5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

চুমিয়ে কৰিব আত্মসমৰ্পন! ক’লে, মই মানসিকভাৱে ভাগি পৰিছো, VIDEO ভাইৰেল…’

চুমিয়ে কয় যে, মই ইমান দি পলাই নাছিলো, কেৱল লুকাই আছিলো। মই অলপ অকলে থাকিব বিচাৰিছিলো। কিন্তু এতিয়া বহুত অপপ্ৰচাৰ হৈ গৈছে। গোচৰটো আছিল ট্ৰেডিং প্ৰৱঞ্চনাৰ কিন্তু এতিয়া এই মই কেন্দ্ৰিক হৈ পৰিছে।

চুমিয়ে কৰিব আত্মসমৰ্পন! ক’লে, মই মানসিকভাৱে ভাগি পৰিছো, VIDEO ভাইৰেল…’
চুমি বৰা আত্মসমৰ্পন
Follow Us
barasha-sarma
Barasha Sarma | Published: 11 Sep 2024 18:30 PM

পলাই পলাই ভাগৰি পৰা চুমি বৰাৰ অৱশেষত আত্মপ্ৰকাশ ঘটিল। বুধবাৰে আত্মসমৰ্পন কৰিব মোষ্ট ৱান্টেড চুমি বৰাই। এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে এই কথা জনাই ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ লগত নাম সাঙোৰ খাই থকা চুমি বৰাই। ভিডিঅ’টোত চুমিয়ে কয় যে তেওঁ ইমানদিনে লুকাই আছিল, পলাই থকা নাছিল। সংবাদ মাধ্যমৰ বাতৰি চাই তেওঁ মানসিকভাৱে ভাগৰি পৰি অকলে থাকিব বিচাৰিছিল। ইয়াৰোপৰি সকলো অভিযোগ সঁচা নহয় বুলি কয় চুমি বৰাই।

তেওঁ কয় যে, “বহুত দিনৰ পৰা আপোনালোকে মোৰ বহুত বাতৰি শুনি আছে। এয়া অপপ্ৰচাৰ চলিছে। যি বাতৰি প্ৰচাৰ হৈছে তাৰ ১০ শতাংশও শুদ্ধ নহয়। মই ইমানদিনে মাত মাতিব পৰা নাই কিয়নো মানসিকভাৱে ভাগি পৰিছিলো মই। মানসিকভাৱে প্ৰস্তুত নাছিলো যে মই কিবা এটা কম। যাৰ বাবে যেনেকৈ তেনেকৈ ৭ দিন কটালো। বহু অপপ্ৰচাৰ চলাইছে, বহুতত নাম সাঙোৰ খাইছে মোৰ। ন্যায়ালয়ৰ পূৰ্বে একাংশ সংবাদ মাধ্যমে মোক ফাঁচী দিছে। মোক দোষী বুলি কৈছে”।

চুমিয়ে কয় যে,” মই ইমান দি পলাই নাছিলো, কেৱল লুকাই আছিলো। মই অলপ অকলে থাকিব বিচাৰিছিলো। কিন্তু এতিয়া বহুত অপপ্ৰচাৰ হৈ গৈছে। গোচৰটো আছিল ট্ৰেডিং প্ৰৱঞ্চনাৰ কিন্তু এতিয়া এই মই কেন্দ্ৰিক হৈ পৰিছে। মই আজি আত্মসমৰ্পন কৰিম আৰু আৰক্ষীক সকলো প্ৰকাৰৰ সহযোগিতা কৰিম। কোনো তথ্য নোহোৱাকৈ সকলোৱে যি মন তাকেই কৈ আছে। তথ্য নোহোৱাকৈ বাতৰি নকৰে বুলি ভাবিছিলো। কিন্তু মোৰ সন্মান উলংঘা কৰা হ’ল। সকলোৰে এটা সীমা থাকে। এতিয়া আৰু ধৈৰ্যৰ সীমা শেষ হৈ গৈছে। তথ্য চাইহে ন্যায়ালয়ে মোৰ বিষয়ে ৰায় দিব। তথ্যই ক’ব যে মই দোষী নহয়”। চুমিয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এই ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে, অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ নামত নাম সাঙোৰ খাই পৰিছিল চুমি বৰাৰ। প্ৰৱঞ্চক বিশাল ফুকন গ্ৰেপ্তাৰ হোৱাৰ পাছতেই চুমি আৰু তেওঁৰ স্বামী তাৰ্কিক বৰা পলাতক অৱস্থাত আছিল। অভিযোগ অনুসৰি চুমি আৰু বিশালে হাজাৰ হাজাৰ কোটি টকাৰ প্ৰৱঞ্চনা কৰিছিল।  কম টকাৰ বিনিময়ত চুমি- বিশালে বহু লোকক প্ৰৱঞ্চনা কৰিছিল।

এনেকৈয়ে চুমি আৰু বিশালে মিলি বিশাল সম্পত্তিৰ পাহাৰ গঢ়িছিল।  তথ্য অনুসৰি বিশালে পাতি লোৱা বায়েক চুমিৰ নামত কোটি কোটি টকা খৰচ কৰিছিল। চুমিৰ ডেষ্টিনেশ্যন ৱেডিঙৰ নামত বিশালে প্ৰায় ৩ কোটি টকা খৰচ কৰিছিল। ইয়াৰোপৰি চুমি কাপোৰ কিনা, ভ্ৰমণ, ঘৰ, মাটি, গাড়ী আদিৰ নামত বিশালে কোটি কোটি টকা উৰুৱাইছিল। পাতি লোৱা বায়েকক ২ লাখ টকীয়া টেডী বেয়াৰ উপহাৰ দিয়াৰ লগতে হীৰাৰ আঙুঠিও দিছিল। মুঠতে বিশাল আৰু চুমিৰ আখ্যান দীঘলীয়া। চুমি বৰা গ্ৰেপ্তাৰ হোৱাৰ পাছত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱণা আছে।

Latest News