5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

CBIৰ গোচৰত চুমি বৰালৈ জামিন! কেতিয়া মুকলি আকাশৰ তললৈ আহিব চুমি?

গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন।প্ৰদান কৰিলে চুমিক। কিন্তু জামিন পালেও কাৰাবন্দী হৈ থাকিব লাগিব চুমি। এতিয়াও মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হোৱা নাই চুমি বৰাৰ।

CBIৰ গোচৰত চুমি বৰালৈ জামিন! কেতিয়া মুকলি আকাশৰ তললৈ আহিব চুমি?
CBIৰ অন্তিমটো গোচৰত জামিন পালে চুমি বৰাই
trishna-kalita
Trishna Kalita | Updated On: 19 Dec 2024 13:07 PM

CBIৰ অন্তিমটো গোচৰত জামিন লাভ চুমি বৰাৰ। ডিব্ৰুগড় থানাৰ 352/24 নম্বৰ গোচৰত জামিন লাভ। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন।প্ৰদান কৰিলে চুমিক। কিন্তু জামিন পালেও কাৰাবন্দী হৈ থাকিব লাগিব চুমি। এতিয়াও মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হোৱা নাই চুমি বৰাৰ।

ট্ৰেডিং কেলেংকাৰিৰ গোচৰত কাৰাবন্দী হৈ আছে চুমি। ট্ৰেডিং কেলেংকাৰিত চুমিৰ বিৰুদ্ধে ৰুজু হৈ আছে আন দুটা গোচৰ। বৰবৰুৱা থানা আৰু দুলীয়াজান থানাত ৰুজু হৈ আছে গোচৰ। সেই দুটা গোচৰত জামিন লাভ কৰা নাই চুমি বৰাই। গতিকে জামিন লাভৰ পাছতো জে’লতে থাকিব লাগিব চুমি।

দীৰ্ঘদিন ধৰি কাৰাগাৰত থকাৰ পাছত কিছুদিন জামিন লাভ কৰিছিল অনলাইন ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত বিশাল ফুকন, তাৰ্কিক বৰা আৰু স্বপ্ননীল দাসে। শুনানি গ্ৰহণ কৰি এই তিনিওজনৰে জামিন মঞ্জুৰ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে। ইয়াৰ পূৰ্বে অনলাইন ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত চুমি বৰাৰ জামিন আবেদন কেইবাবো নাকচ কৰিছিল ন্যায়ালয়ে। আটাইকেইজন ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্তক বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছে।

উল্লেখ্য যে, ৰাজ্যত সংঘটিত হৈ আহিছে অনলাইন ট্ৰেডিঙৰ ভয়ংকৰ কেলেংকাৰী। কম টকাৰ বিনিময়ত অধিক লাভৰ প্ৰলোভন দি বহু লোকৰ পৰা হাজাৰ কোটি টকা লুট কৰিছিল বিশাল ফুকন, চুমি বৰা, তাৰ্কিক বৰা, স্বপ্ননীল দাস আদিয়ে। তথ্য অনুসৰি  ২২ বছৰীয়া বিশাল ফুকন প্ৰায় ২০০০ কোটি টকাৰ মালিক। গ্ৰাহকৰ পৰা সংগ্ৰহ কৰা কোটি কোটি ধনেৰে বিলাসী জীৱন কটোৱা এই সকলে নিজৰ বাবে কৰি লৈছিল হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তি। কেৱল নিজৰ লগতে নহয়,পৰিয়াল, আত্মীয়-বৰ্গ, বন্ধু আদি সকলোৰে নামত এই ধন খৰচ কৰিছিল। চুমিয়ে বিশালক এজেন্ট আনি দিয়াত সহায় কৰিছিল আৰু চুমিৰ ককায়েক- বোয়েকো এই প্ৰৱঞ্চনাত প্ৰত্যক্ষভাৱে জড়িত আছিল।

এই প্ৰৱঞ্চনাৰ তথ্য লাভৰ পাছতে সষ্টম হৈ পৰিছিল অসম আৰক্ষী। প্ৰথমে প্ৰেপ্তাৰ কৰা হৈছিল চুমি বৰাৰ পাতি লোৱা ভায়েক বিশাল ফুকনক। এই খবৰ লাভৰ পাছৰে পৰা স্বামী তাৰ্কিকসহ সন্ধানহীন হৈ আছিল চুমি। অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে চুমি আৰু তাৰ্কিক বৰাই।

তাৰ পাছত ট্ৰেডিং কেলেংকাৰীৰ গোচৰ হস্তান্তৰ কৰা হয় CBIলৈ । গোচৰ হস্তান্তৰৰ পাছত ১১ হাজাৰ কোটিটকীয়া ট্ৰেডিং কেলেংকাৰীক লৈ CBI-এ আৰম্ভ কৰে ৪১টাকৈ গোচৰৰ তদন্ত। ইয়াৰ ভিতৰত আছে দীপাংকৰ বৰ্মন, বিশাল ফুকন, চুমি বৰা, তাৰ্কিক বৰা, ৰঞ্জিত কাকতি, মহম্মদ ছাকিৰ আৰু ৰাজদ্বীপ দেৱ।

Latest News