গ্ৰাহকক লুটি কোটিপতি হোৱা স্বপ্ননীলৰ অফিচ ছীল, চুমিৰ নাই কোনো সন্ধান... | online trading fraud case swapnanil das office sealed sumi borah run away assam Assam news - Assam Tv9

গ্ৰাহকক লুটি কোটিপতি হোৱা স্বপ্ননীলৰ অফিচ ছীল, চুমিৰ নাই কোনো সন্ধান…

Published: 

04 Sep 2024 11:31 AM

গ্ৰেপ্তাৰ হোৱা আন এজন প্ৰৱঞ্চক স্বপ্ননীল দাসৰ বিৰুদ্ধেও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। জেৰাৰ অন্তত আৰক্ষীয়ে স্বপ্ননীলৰ গুৱাহাটী আৰু শিৱসাগৰস্থিত কাৰ্যালয় ছীল কৰিছে।

গ্ৰাহকক লুটি কোটিপতি হোৱা স্বপ্ননীলৰ অফিচ ছীল, চুমিৰ নাই কোনো সন্ধান...

বিশাল, চুমি, স্বপ্ননীল

Follow Us On

এজনৰ পাছত আন এজন প্ৰৱঞ্চক পৰিছে অসম আৰক্ষীৰ জালত। অনলাইন ট্ৰেডিঙৰ নামত গ্ৰাহকৰ পৰা লাখ লাখ টকা লুটি বিলাসী জীৱন কটোৱা একাংশ এতিয়া ৰঙাঘৰৰ আলহী।বিশাল ফুকন, স্বপ্ননীল দাসৰ পাছতে মঙলবাৰে নিশা ৰঞ্জিৎ কাকতি নামৰ আন এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ট্ৰেডিং FX নামৰ এটা প্ৰতিষ্ঠান খুলি গ্ৰাহকৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ কাকতিৰ বিৰুদ্ধে। এনে প্ৰৱঞ্চনাৰ জাল পেলাই গ্ৰাহকক লুটা প্ৰায় ২৬ প্ৰৱঞ্চকক এতিয়ালৈকে আটক কৰিছে আৰক্ষীয়ে।

আনহাতে প্ৰৱঞ্চনাৰ জাল পেলোৱাত বিশাল ফুকনক সহায় কৰা তেওঁৰ সহযোগী তথা অভিনেত্ৰী- নৃত্যশিল্পী চুমি বৰাক বিচাৰি এতিয়াও আৰক্ষীৰ অভিযান অব্যাহত ৰাখিছে। বিশাল ফুকন আৰক্ষীৰ জালত পৰাৰ পাছতেই মোবাইল চুইটছ অফ কৰি অন্তৰ্ধান হৈছিল চুুমি বৰা। তেতিয়াৰ পৰা চুমিক বিচাৰি আৰক্ষীয়ে বিভিন্ন ঠাইত অভিযান চলাইছে যদিও এতিয়ালৈকে পোৱা নাই কোনো সন্ধান। চুমিৰ ডিব্ৰুগড়স্থিত বাসগৃহতো আৰক্ষী উপস্থিত হৈছিল যদিও তাতো চুমিৰ নাই কোনো সম্ভেদ। একাংশৰ মতে বিপদৰ সম্ভেদ পাই চুমিয়ে বহিঃ দেশলৈ পলায়ন কৰিছে।

গ্ৰেপ্তাৰ হোৱা আন এজন প্ৰৱঞ্চক স্বপ্ননীল দাসৰ বিৰুদ্ধেও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। জেৰাৰ অন্তত আৰক্ষীয়ে স্বপ্ননীলৰ গুৱাহাটী আৰু শিৱসাগৰস্থিত কাৰ্যালয় ছীল কৰিছে। ইয়াৰ লগতে জালুকবাৰীৰ পৰা স্বপ্ননীলৰ মাৰ্চিডিছ বাহনখনো জব্দ কৰিছে আৰক্ষীয়ে। ইয়াৰ পূৰ্বে স্বপ্ননীলৰ কোটি টকীয়া আন দুখন বাহন জব্দ কৰিছিল আৰক্ষীয়ে।

উল্লেখ কৰা প্ৰয়োজন যে, বিশাল, স্বপ্ননীল আদিৰ দৰে যুৱকসকলে কম ধনৰ বিনিয়মত বেছি ধন লাভৰ লোভ দেখুৱাই গ্ৰাহকৰ পৰা টকা লুটে। তথ্য অনুসৰি ২২ বছৰীয়া যুৱক বিশালৰ ওচৰত আছে প্ৰায় ২০০০ কোটি টকা, ইয়াৰ বিপৰীতে স্বপ্ননীল নামৰ আন এজন যুৱকো কোটি কোটি টকাৰ মালিক। এই যুৱক  কেইজনৰ বিলাসীকতাৰ কোনো অন্ত নাই।

বিশাল ফুকন চুমি বৰাৰ পাতি লোৱা ভায়েক। আনাহাতে বিশালৰ আছে ৪ টাকৈ কোম্পানী। ইয়াৰে ক্ৰিছেলিয়া ফাৰ্মাচিউটিচকেল কোম্পানীটো বিশালে ৫ মাৰ্চত পঞ্জীয়ন কৰিছিল।  এই কোম্পানীটোত আছিল ৩ গৰাকীকৈ সঞ্চালক।  তেওঁলোক ক্ৰমে- ৰাজীৱ বৰা, বিশাল ফুকন আৰু জিংকী মিলি। ইয়াৰে ৰাজীৱ পৰা নৃত্য শিল্পী চুমি বৰাৰ জ্যেষ্ঠ ভাতৃ আৰু জিংকী মিলি ৰাজীৱৰ পত্নী।

কেইমাহমান পূৰ্বে অসমত এখন বিশেষ বিয়া চৰ্চাত আছিল। চুমি বৰা নামৰ নৃত্যশিল্পীগৰাকীয়ে উদয়পুৰত পাতিছিল ডেষ্টিনেশ্যন ৱেডিং। এই বিয়াৰ প্ৰায় সমস্ত খৰচ বহন কৰিছিল বিশালে। প্ৰায় ১ কোটিৰো অধিক টকা বিশালে পাতি লোৱা বায়েকৰ বিয়াত উৰুৱাইছিল।  কেৱল ইমানেই নহয়, বিশাল নামৰ যুৱকজনৰ আছে নিজা প্ৰডাকছন হাউচ। মুঠতে কৈ শেষ কৰিব নোৱাৰি বিশালৰ বিলাসীকতা।

ইয়াৰ বিপৰীতে স্বপ্ননীলে অসমৰ কেইবাঠাইত কাৰ্যালয় খুলি ৰাখিছিল। বিলাসী বাহনত ঘূৰি তেওঁ গ্ৰাহকক আকৰ্ষিত কৰাৰ চেষ্টা কৰি নিজৰ জেপ মোটা কৰিছিল। এনেদৰে গ্ৰাহকক ঠগাই তেওঁ কোটি কোটি টকাৰ মালিক হৈছিল। গুৱাহাটীত ফ্লেট, কেইবাখন বিলাসী বাহনৰ লগত বহু কোটি টকা সম্পত্তিৰ মালিক স্বপ্ননীল। বৰ্তমান এই কেইজন প্ৰৱঞ্চক আৰক্ষীৰ ৰঙাঘৰৰ আলহী যদিও পলাই ফুৰিছে চুমি বৰা।

ছেবিৰ নিয়ম অনুসৰি স্বপ্ননীলে যি ধৰণৰ প্ৰতিশ্ৰুতি দিছিল সেয়া এক অৰ্থনৈতিক অপৰাধ। বিভিন্ন সময়ত এই ক্ষেত্ৰত ছেবিয়ে জনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰি আহিছে। এই সন্দৰ্ভত ছেবিয়ে নিৰ্দেশনাও জাৰি কৰিছে। মিউছুৱেল ফাণ্ডৰ ক্ষেত্ৰত ছেবিয়ে মিউছুৱেল ফাণ্ড ৰেগুলেছন ১৯৯৬ ৰ আধাৰত এক সংশোধিত জাননী ইতিমধ্যে প্ৰকাশ কৰিছে। যিখন জাননীৰ নম্বৰ SEBI/HO/IMD/DF2/CIR/P/2020/175 dated September 17, 2020। আনহাতে প’ৰ্টফ’লিয় মেনেজাৰ ৰেগুলেছন ২০২০ৰ জাননী নম্বৰ SEBI/HO/IMD/DF1/CIR/P/2019/169 dated December 13, 2019 প্ৰকাশ কৰিছিল অল্টাৰনেটিভ ইনভেষ্টমেণ্ট ফাণ্ডছৰ ক্ষেত্ৰত। কালেক্টিভ ইনভেষ্টমেণ্টছ স্কিম ৰেগুলেছন ১৯৯৯ ৰ অধীনত ছেবিয়ে প্ৰকাশ কৰা আন এখন জাননীও গুৰুত্বপূৰ্ণ। যিখন জাননীৰ নম্বৰ SEBI/HO/IMD/DF6/CIR/P/2020/24 dated February 5, 2020।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version