অৱশেষত আত্মসমৰ্পন! আৰক্ষীয়ে বিচাৰি ফুৰিছিল মেঘালয়ত, চুমি আছিল টীয়কত... | online trading fraud case assam sumi borah may surrender assam Assam news - Assam Tv9

অৱশেষত আত্মসমৰ্পন! আৰক্ষীয়ে বিচাৰি ফুৰিছিল মেঘালয়ত, চুমি আছিল টীয়কত…

Updated On: 

12 Sep 2024 08:19 AM

পাতি লোৱা ভায়েক বিশালৰ লগত মিলি চুমি বৰাই বহু মানুহক ঠগ কৰি কোটি কোটি টকাৰ মালিক হৈছিল। চুমিৰ ভ্ৰমণ, পিন্ধা- খোৱা, ঘৰ, মাটি আদিৰ নামত বিশালে কোটি কোটি টকা খৰচ কৰিছিল।

অৱশেষত আত্মসমৰ্পন! আৰক্ষীয়ে বিচাৰি ফুৰিছিল মেঘালয়ত, চুমি আছিল টীয়কত...

অৱশেষত আত্মসমৰ্পন! আৰক্ষীয়ে বিচাৰি ফুৰিছিল মেঘালয়ত, চুমি আছিল টীয়কত…

Follow Us On

অৱশেষত আৰক্ষীৰ হাতত ধৰা পৰিল চুমি বৰা আৰু তাৰ্কিক বৰা। আত্মসমৰ্পন কৰিলে ৰাজ্যত সংঘটিত হোৱা অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ অন্যতম দুই অভিযুক্তই। বিগত ১০ টা দিন অসম আৰক্ষীয়ে চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাক বিচাৰি অভিযান চলাই আছিল যদিও তেওঁলোকক বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাছিল। বুধবাৰে সংবাদ মাধ্যমলৈ ভিডিঅ’ প্ৰেৰণ কৰি চুমিয়ে নিজেই কৈছিল যে তেওঁ আত্মসমৰ্পন কৰিব বিচাৰে। ইমানদিন মানসিকভাৱে তেওঁ প্ৰস্তুত নাছিল বাবে লুকাই আছিল বুলিও তেওঁ জনায়। সেই অনুসৰিয়েই চুমি আৰু তাৰ্কিকে অৱশেষত আত্মসমৰ্পন কৰে।

যোৱা প্ৰায় ১০ টা দিন ধৰি অসম আৰক্ষীৰ বিশেষ দলে অসমৰ লগতে চুুবুৰীয়া ৰাজ্য মেঘালয়তো চুমি- তাৰ্কিকক বিচাৰি অভিযান চলাইছিল। একাংশই কৈছিল যে নেপাললৈ পলাই গৈছে চুমি বৰা। কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি টীয়কত আত্মগোপন কৰি আছিল চুমি বৰা আৰু তাৰ্কিক বৰাই। এই ঘটনা পোহৰলৈ অহাৰ পাছতে অসম আৰক্ষীৰ বিফলতাৰ আন এক স্বৰূপ পোহৰলৈ আহিছে।

স্মাৰ্ট অসম আৰক্ষীয়ে বিচাৰি উলিয়াবলৈ সক্ষম নহ’ল বৰাক। লগতে এতিয়াও পলাতক অৱস্থাত আছে চুমি বৰাৰ ভাতৃ ৰাজীৱ বৰা আৰু বৌয়েক জিংকি মিলি। এইবোৰ বিষয়ে অসম আৰক্ষীৰ ব্যৰ্থতাৰ আন এটা দিশ উদঙাই দিছে। অৱশ্যে চুমি বৰা যে টীয়কত আছিল সেই সন্দৰ্ভত এতিয়ালৈকে স্পষ্টীকৰণ দিয়া নাই আৰক্ষীয়ে।

মন কৰিবলগীয়া যে, বুধবাৰে আৰক্ষীয়ে বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল তাৰ্কিকৰ ভাতৃ অম্লান বৰাক। অভিযোগ অনুসৰি অম্লানে চুমি আৰু তাৰ্কিক পলায়ন কৰাত সহায় কৰিছিল। অম্লানক গ্ৰেপ্তাৰ কৰাৰ পাছতেই চুমি বৰা পোহৰলৈ আহি আত্মসমৰ্পন কৰাৰ কথা কৈছিল। সেই অনুসৰিয়েই দুয়ো আত্মসমৰ্পন কৰে। এই সন্দৰ্ভত অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ছ’চিয়েল মিডিয়াত এক পোষ্টো কৰিছে।

 

উল্লেখ্য যে, অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ গোচৰত নাম সাঙোৰ খাই পৰিছিল চুমি বৰাৰ। অভিযোগ অনুসৰি পাতি লোৱা ভায়েক বিশালৰ লগত মিলি চুমি বৰাই বহু মানুহক ঠগ কৰি কোটি কোটি টকাৰ মালিক হৈছিল। চুমিৰ ভ্ৰমণ, পিন্ধা- খোৱা, ঘৰ, মাটি আদিৰ নামত বিশালে কোটি কোটি টকা খৰচ কৰিছিল। বিশাল আৰু চুমিৰ ওচৰত নাছিল কি। বিলাসীতাৰ অন্য এক নাম যেন চুমি আৰু বিশাল।

কিছুদিন পূৰ্বে বিশাল ফুকন নামৰ যুৱকজন গ্ৰেপ্তাৰ হৈছিল যদিও চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰা পলাতক অৱস্থাত আছিল। পৰৱৰ্তী সময়ত আৰক্ষীয়ে তেওঁলোকক ম’ষ্ট ৱান্টেড ঘোষণা কৰিছিল। চুমি- তাৰ্কিক গ্ৰেপ্তাৰ হোৱাৰ পাছতেই এই ঘটনাৰ আৰু বহু দিশ পোহৰলৈ অহাৰ সম্ভাৱণা আছে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version