হায় অসম আৰক্ষী! প্ৰায় ৮ দিন ধৰি পত্নী চুমি বৰাৰ লগত পিতৃৰ ঘৰত আছিল তাৰ্কিক বৰা... | online trading fraud case assam sumi borah and tarkik borah arrested Assam news - Assam Tv9

হায় অসম আৰক্ষী! প্ৰায় ৮ দিন ধৰি পত্নী চুমি বৰাৰ লগত পিতৃৰ ঘৰত আছিল তাৰ্কিক বৰা…

Updated On: 

12 Sep 2024 10:40 AM

যোৰহাটৰ কাছগৰালৰ এটা ঘৰত আত্মগোপন কৰি আছিল চুমি আৰু তাৰ্কিকে। বিগত প্ৰায় ৮ দিন ধৰি তাৰ্কিকৰ পিতৃৰ ঘৰত দুয়ো আশ্ৰয় লৈ আছিল। এই কথা চুমিয়ে স্বীকাৰ কৰিছে।

হায় অসম আৰক্ষী! প্ৰায় ৮ দিন ধৰি পত্নী চুমি বৰাৰ লগত পিতৃৰ ঘৰত আছিল তাৰ্কিক বৰা...

চুমি- তাৰ্কিক গ্ৰেপ্তাৰ

Follow Us On

অৱশেষত গ্ৰেপ্তাৰ হ’ল ম’ষ্ট ৱান্টেড চুমি বৰা আৰু তাৰ্কিক বৰা। অনলাই ট্ৰেডিং প্ৰৱঞ্চনাত নাম সাঙোৰ খোৱা অন্যতম দুই অভিযুক্তক বৃহস্পতিবাৰে পুৱা ৬ মান বজাত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।  ডিব্ৰুগড় পুঁথি ভৰালৰ সন্মুখতে এছ টি এফে দুয়োকে জিম্মাত লয়। জানিব পৰা মতে আজি দুয়োকে আদালতত  হাজিৰ কৰাব আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰাৰ পাছতেই প্ৰথমে ডিব্ৰুগড় আৰক্ষী অতিথিশালত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হয় চুমি- তাৰ্কিকক। তাৰ পাছতেই আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত ডিব্ৰুগড় আৰক্ষী থানালৈ অনা হয়।

বৰ্তমান ডিব্ৰুগড় আৰক্ষী থানাত জেৰা চলাই থকা হৈছে দুই অভিযুক্তক। আদালতত হাজিৰ কৰোৱা পাছত দুয়োকে নিজৰ জিম্মাত বিচাৰিব আৰক্ষীয়ে। চুমি বৰা আৰু তাৰ্কিক বৰাই আত্মসমৰ্পন কৰিছে নে আৰক্ষীয়ে নিজেই আটক কৰি গ্ৰেপ্তাৰ কৰিছে সেই কথা এতিয়াও স্পষ্টকৈ জনোৱা নাই আৰক্ষীয়ে। এই সন্দৰ্ভত আৰক্ষীয়ে কৈছে যে, এছ টি এফে চুমি আৰু তাৰ্কিক বৰাক গ্ৰেপ্তাৰ কৰাৰ পাছত ডিব্ৰুগড় আৰক্ষীক গতাই দিছে। জেৰাৰ অন্ততহে সকলো কথা পোহৰলৈ আহিব ।

জানিব পৰা মতে যোৰহাটৰ কাছগৰালৰ এটা ঘৰত আত্মগোপন কৰি আছিল চুমি আৰু তাৰ্কিকে। বিগত প্ৰায় ৮ দিন ধৰি তাৰ্কিকৰ পিতৃৰ ঘৰত দুয়ো আশ্ৰয় লৈ আছিল। এই কথা চুমিয়ে স্বীকাৰ কৰিছে যদিও এতিয়ালৈকে আৰক্ষীয়ে ইয়াৰ স্পষ্টীকৰণ দিয়া নাই। এই ঘৰতে চুমি- তাৰ্কিকৰ বিয়া হৈছিল আৰু গাঁৱৰলোকক বিয়াৰ খানা দিছিল । এই ঘৰটোত এতিয়া তাৰ্কিকৰ আত্মীয়ই ৰখীয়া হিচাপে থাকে। এই ঘৰটোত চুমি আৰু তাৰ্কিকে লুকাই  থকাৰ কথা অস্বীকাৰ কৰিছে আত্মীয়ই। লগতে জনাই যে আৰক্ষীয়ে চুমি- তাৰ্কিক বিচাৰি কেতিয়াও এই ঘৰত যোৱা নাছিল।

উল্লেখ্য যে, বিগত প্ৰায় ১০ দিন ধৰি আৰক্ষীয়ে চুমি- তাৰ্কিকক বিচাৰি অভিযান চলাইছিল। অসমৰ বিভিন্ন স্থানৰ লগতে মেঘালয়তো আৰক্ষীয়ে অভিযান চলাইছিল। কিন্তু যোৰহাটতে আত্মগোপন কৰি থকা চুমি- তাৰ্কিক বিচাৰি উলিয়াব নোৱাৰা কথাটোৱে অসম আৰক্ষীৰ ব্যৰ্থতাক প্ৰতিফলিত কৰিছে। স্মাৰ্ট আৰক্ষী বুলি দাবী কৰা আৰক্ষীয়ে বিচাৰি উলিয়াবলৈ সক্ষম নহ’ল চুমি আৰু তাৰ্কিকক।

বুধবাৰে চুমিয়ে এটা ভিডিঅ’ৰ জৰিয়তে জনাইছিল যে তেওঁ আত্মসমৰ্পন কৰিব। অভিযোগ কৰি চুমিয়ে কৈছিল যে সংবাদ মাধ্যমত তেওঁৰ হৈ অপপ্ৰচাৰ চলিছে যাৰ বাবে তেওঁ মানসিকভাৱে ভাগি পৰিছে। ইমান দিনে তেওঁ কিবা ক’বলৈ মানসিকভাৱে প্ৰস্তুত নাছিল বাবে লুকাই আছিল।

উল্লেখ্য যে, বিশাল ফুকনৰ হাজাৰ কোটি টকীয়া কেলেংকাৰীত নাম সাঙোৰ খাইছে চুমি বৰা। বিশাল আৰু পাতি লোৱা বায়েক চুমিয়ে মিলি বহু মানুহক ৰাম ঠগন দি  সম্পত্তিৰ এক বিশাল পাহাৰ গঢ়িছিল। চুমিৰ যোগেদি বিশালৰ তাত বিনিয়োগ হৈছিল প্ৰায় ১০০ কোটি টকা। চুমি আৰু বিশালৰ নামৰ দুই ধুৰন্ধৰে অনলাইন ট্ৰেডিঙৰ নাম লৈ গ্ৰাহকৰ পৰা টকা লুটিছিল। কিছুদিন পূৰ্বে  আৰক্ষীয়ে বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ  পাছতেই চুমি-বিশালৰ এই কলা অধ্যা পোহৰলৈ আহিছিল। পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱণা আছে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version