শিৱসাগৰৰ হাঁহচৰাত অ’এনজিচিৰ তেলৰ পাইপ ফুটি বিনষ্ট কৃষিভূমিঃ আতংকিত অঞ্চলবাসী

শিৱসাগৰৰ হাঁহচৰা অঞ্চলত থকা অ’এনজিচিৰ ডিমুৱাল জিজিএছ-1ত আজি তেলৰ পাইপ ফাটি কৃষিপথাৰত বিষাক্ত তেল-গেছ জমা হোৱাৰ ফলত অঞ্চলটোত এক আকংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। এফালে কৃষিভূমি বিনষ্ট হোৱাৰ সমান্তৰালকৈ এই তেল আৰু গেছ নিৰ্গত হোৱাৰ ফলত এক ভয়ংকৰ ঘটনাৰ আশংকাত আতংকিত হৈ পৰিছে স্থানীয় লোকসকল।

শিৱসাগৰৰ হাঁহচৰাত অ’এনজিচিৰ তেলৰ পাইপ ফুটি বিনষ্ট কৃষিভূমিঃ আতংকিত অঞ্চলবাসী

শিৱসাগৰত পুনৰ ফুটিল অ’এনজিচিৰ তেলৰ পাইপ

Published: 

29 Dec 2024 20:00 PM

শিৱসাগৰত পুনৰ ফুটিছে অ’এনজিচিৰ তেলৰ পাইপ। জিলাখনৰ হাঁহচৰা অঞ্চলত থকা অ’এনজিচিৰ ডিমুৱাল জিজিএছ-1ত আজি তেলৰ পাইপ ফাটি কৃষিপথাৰত বিষাক্ত তেল-গেছ জমা হোৱাৰ ফলত অঞ্চলটোত এক আকংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। এফালে কৃষিভূমি বিনষ্ট হোৱাৰ সমান্তৰালকৈ এই তেল আৰু গেছ নিৰ্গত হোৱাৰ ফলত এক ভয়ংকৰ ঘটনাৰ আশংকাত আতংকিত হৈ পৰিছে স্থানীয় লোকসকল।

স্থানীয় লোকসকলে তাৎক্ষণিকভাৱে এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে কৰ্তৃপক্ষক। স্থানীয় লোকৰ ভাষ্য অনুসৰি, হাঁহচৰাৰ ডিমুৱাল জিজিএছ-1 ৰ পৰা তৈলক্ষেত্ৰ সংযোগী তেল-গেছ পৰিবাহী পাইপ ফাটি লাটুম আৰু ঢেকেৰীৰ মাজৰ এখন কৃষি পথাৰত নিৰ্গত হৈছে বিষাক্ত তেল-গেছ ৷ বিস্তীৰ্ণ এলেকা জুৰি কৃষি পথাৰত বিৰিঙি উঠিছে খাৰুৱা তেল।

ইতিপূৰ্বে যোৱা ২৫ নৱেম্বৰত অ’এনজিচিৰ তেলৰ পাইপ ফুটাৰ ফলত দৰিকা নদীৰ উপৰিভাগত তেল-গেছৰ প্ৰলেপ দেখিবলৈ পোৱা গৈছিল। এই দৃশ্যই সমগ্ৰ অঞ্চলটোতে এক আতংকৰ সৃষ্টি কৰিছিল। এই ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই পুনৰ একে কাণ্ডই সংঘটিত হৈছে ডিমুৱাল জিজিএচৰ সন্মুখৰ কৃষি ভূমিত ৷

স্থানীয় লোকসকলে জানিবলৈ দিয়া মতে আজি বিগত কেইবাদিনো ধৰি লাটুম আৰু ঢেকেৰীৰ মাজৰ এখন কৃষি পথাৰত অ’এনজিচিৰ এডাল তেল-গেছ পৰিবাহী পাইপ ফাটি অহৰহ তেল-গেছ নিৰ্গত হোৱা দেখিবলৈ পোৱা গৈছিল। ইয়াৰ পিছতে ঘটনাৰ গুৰুত্ব বুজি স্থানীয় গাঁওৰক্ষী বাহিনী আৰু গাঁওপ্ৰধানে জিজিএচ কতৃপক্ষক এই বিষয়ে অৱগত কৰিছিল।

এই অভিযোগ লাভ কৰাৰ পিছত অ’এনজিচিৰ স্থায়ী আৰু অস্থায়ী কৰ্মচাৰীৰ এটা দলে ঘটনাস্থলী পৰিদৰ্শনো কৰে। কিন্তু ইয়াৰ বাদে ঘটনাৰ প্ৰতি অ’এনজিচিৰ কতৃপক্ষই বিশেষ গুৰুত্ব নিদিয়াৰ ফলত এইপৰ্যন্ত কৃষিভূমিত তেল-গেছ নিৰ্গত হৈ থকা দৃষ্টিগোচৰ হৈছে ৷ তেল আৰু গেছ জমা হোৱাৰ ফলত স্থানীয় লোকৰ এই কৃষিভূমি এতিয়া খেতিৰ অনুপযোগী হৈ পৰাৰ সম্ভাৱনাই দেখা দিছে।

লগতে এইদৰে তেল আৰু গেছ নিৰ্গত হৈ থাকিলে অনাগত দিনত উক্ত অঞ্চলত বাঘজান সদৃশ কোনো ভয়ানক বিপদৰ আশংকাও ব্যক্ত কৰিছে স্থানীয় লোকসকলে। ইফালে আজি এই ঘটপ্নাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত অ’এনজিচিৰ জ্যেষ্ঠ বিষয়াসহ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু এনে ঘটনা প্ৰতিৰোধ কৰাৰ বাবে যাৱতীয় কাৰ্যপন্থাৰ নিৰ্দেশ দিয়ে।

ডিমুৱাল তৈলক্ষেত্ৰত সঘনে এইদৰে অ’এনজিচিৰ তেল পৰিবাহী পাইপ ফুটা দেখিবলৈ পোৱা যায় বুলি অভিযোগ কৰিছে একাংশ স্থানীয় লোকে। মূলতঃ এই পাইপবোৰ বহু পুৰণি হোৱাৰ বাবেই সঘনে এনে কাণ্ড সংঘটিত হৈছে বুলি দাবী কৰিছে স্থানীয় লোকসকলে ৷

আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে দুপৰ টেঙাই, জানক কি কি আছে উপকাৰী গুণ...