অৰুণোদয় ৩.০ য়ে সামৰি ল'ব ৩৭ লাখ মহিলাৰ বেংক একাউণ্ট ! সবিশেষ জানক | Orunodoi 3.0 New guidelines, Assam Government Aim to transfer Rs 1,250 into the bank accounts of 37 lakh women: CM Himanta Assam news - Assam Tv9

৩৭ লাখ মহিলাৰ বেংক একাউণ্টত ১,২৫০ টকাকৈ ধন হস্তান্তৰ কৰাৰ লক্ষ্য ! অৰুণোদয় ৩.০ ৰ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে

Updated On: 

09 Sep 2024 17:08 PM

মুখ্যমন্ত্ৰী শৰ্মাই সদৰী কৰিছে যে, সোমবাৰে অৰুণোদয় ৩.০ মুকলি কৰাৰ পূৰ্বে নতুন নিৰ্দেশনাসমূহ পৰ্যালোচনা কৰাৰ বাবে এখন বৈঠক অনুষ্ঠিত কৰা হয় । এই বৈঠকতে ৩৭ লাখ মহিলাৰ বেংক একাউণ্টত ১,২৫০ টকাকৈ ধন হস্তান্তৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

৩৭ লাখ মহিলাৰ বেংক একাউণ্টত ১,২৫০ টকাকৈ ধন হস্তান্তৰ কৰাৰ লক্ষ্য ! অৰুণোদয় ৩.০ ৰ সন্দৰ্ভত কি কলে মুখ্যমন্ত্ৰীয়ে

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Follow Us On

সমগ্ৰ ৰাজ্যজুৰি অৰুণোদয় ৩.০ ৰূপায়ন আৰু যোগ্য হিতাধিকাৰীক নতুন ৰেচন কাৰ্ড প্ৰদানৰ বাবে নতুন নিৰ্দেশনা চূড়ান্ত কৰাৰ কথা সদৰী কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই সদৰী কৰিছে যে, সোমবাৰে অৰুণোদয় ৩.০ মুকলি কৰাৰ পূৰ্বে নতুন নিৰ্দেশনাসমূহ পৰ্যালোচনা কৰাৰ বাবে এখন বৈঠক অনুষ্ঠিত কৰা হয় । এই বৈঠকতে ৩৭ লাখ মহিলাৰ বেংক একাউণ্টত ১,২৫০ টকাকৈ ধন হস্তান্তৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

মুখ্যমন্ত্ৰী হিমন্ত হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে, ২০২০ চনত অসমে অৰুণোদয় আঁচনি মুকলি কৰি একচেটিয়া মহিলাৰ বাবে নগদ ধন হস্তান্তৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা কৰিছিল । এই পদক্ষেপ গ্ৰহণ কৰা শ্ৰেষ্ঠ ৰাজ্যসমূহ ভিতৰত অসম অন্যতম ৰাজ্য হিচাপে পৰিগণিত হৈছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথাও উল্লেখ কৰিছে যে, ২০২০ চনৰ পৰা এই আঁটনিখন সম্প্ৰসাৰণ কৰি অহা হৈছে।

ৰাজ্য চৰকাৰৰ আগন্তুক লক্ষ্য কি ?

অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিছে যে, নতুন নিৰ্দেশনাৰ অনুসৰি ৰাজনৈতিকভাৱে সংযুক্ত অধিকাংশ পৰিয়াল এই আঁচনিৰ পৰিসৰৰ পৰা বাহিৰত থকাটো নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে অসম চৰকাৰে । একেদৰে এই আঁচনিখনক লৈ যিবোৰ অভিযোগ উত্থাপন হৈ আহিছে, সেই অভিযোগবোৰ সমাধান কৰাৰ বাবে এক ফলপ্ৰসূ ব্যৱস্থা স্থাপন কৰা হৈছে। তদুপৰি হিতাধিকাৰী চিনাক্তকৰণৰ বাবে শক্তিশালী ব্যৱস্থা অনাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ কথা সদৰী কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে, ২০২০ চনত ১৯ লাখ হিতাধিকাৰী মহিলাক ৮৩০ টকা প্ৰদান কৰাৰ আৰম্ভ কৰি ২০২৪ চনত ৩৭ লাখ হিতাধিকাৰী মহিলাক ১২৫০ টকাকৈ  ধন প্ৰদান কৰা লক্ষ্য নিৰ্ধাৰণ কৰালৈকে অৰুণোদয় আঁচনিৰ পৰিসৰ সম্প্ৰসাৰণকলৈ সন্তুষ্টি প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে এই তথ্য শ্বেয়াৰ কৰিছে ।

আজিৰ বৈঠকত অৰুণোদয় ৩.০ ৰ ৰূপায়ণৰ প্ৰস্তুতি পৰ্যালোচনা কৰাৰ লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা কাৰ্ডকলৈ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ প্ৰস্তুতিও পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version