বিশাল, স্বপ্ননীলৰ পাছত এইবাৰ চুমি বৰাক বিচাৰি আৰক্ষীৰ অভিযান... | online treading fraud case police investigation against sumi borah assam Assam news - Assam Tv9

বিশাল, স্বপ্ননীলৰ পাছত এইবাৰ চুমি বৰাক বিচাৰি আৰক্ষীৰ অভিযান…

Updated On: 

03 Sep 2024 12:17 PM

চুমিয়ে ভাতৃ বনাই লৈছিল বিশালক।  ৰাজস্থানৰ উদয়পুৰত হোৱা চুমিৰ ডেষ্টনেশ্যন ৱেডিঙৰ সকলো খৰচ বহন কৰিছিল বিশালে। এই বিয়াখনত বিশালে প্ৰায় ১ কোটি টকা খৰচ কৰিছিল। বিশাল নামৰ ২২ বছৰীয়া প্ৰৱঞ্চকটোৱে বিনিয়োগকাৰীক অধিক ধন লাভৰ আশা দেখুৱাই প্ৰৱঞ্চনাৰ জালত পেলাইছিল

বিশাল, স্বপ্ননীলৰ পাছত এইবাৰ চুমি বৰাক বিচাৰি আৰক্ষীৰ অভিযান...

চুমি বৰা

Follow Us On

প্ৰৱঞ্চক বিশাল ফুকনৰ পাছতেই এইবাৰ চুমি বৰাক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। বিশাল ফুকনক চলোৱা ৪ ঘন্টা জেৰাৰ পাছত এইবাৰ নৃত্যশিল্পী চুমি বৰাক বিচাৰি ফুৰিছে আৰক্ষীয়ে। কিন্তু এই পৰ্যন্ত চুমিৰ কোনো সন্ধান পোৱা নাই আৰক্ষীয়ে। উল্লেখ কৰা প্ৰয়োজন যে, প্ৰৱঞ্চক বিশাল ফুকনৰ ডিব্ৰুগড়ৰ বাসগৃহত কালি আৰক্ষীয়ে চলোৱা অভিযান চলাইছিল। তাৰ পাছতেই বিশাল আৰু তেওঁৰ সহযোগীক আটক কৰি আৰক্ষীয়ে জেৰা চলাইছিল। জেৰাৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিশালক।

এই জেৰাত কি কি তথ্য প্ৰকাশ পাইছে সেয়া আৰক্ষীয়ে খুলি কোৱা নাই যদিও অভিনেত্ৰী তথা নৃত্য শিল্পী চুমি বৰাৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈছে। চুমিয়ে ভাতৃ বনাই লৈছিল বিশালক।  ৰাজস্থানৰ উদয়পুৰত হোৱা চুমিৰ ডেষ্টনেশ্যন ৱেডিঙৰ সকলো খৰচ বহন কৰিছিল বিশালে। এই বিয়াখনত বিশালে প্ৰায় ১ কোটি টকা খৰচ কৰিছিল।

বিশাল নামৰ ২২ বছৰীয়া প্ৰৱঞ্চকটোৱে বিনিয়োগকাৰীক অধিক ধন লাভৰ আশা দেখুৱাই প্ৰৱঞ্চনাৰ জালত পেলাইছিল। সেই জালত পৰি শ শ মানুহে ধন বিনিয়োগ কৰিছিল। জানিব পৰা মতে বিশাল ফুকন কেইবা হাজাৰ টকাৰ মালিক। বিশালে ৪টাকৈ কোম্পানীও খুলিছিল। ইয়াৰে ক্ৰিছেলিয়া ফাৰ্মাচিউটিচকেল কোম্পানীটো বিশালে ৫ মাৰ্চত পঞ্জীয়ন কৰিছিল।  এই কোম্পানীটোত আছিল ৩ গৰাকীকৈ সঞ্চালক।  তেওঁলোক ক্ৰমে- ৰাজীৱ বৰা, বিশাল ফুকন আৰু জিংকী মিলি। ইয়াৰে ৰাজীৱ পৰা নৃত্য শিল্পী চুমি বৰাৰ জ্যেষ্ঠ ভাতৃ আৰু জিংকী মিলি ৰাজীৱৰ পত্নী।

কেৱল এয়াই নহয়, বিশালৰ আছিল নিজা প্ৰডাকছন হাউছ। ছবি নিৰ্মাণৰ নামত তেওঁ কোটি কোটি টকা ব্যয় কৰিছিল। বিলাসী জীৱন কটোৱা বিশালে ক্ৰয় কৰিছিল এখনৰ পাছত আন এখন দামী গাড়ী। সঘনাই স্কাই ডাইভিঙত যোৱা বিশালে কেৱল নিজৰ লগতে ধন খৰচ নকৰি বন্ধু, পৰিয়াল আদিৰ ওপৰতো টকা খৰচ কৰিছিল।

বিশালে ৬০ দিনত ৩০ শতাংশ লাভ দিয়াৰ প্ৰলোভন দি এই জালখন পাতিছিল। বিশালে দিয়া  প্ৰতিশ্ৰুতি ছেবিৰ নিয়ম অনুসৰি অপৰাধ। এই সমগ্ৰ দিশটোত এতিয়া নাম সাঙোৰ খাইছে চুমি বৰাৰ। জানিব পৰা মতে বিশালক আটক কৰাৰ পাছৰে পৰা ফোন চুইটছ অফ হৈ আছে চুমিৰ। কোনো ঠাইত চুমিয়ে আত্মগোপন কৰি থাকিব পাৰে বুলি একাংশই সন্দেহ কৰিছে।

উল্লেখ্য যে, দিছপুৰ আৰক্ষীয়ে  প্ৰৱঞ্চনাৰ অভিযোগত স্বপ্ননীল দাস নামৰ এজনকো গুৱাহাটীৰ পৰা আটক কৰিছে। এই যুৱকজনেও অধিক ধন লাভৰ আশা দেখুৱাই মানুহৰ পৰা লাখ লাখ টকা লুটিছিল। বৰ্তমান এই যুৱকজনৰো জেৰা আৰক্ষীয়ে চলাই আছে। আৰক্ষীয়ে যুৱকজনৰ পৰা কোটি টকীয়া দুখনকৈ বাহন জব্দ কৰাৰ লগতে বহু নথি পত্ৰও জব্দ কৰিছে। গতিকে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব এই প্ৰৱঞ্চনাৰ জালত আৰু কোন কোন জড়িত হৈ আছে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version