বিহুৰ পিছত এইবাৰ ঝুমুৰ নৃত্যই গঢ়িব বিশ্ব অভিলেখ! অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী
সৰুসজাই ষ্টেডিয়ামত একেলগে ৭০০০ শিল্পীয়ে ভাগ ল’ব এই ঝুমুৰ নৃত্য অনুষ্ঠানত । ৭০০০ ঝুমুৰ নৃত্য শিল্পীয়ে অভিলেখ গঢ়িবলৈ লোৱা এই পদক্ষেপত যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে মু্খ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো । ১২,০০০ নৃত্যশিল্পীয়ে বিহু নৃত্যৰে অভিলেখ গঢ়াৰ পিছত ঝুমুৰ নৃত্যৰে অভিলেখ গঢ়াৰ প্ৰচেষ্টা ৰাজ্য চৰকাৰৰ।
বিহুৰ পাছত এইবাৰ ঝুমুৰ নৃত্যৰ বিশ্ব অভিলেখ গঢ়াৰ প্ৰচেষ্টা ৰাজ্য চৰকাৰৰ। ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’ব ঝুমুৰ নৃত্যৰ বিশ্ব অভিলেখ গঢ়াৰ অনুষ্ঠান৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত পৰিৱেশন কৰা হ’ব ঝুমুৰ নৃত্য৷ দিছপুৰত সংবাদমেলত ঘোষণা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ।
সৰুসজাই ষ্টেডিয়ামত একেলগে ৭০০০ শিল্পীয়ে ভাগ ল’ব এই ঝুমুৰ নৃত্য অনুষ্ঠানত । ৭০০০ ঝুমুৰ নৃত্য শিল্পীয়ে অভিলেখ গঢ়িবলৈ লোৱা এই পদক্ষেপত যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে মু্খ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো । ১২,০০০ নৃত্যশিল্পীয়ে বিহু নৃত্যৰে অভিলেখ গঢ়াৰ পিছত ঝুমুৰ নৃত্যৰে অভিলেখ গঢ়াৰ প্ৰচেষ্টা ৰাজ্য চৰকাৰৰ। এই অনুষ্ঠানত যাতে প্ৰতিখন চাহ-বাগিছাৰ পৰা নৃত্য শিল্পীৰ প্ৰতিনিধিত্ব থাকে তাৰ বাবেও লোৱা হৈছে বিশেষ পদক্ষেপ । জানিব পৰা মতে একোখন চাহ-বাগিছাৰ পৰা ৮০ৰ পৰা ১২০ গৰাকী শিল্পীয়ে এই ঝুমুৰ নৃত্যত অংশগ্ৰহণৰ সুবিধা লাভ কৰিব।
এই সন্দৰ্ভত সংবাদমেলত মন্ত্ৰী বিমল বৰাৰ কয়, “এই সংস্কৃতিৰ লগত জড়িত বিভিন্ন বিশিষ্ট ব্যক্তিৰ দিহা পৰামৰ্শৰে আমি প্ৰক্ৰিয়াটো আগুৱাই লৈ গৈছো। তাৰ কাৰণে ইতিমধ্যে বাণীবদ্ধ কৰা হৈছে গীত। ইয়াৰ বাবে বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষা কৰা হৈছে। আমি এটা ফাইনেল ষ্টেজত আহিবলৈ সক্ষম হৈছোঁ। কাইলৈৰ পৰা ৰাজ্যৰ বিভিন্ন ঠাইত ৩ দিনীয়া কাৰ্যসূচীৰে প্ৰশিক্ষণ আৰম্ভ হ’ব। ২০-৩০ জানুৱাৰীলৈ সমষ্টি ভিত্তিত শিল্পীসকলক নিৰ্বাচন কৰা প্ৰক্ৰিয়া চলিব। তাৰ পৰৱৰ্তী সময়ত বাছনি কৰা শিল্পীসকলক লৈ জিলাই জিলাই অনুষ্ঠান পৰিৱেশন কৰিম। ১৯-২০ ফেব্ৰুৱাৰীত বিভিন্ন ঠাইৰ পৰা নিৰ্বাচিত শিল্পীসকলক গুৱাহাটীলৈ আনিম। তাৰ পাছত সৰুসজাইত হ’ব প্ৰশিক্ষণ। ২৪ ফেব্ৰুৱাৰীৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ঝুমুৰ নৃত্যই প্ৰাণ পায় উঠিব।”
অনুষ্ঠানটিৰ মূল পৰিচালনাৰ দায়িত্বত আছে ৰাজ্যৰ সাংস্কৃতিৰ পৰিক্ৰমা বিভাগ। এই ক্ষেত্ৰত প্ৰতিখন জিলাৰ দায়িত্বত থকা অভিভাৱক মন্ত্ৰীসকলে তদাৰক কৰিব এই ব্যৱস্থাৰ । তেওঁলোকক সহযোগ কৰিব স্থানীয় বিধায়কে। বিহুৰ দৰেই একে হ’ব নিৰ্বাচনী প্ৰক্ৰিয়া। জিলা পৰ্যায়ত অনুষ্ঠিত হোৱা কৰ্মশালৰ পৰাই নিৰ্বাচিত হ’ব গিনিজ বুকত ঝুমুৰ নৃত্যৰ অভিলেখ গঢ়িবলৈ নৃত্য শিল্পীসকলক। ২০ ফেব্ৰুৱাৰীৰ পূৰ্বে এই কৰ্মশালাবোৰ অনুষ্ঠিত হৈ যোৱাৰ পিছত সৰুসজাই মূল ষ্টেডিয়ামত চলিব ইয়াৰ আখৰা । এই মূল অনুষ্ঠানৰ অন্যতম সমন্বয়ক হিচাপে দায়িত্ব দিয়া হৈছে কামৰূপ মেট্ৰ’ৰ আয়ুক্তগৰাকীক ।
ইয়াৰ প্ৰস্তুতিৰ বাবে জিলা আয়ুক্তসকললৈ পদক্ষেপ গ্ৰহণৰ বাবে ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে মুখ্য সচিব ৰবি কোটাই। মুখ্য সচিবগৰাকীয়ে দিয়া নিৰ্দেশত মহিলা ঝুমুৰ নৃত্য শিল্পীসকলৰ নিৰাপত্তা সুনিশ্চিতকৰণ, সাজ-পোচাকৰ ব্যৱস্থা, চিকিৎসা আৰু থকা-লোৱাৰ ব্যৱস্থাকে ধৰি সকলো ব্যৱস্থা কৰাৰ লগতে জিলা পৰ্যায়ত প্ৰশিক্ষণৰ বাবে মাষ্টাৰ ট্ৰেইনাৰৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে ।