আহোম যুগৰ ঐতিহ্য ক্ষেত্ৰসমূহ সংৰক্ষণত সহায়ৰ বাবে ‘INTACH’ লৈ পত্ৰ বিৰোধী দলপতিৰ

আহোম যুগৰ কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ভাৰতীয় কলা আৰু সাংস্কৃতিক ঐতিহ্য সংস্থা (INTACH)লৈ পত্ৰ প্ৰেৰণ কৰিছে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । ইতিমধ্যে ভাৰতীয় কলা আৰু সাংস্কৃতিক ঐতিহ্য সংস্থালৈ পত্ৰ প্ৰেৰণৰ সন্দৰ্ভত এক বিবৃতিৰ জৰিয়তে সদৰী কৰিছে বিৰোধী দলপতিগৰাকীয়ে ।

আহোম যুগৰ ঐতিহ্য ক্ষেত্ৰসমূহ সংৰক্ষণত সহায়ৰ বাবে INTACH লৈ পত্ৰ বিৰোধী দলপতিৰ

ভাৰতীয় কলা আৰু সাংস্কৃতিক ঐতিহ্য সংস্থালৈ পত্ৰ দেৱব্ৰত শইকীয়াৰ

Updated On: 

18 Mar 2025 21:39 PM

ঐতিহাসিক আহোম যুগৰ কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ভাৰতীয় কলা আৰু সাংস্কৃতিক ঐতিহ্য সংস্থা (INTACH)লৈ পত্ৰ প্ৰেৰণ কৰিছে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । ইতিমধ্যে ভাৰতীয় কলা আৰু সাংস্কৃতিক ঐতিহ্য সংস্থালৈ পত্ৰ প্ৰেৰণৰ সন্দৰ্ভত এক বিবৃতিৰ জৰিয়তে সদৰী কৰিছে বিৰোধী দলপতিগৰাকীয়ে । বিবৃতিটোত কোৱা হৈছে যে, উক্ত পত্ৰযোগে দেৱব্ৰত শইকীয়াই অসমৰ ঐতিহাসিক আহোম যুগৰ কীৰ্তিচিহ্নসমূহ বিশেষকৈ ৰংঘৰ,তালাতল ঘৰ আৰু অন্যান্য গুৰুত্বপূৰ্ণ ঐতিহ্যস্থলীসমূহ সংৰক্ষণৰ বাবে “INTACH”ৰ সহায় আৰু পৰামৰ্শ কামনা কৰে।

বিৰোধী দলপতিগৰাকীয়ে পত্ৰত উল্লেখ কৰিছে যে, সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি শেহতীয়াকৈ ৰংঘৰ বাকৰিত পানী জমা হৈ দুদিনতকৈ অধিক সময় ধৰি কৃত্ৰিম বান সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল। এই ঘটনাই ঐতিহাসিক ৰংঘৰৰ সম্ভাৱনীয় ক্ষয়-ক্ষতিক লৈ গভীৰ উদ্বেগ সৃষ্টি কৰিছে। যিহেতু এই কীৰ্তিচিহ্নসমূহ আহোম যুগৰ সময়ত কণী, বৰা চাউল আদি উপকৰণেৰে নিৰ্মাণ কৰা হৈছিল বুলি ৰাইজৰ মাজত বিশ্বাস আছে, সেয়েহে পানী জমা হৈ থকাৰ ফলত এই ক্ষেত্ৰসমূহৰ ক্ষতি হোৱাৰ আশংকা দেখিবলৈ পোৱা গৈছে বুলি উল্লেখ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

দেৱব্ৰত শইকীয়াৰ পত্ৰ

পত্ৰত বিৰোধী দলপতিগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰি এই সন্দৰ্ভত সংস্থাটোৰ সহায়ৰ আহ্বান জনায় । বিশেষকৈ পত্ৰত ৰংঘৰ, তালাতল ঘৰ আৰু অন্যান্য ঐতিহ্য ক্ষেত্ৰসমূহৰ বৰ্তমান গাঁথনিৰ অৱস্থা মূল্যায়ন কৰাৰ বাবে বিশেষজ্ঞসকলক নিয়োগ কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে বিৰোধী দলপতিগৰাকীয়ে । এই ক্ষেত্ৰত বিশেষজ্ঞৰ দ্বাৰা মূল্যায়নৰ বাবে আহ্বান জনায় দেৱব্ৰত শইকীয়াই ।

সংৰক্ষণৰ দিশ-নিৰ্দেশনা প্ৰস্তুতকৰণৰ বিষয়টোও উল্লেখ কৰে বিৰোধী দলপতিগৰাকীয়ে । এই সন্দৰ্ভত ঐতিহ্য ক্ষেত্ৰসমূহ সুৰক্ষিত কৰি ৰাখিবলৈ তথা চৰকাৰৰ প্ৰস্তাৱিত “পৰ্যটন উন্নয়ন” কাৰ্যসূচীক সুসংগতভাৱে ৰূপায়ণ কৰিবলৈ বিশেষজ্ঞসকলক পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনাই বিৰোধী দলপতিগৰাকীয়ে । একেদৰে প্ৰযুক্তিগত সহায় আৰু সজাগতা বৃদ্ধিৰ কথা পত্ৰত উল্লেখ কৰে দেৱব্ৰত শইকীয়াই ।

তেওঁ পত্ৰযোগে ঐতিহ্য ক্ষেত্ৰসমূহৰ আন্তঃগাঁথনি যাতে কোনো ক্ষয়-ক্ষতি নহয় তাৰ বাবে প্ৰযুক্তিগত সহায় আগবঢ়াবলৈ “INTACH” ক আহ্বান জনায়। একেদৰে স্থানীয় বাসিন্দা তথা অনান্য পক্ষক ঐতিহ্য সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে সজাগ কৰাৰ বাবে কৰ্মশালা আৰু সজাগতা কাৰ্যসূচী হাতত ল’বলৈ আহ্বান জনাই দেৱব্ৰত শইকীয়াই।

বিৰোধী দলপতি শইকীয়াই পত্ৰত উল্লেখ কৰে যে, অসম চৰকাৰে শেহতীয়াকৈ এই ঐতিহাসিক ক্ষেত্ৰসমূহৰ চৌপাশে পৰ্যটন উন্নয়নমূলক আঁচনি ঘোষণা কৰিছে । যদিও এই আঁচনিয়ে পৰ্যটন ক্ষেত্ৰত সম্ভাৱনামূলক উন্নয়ন ঘটাব পাৰে, তথাপি পৰিকল্পনাত কোনো অসাৱধানতাৰ ফলত এই ঐতিহ্য ক্ষেত্ৰসমূহ ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা থাকিব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰে শইকীয়াই।

দেৱব্ৰত শইকীয়াৰ পত্ৰ

উল্লেখ্য যে, INTACH হৈছে 1984 চনত স্থাপিত এটা স্বেচ্ছাসেৱী সংস্থা । এই সংস্থাটোৱে ভাৰতৰ কৃষ্টিৰ সমৃদ্ধ ঐতিহ্য সংৰক্ষণত বিশেষ ভূমিকা পালন কৰি আহিছে। দেশৰ বিভিন্ন ঐতিহাসিক, স্থাপত্য আৰু সাংস্কৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত INTACHৰ গুৰুত্বপূৰ্ণ অৱদান আছে। এই সংস্থাটোৰ বিশেষজ্ঞসকলে অসম ভ্ৰমণ কৰি ৰংঘৰ আৰু আন আন ঐতিহ্য ক্ষেত্ৰসমূহৰ বৰ্তমানৰ অৱস্থা মূল্যায়ন কৰি সঠিক সংৰক্ষণ পদ্ধতিৰ পৰমাৰ্শ আগবঢ়াব বুলি আশা প্ৰকাশ কৰিছে বিৰোধী দলপতিগৰাকীয়ে । ইয়াৰ উপৰিও তেওঁ অসমৰ মুখ্য সচিবলৈও এই পত্ৰখন প্ৰেৰণ কৰি বিষয়টোৰ সন্দৰ্ভত দৃষ্টি আকৰ্ষণ কৰে।

৬৫০ গৰাকী যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা এইজন খেলুৱৈৰ সৈতে যুৱৰাজৰ কাজিয়া...
অৱসৰক লৈ বিৰাট কোহলীয়ে ক’লে এইদৰে, অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা
ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...