5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

চুমিৰ নাই সন্ধান! বিহাৰৰ পৰা গ্ৰেপ্তাৰ তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰা…

অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনাৰ জাল পেলাই ১০০০ কোটি টকাৰো অধিক সম্পত্তিৰ মালিক হৈছিল চুমি- বিশাল। ধন বিনিময়ৰ নামত ৩০ শতাংশ লাভ দিয়াৰ  প্ৰলোভনেৰে চুমি- বিশালে এই প্ৰৱঞ্চনাৰ খেলখন খেলিছিল।

চুমিৰ নাই সন্ধান! বিহাৰৰ পৰা গ্ৰেপ্তাৰ তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰা…
আজিও সন্ধান পোৱা নাই ‘ৰীলছ ৰাণী’ চুমি বৰাৰ। আৰক্ষীৰ চকুত ধূলি দি এতিয়াও পলাতক প্ৰৱঞ্চক চুমী আৰু স্বামী তাৰ্কিক বৰা।
Follow Us
barasha-sarma
Barasha Sarma | Published: 11 Sep 2024 13:58 PM

আৰক্ষীৰ জালত পৰিল তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰা। অনলাইন ট্ৰেডিঙৰ ঘটনাৰে জড়িতৰ অভিযোগত পলায়ন কৰি থকা তাৰ্কিকৰ ভাতৃক বুধবাৰে আৰক্ষীয়ে বিহাৰৰ মুজাফ্ফৰপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ তথ্যৰ ভিত্তিত বিহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অম্লান বৰাক। অভিযোগ অনুসৰি অম্লান নামৰ যুৱকজনে তাৰ্কিক আৰু চুমিক পলায়ন কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিছিল। চুমি আৰু তাৰ্কিক নেপাললৈ পলাই যোৱাৰ সন্দেহ কৰা হৈছে।

তথ্য সংগ্ৰহৰ পাছতেই অম্লানৰ মোবাইলত লোকেশ্যনৰ সহায় লৈ তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। বৰ্তমান বিহাৰৰ আৰক্ষীৰ জিম্মাত থকা অম্লানক শীঘ্ৰেই অসমলৈ আনিব অসম আৰক্ষীয়ে। তাৰ পাছতহে অন্য খবৰ পোহৰলৈ আহিব। সূত্ৰ অনুসৰি জানিব পৰা মতে অম্লানৰ পৰা আৰক্ষীয়ে দুটাকৈ মোবাইল ফোন জব্দ কৰিছে। অৱশ্যে বৰ্তমান পৰ্যন্ত এই সন্দৰ্ভত আৰক্ষীয়ে নিশ্চিত তথ্য প্ৰকাশ কৰা নাই।

উল্লেখ্য যে, অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰে নাম সাঙোৰ খাইছিল চুমি বৰা আৰু তাৰ্কিক বৰাৰ।পাতি লোৱা ভায়েক বিশাল আটক হোৱাৰ পাছতেই চুমি আৰু তেওঁৰ স্বামী তাৰ্কিকে পলায়ন কৰিছিল। প্ৰথম অৱস্থাত তেওঁলোকে কণ্ঠশিল্পী দীক্ষুৰ ঘৰত আশ্ৰয় লৈছিল আৰু পৰৱৰ্তী সময়ত অন্য ঠাইলৈ পলায়ন কৰিছিল। চুমি আৰু তাৰ্কিকক আশ্ৰয় দিয়া আন দুজনকো আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে।

চুমি- তাৰ্কিকক বিচাৰি অসম আৰক্ষীৰ দলে অসমৰ লগতে মেঘালয়তো অভিযান চলাইছিল। কিয়নো মেঘালয়ৰ চেৰাপুঞ্জীতো আৰক্ষীয়ে চুমি বৰাৰ মোবাইলৰ লোকেশ্যন লাভ কৰিছিল। এই গোচৰৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ এছ আই টিও গঠন কৰা হৈছিল যিয়ে এতিয়া এই গোচৰৰ তদন্ত কৰি আছে।

কিছুদিন পূৰ্বে অভিনেত্ৰী চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাক MOST WANTED ঘোষণা কৰিছিল অসম আৰক্ষীৰ। চুমি- তাৰ্কিকৰ লগতে চুমিৰ ভাতৃ ৰাজীৱ বৰা আৰু বৌয়েক জিংকি মিলিকো MOST WANTED ঘোষণা কৰিছিল অসম আৰক্ষীয়ে। কিন্তু এতিয়ালৈকে এইসকলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

উল্লেখ কৰা প্ৰয়োজন যে, অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনাৰ জাল পেলাই ১০০০ কোটি টকাৰো অধিক সম্পত্তিৰ মালিক হৈছিল চুমি- বিশাল। ধন বিনিময়ৰ নামত ৩০ শতাংশ লাভ দিয়াৰ  প্ৰলোভনেৰে চুমি- বিশালে এই প্ৰৱঞ্চনাৰ খেলখন খেলিছিল। চুমিৰ যোগেদি বিশালৰ তাত বিনিয়োগ হৈছিল প্ৰায় ১০০ কোটি টকা। এই প্ৰৱঞ্চনাত চুমি, তাৰ্কিক, চুমিৰ ভাতৃ ৰাজীৱ, বোয়েক জিংকি মিলি আদিও জড়িত থকাৰ অভিযোগ আছে।

আৰক্ষীয়ে বিশালক গ্ৰেপ্তাৰ কৰিছে যদিও বাকীসকল এতিয়াও পলাতক অৱস্থাত আছে। এতিয়ালৈকে ৰাজ্যত ৪০ ৰো অধিকলোক গ্ৰেপ্তাৰ হৈছে যিয়ে অনলাইন ট্ৰেডিঙৰ নামত বছৰ বছৰ ধৰি গ্ৰাহকক লুটি আছে। পোহৰলৈ অহা তথ্য অনুসৰি বিশালে চুমিৰ কাপোৰ ক্ৰয় কৰাৰ নামতে বিনিয়োগ কৰিছিল কোটি কোটি টকা। ইমানেই নহয়, চুমিৰ ডেষ্টিনেশ্যন ৱেডিং, ভ্ৰমণ, ফ্লেট, মাটি আদিৰ ক্ষেত্ৰতো বিশালে কোটি কোটি টকা উৰুৱাইছিল। এই সমগ্ৰ  ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি আছে। পৰৱৰ্তী সময়ত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱণা আছে।

 

 

Latest News