধীনৰ সদস্য বৰ্তমান পলাতক অৱস্থাত আছে। আনহাতে জৰিফত আহমেদ, মুবিন হাজৰিকা, চফিকুল ৰহমান আৰু ত্ৰিনয়ন বাৰুৱতীক সোমবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Latest News