অধিক ধন লাভৰ আশা! এইবাৰ দিছপুৰ আৰক্ষীৰ জালত প্ৰৱঞ্চক স্বপ্ননীল দাস…

স্বপ্ননীলে এক প্ৰকাশ বিনিয়োগকাৰীসকলক প্ৰলোভন দি টকা আত্মসাৎ কৰিছিল।  প্ৰথম অৱস্থাত তেওঁ গ্ৰাহকক কিছু টকা দি বিশ্বাসত আনিছিস আৰু পাছত বেছি টকা বিনিয়োগ কৰাৰ কথা কৈছিল। এই টকাৰে এটা বিলাসী জীৱন চলাই আছিল স্বপ্ননীলে।

অধিক ধন লাভৰ আশা! এইবাৰ দিছপুৰ আৰক্ষীৰ জালত প্ৰৱঞ্চক স্বপ্ননীল দাস...

স্বপ্ননীল দাস

Updated On: 

03 Sep 2024 12:10 PM

এজনৰ পাছত আন এজন প্ৰৱঞ্চক পৰিছে অসম আৰক্ষীৰ জালত। বিশাল ফুকনৰ পাছতেই অনলাইন ট্ৰেডিঙৰ নামত ধন ঘটি বিলাসী জীৱন কটোৱা আন এজন যুৱক এতিয়া আৰক্ষীৰ জালত। শ শ মানুহৰ কোটি কোটি টকা লুণ্ঠণ কৰি সম্পত্তিৰ পাহাৰ গঢ়া স্বপ্ননীল দাসক সোমবাৰে পুৱতি নিশা আটক কৰে আৰক্ষীয়ে। স্বপ্ননীলৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই সোমবাৰে দিছপুৰ আৰক্ষীয়ে তেওঁৰ গুৱাহাটীৰ ফ্লেটত অভিযান চলাই দুখন বিলাসী বাহন জব্দ কৰিছিল।  ইয়াৰ লগতে তেওঁৰ পৰা আৰক্ষীয়ে বিভিন্ন নথি- পত্ৰ জব্দ কৰি জেৰা চলাই আছে।

মন কৰিবলগীয়া যে, ট্ৰেডিং এপত ধন বিনিয়োগৰ নামত স্বপ্ননীলে বিভিন্ন জনৰ পৰা লুটিছিল লাখ লাখ টকা। যাৰ ফলত তেওঁ গুৱাহাটীত ফ্লেট, দুখনকৈ কোটি টকীয়াৰ গাড়ী কিনিবলৈও সক্ষম হৈছিল। এই বিলাসী গাড়ীতেই অসমৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছিল স্বপ্ননীল। মন কৰিবলগীয়া যে, স্বপ্ননীলৰ দৰে যুৱকসকলে কোটিটকীয়া গাড়ীত ঘূৰি জনসাধাৰণক তেওঁৰ টকাৰ প্ৰতি আকৰ্ষিত কৰিব বিচাৰে। তাৰ পাছতেই ট্ৰেডিঙৰ জৰিয়তে টকা ঘটা কেনেকৈ সম্ভৱ সেই সন্দৰ্ভত মানুহৰ আগত এখন জাল পেলায়। স্বপ্ননীলে পেলোৱা এই প্ৰৱঞ্চনাৰ জালত এনেকৈয়ে পৰিছে বহুতো আৰু সহজে ধন লাভৰ আশাত বিনিয়োগ কৰিছিল লাখ লাখ টকা।

অভিযোগ অনুসৰি, স্বপ্ননীলে এক প্ৰকাৰ বিনিয়োগকাৰীসকলক প্ৰলোভন দি টকা আত্মসাৎ কৰিছিল।  প্ৰথম অৱস্থাত তেওঁ গ্ৰাহকক কিছু টকা দি বিশ্বাসত আনিছিল আৰু পাছত বেছি টকা বিনিয়োগ কৰাৰ কথা কৈছিল। এই টকাৰে এটা বিলাসী জীৱন চলাই আছিল স্বপ্ননীলে। বিলাসী বাহন, ফ্লেটৰ লগতে বিদেশত অৱসৰ বিনোদন কৰিছিল স্বপ্ননীলে। গুৱাহাটী স্বপ্ননীলৰ কোনো এটা অফিচ থকাৰ  লগতে একাংশ ইউটিউবৰ সহায় লৈ তেওঁ এই প্ৰৱঞ্চনাৰ জালখন বৃদ্ধি কৰি নিছিল। আৰক্ষীৰ জেৰাৰ অন্তত পোহৰলৈ আহিব তেওঁৰ এই প্ৰৱঞ্চনাৰ জালখন কিমান দীঘলীয়া।

ছেবিৰ নিয়ম অনুসৰি স্বপ্ননীলে যি ধৰণৰ প্ৰতিশ্ৰুতি দিছিল সেয়া এক অৰ্থনৈতিক অপৰাধ। বিভিন্ন সময়ত এই ক্ষেত্ৰত ছেবিয়ে জনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰি আহিছে। এই সন্দৰ্ভত ছেবিয়ে নিৰ্দেশনাও জাৰি কৰিছে। মিউছুৱেল ফাণ্ডৰ ক্ষেত্ৰত ছেবিয়ে মিউছুৱেল ফাণ্ড ৰেগুলেছন ১৯৯৬ ৰ আধাৰত এক সংশোধিত জাননী ইতিমধ্যে প্ৰকাশ কৰিছে। যিখন জাননীৰ নম্বৰ SEBI/HO/IMD/DF2/CIR/P/2020/175 dated September 17, 2020। আনহাতে প’ৰ্টফ’লিয় মেনেজাৰ ৰেগুলেছন ২০২০ৰ জাননী নম্বৰ SEBI/HO/IMD/DF1/CIR/P/2019/169 dated December 13, 2019 প্ৰকাশ কৰিছিল অল্টাৰনেটিভ ইনভেষ্টমেণ্ট ফাণ্ডছৰ ক্ষেত্ৰত। কালেক্টিভ ইনভেষ্টমেণ্টছ স্কিম ৰেগুলেছন ১৯৯৯ ৰ অধীনত ছেবিয়ে প্ৰকাশ কৰা আন এখন জাননীও গুৰুত্বপূৰ্ণ। যিখন জাননীৰ নম্বৰ SEBI/HO/IMD/DF6/CIR/P/2020/24 dated February 5, 2020।

 

 

গাজৰ খাই ভাল পায় নে? গাজৰৰ আছে ৰোগ প্ৰতিৰোধ কৰিব পৰা বহু উপকাৰী গুণ
বৃদ্ধি পাব ছালৰ সৌন্দৰ্য! নিশা এনেদৰে ব্যৱহাৰ কৰক এলোভেৰা জেল...
ঘৰৰ মুখ্য দুৱাৰত ভুলতো নাৰাখিব এই সামগ্ৰী, হ'ব আৰ্থিক সমস্যা...
ঘৰত একেলগে ৰাখিছে নেকি নেমু-জলকীয়া? নকৰিব এনে ভুল, হ’ব দুৰ্গতি…