বিগত চাৰি বছৰৰ ভিতৰত ৪০ হাজাৰ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিছে ৰাজ্যই, উদ্যোগীকৰণৰ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে ?
মুখ্যমন্ত্ৰীয়ে কয় যে, যোৱা তিনি বছৰ ছমাহৰ ভিতৰত ৪০ হাজাৰ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ দিয়া বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে আৰু ইয়াৰে বহুকেইটা প্ৰকল্প সম্প্ৰতি কাৰ্যকৰী হৈ আছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

বিগত চাৰি বছৰৰ ভিতৰত ৰাজ্যখনত প্ৰায় ৪০ হাজাৰ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰা গৈছে । শনিবাৰে এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাও সদৰী কৰে যে, বৰ্তমান এই প্ৰকল্পসমূহৰ ভিতৰত বহুকেইটা প্ৰকল্প ৰূপায়ণ বিভিন্ন পৰ্যায়ত আছে। ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ লিমিটেডৰ (আৰ চি পি এল) কেম্পা কোলা ৰেঞ্জৰ নতুন বটলিং প্লাণ্ট উদ্বোধনী অনুষ্ঠানত এইদৰে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।
৬ লাখ বৰ্গফুটৰ ওপৰত বিস্তৃত এই উদ্যোগটো আৰচিপিএলৰ স্থানীয় অংশীদাৰ জেৰিকোৰ(Jericho) সহযোগত স্থাপন কৰা হৈছে । ই উত্তৰ-পূবৰ সৰ্ববৃহৎ পানীয় উৎপাদন ইউনিটৰ ভিতৰত অন্যতম। প্ৰাৰম্ভিক পৰ্যায়ত এই উদ্য়োগটোৰ ১০ কোটি লিটাৰতকৈ অধিক কাৰ্বনেটেড শীতল পানীয় (CSD) উৎপাদন ক্ষমতা থকাৰ বিপৰীতে প্ৰায় ১৮ কোটি লিটাৰ খোৱাপানীৰ পেকেজড কৰাৰ ক্ষমতা আছে ।
Over ₹40,000 cr of private investments have come to Assam since 2021. The Campa Cola plant we inaugurated today will provide employment opportunities for over 1,000 people. #AdvantageAssam2 pic.twitter.com/ND25UfNA6X
— Himanta Biswa Sarma (@himantabiswa) February 22, 2025
এই উদ্যোগটোৱে ৩০০ প্ৰত্যক্ষ আৰু ১০০০ পৰোক্ষ নিয়োগৰ সুযোগ প্ৰদান কৰিব আশা প্ৰকাশ কৰিছে মুখ্য়মন্ত্ৰীগৰাকীয়ে । নিয়োগ সৃষ্টিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, “ৰাজ্যত ঔদ্যোগীকৰণৰ অভাৱৰ বাবে বাহিৰত কাম কৰি থকা আমাৰ যুৱক-যুৱতীসকলে এতিয়া এনে উদ্যোগত কাম কৰিবৰ বাবে নিজ ৰাজ্যলৈ উভতি আহিব পাৰিব।” তেওঁ কয় যে, যোৱা তিনি বছৰ ছমাহৰ ভিতৰত ৪০ হাজাৰ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ দিয়া বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে আৰু ইয়াৰে বহুকেইটা প্ৰকল্প সম্প্ৰতি কাৰ্যকৰী হৈ আছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।
তেওঁ দৃঢ়তাৰে কয় যে, কেইবছৰমানৰ আগতে ঔদ্যোগীকৰণৰ বাবে পৰিৱেশ অনুকূল নাছিল। কিন্তু এনে পৰিস্থিতি সলনি হৈছে। আগন্তুক এডভান্টেজ আছাম ২.০ শীৰ্ষ সন্মিলনে ৰাজ্যখনৰ ব্যক্তিগত বিনিয়োগৰ যাত্ৰা আৰম্ভ কৰিব, যিয়ে উন্নয়নত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।