মন্ত্ৰীত্ব লাভৰ পাছতে প্ৰথমটো বিদেশ ভ্ৰমণৰ বাবে সাজু পবিত্ৰ মাৰ্ঘেৰিটা! ৯ দিনত ভ্ৰমণ কৰিব ৫খন দেশ
মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি এই ভ্ৰমণকালত পাঁচখন ৰাষ্ট্ৰৰ সন্মানীয় বিদেশ মন্ত্ৰীসকলৰ লগতে চাৰিগৰাকী মাননীয় ৰাষ্ট্ৰপতি আৰু এগৰাকী মাননীয় প্ৰধান মন্ত্ৰীৰ সৈতে গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ'ব। এই চৰকাৰী ভ্ৰমণৰ এক প্ৰধান অংশ হ’ল ডমিনিক ৰিপাব্লিকৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি এইছ ই লুইছৰৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতবৰ্ষৰ হৈ শুভেচ্ছা জনোৱা। ৰাজ্যিক বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ দ্বায়িত্ব লোৱাৰ পাছত পবিত্ৰ মাৰ্ঘেৰিটাৰ এয়া প্ৰথমটো বিদেশ ভ্ৰমণ।
চৰকাৰী কাৰ্যসূচীৰে পাঁচখন ৰাষ্ট্ৰ ভ্ৰমণত ওলাইছে পবিত্ৰ মাৰ্ঘেৰিটা। ৰাজ্যিক বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ দ্বায়িত্ব লোৱাৰ পাছত পবিত্ৰ মাৰ্ঘেৰিটাৰ এয়া প্ৰথমটো বিদেশ ভ্ৰমণ। ১৬-২৪ আগষ্টলৈ লেটিন আমেৰিকা আৰু কেৰিবিয়ান দ্বীপপুঞ্জৰ মুঠ ৫খন দেশ ভ্ৰমণ কৰিব মাৰ্ঘেৰিটাই। ১৬ আগষ্টত কেন্দ্ৰীয় মন্ত্ৰীজন উপস্থিত হ’ব ডমিনিক গণৰাজ্যত। ১৫ আগষ্টত ডমিনিকান ৰিপাব্লিক অভিমুখে ৰাওনা হ’ব মাৰ্ঘেৰিটা। ড’মিনিকান ৰিপাব্লিক, গুৱাটেমালা, এল চালভাড’ৰ, পানামা, ট্ৰিনিডাড এণ্ড টবাগ’ ভ্ৰমণ কৰিব পবিত্ৰ মাৰ্ঘেৰিটাই।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ পৰা জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা অনুসৰি মাৰ্ঘেৰিটাই ১৬ আগষ্টত ড’মিনিকান ৰিপাব্লিক, ১৭-১৯ আগষ্টত গুৱাটেমালা, ১৯ আগষ্টত এল চালভাড’ৰ, ২০-২২ আগষ্টত পানামা আৰু ২৩-২৪ আগষ্টত ট্ৰিনিডাড এণ্ড টবাগ’ত চৰকাৰী ভ্ৰমণ কৰিব।
মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি এই ভ্ৰমণকালত পাঁচখন ৰাষ্ট্ৰৰ সন্মানীয় বিদেশ মন্ত্ৰীসকলৰ লগতে চাৰিগৰাকী মাননীয় ৰাষ্ট্ৰপতি আৰু এগৰাকী মাননীয় প্ৰধান মন্ত্ৰীৰ সৈতে গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব। এই চৰকাৰী ভ্ৰমণৰ এক প্ৰধান অংশ হ’ল ডমিনিক ৰিপাব্লিকৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি এইছ ই লুইছৰৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতবৰ্ষৰ হৈ শুভেচ্ছা জনোৱা।
গুৱেটামালাত তেওঁ ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি এইছ ই ছিজাৰ বাৰ্নাৰ্ডো আৰেভালো ডি লিয়নক সাক্ষাত কৰিব। এই সাক্ষাতৰ পাছত ৰাষ্ট্ৰখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এইছ ই কাৰ্লোছ ৰামিৰো মাৰ্টিনেজনৰ সৈতে দুয়ো দেশৰ দ্বিপাক্ষীক সম্পৰ্কৰ সন্দৰ্ভত আলোচনাত মিলিত হ’ব। তাৰোপৰি তেওঁ ৰাষ্ট্ৰখনৰ চেম্বাৰ অফ ইণ্ডাষ্ট্ৰী, কৃষি, বাণিজ্য, ঔদ্যোগিক আৰু বিত্তীয় সংস্থাৰ সমিতিৰ সদস্যসকলক সাক্ষাৎ কৰিব। ইয়াৰোপৰি তেওঁ ইউনেস্কোৰ স্বীকৃতিপ্ৰাপ্ত ঐতিহ্যবাহী চহৰ এণ্টিগুয়াও ভ্ৰমণ কৰিব।
এল চালভাড’ ভ্ৰমণৰ সময়ত মাৰ্ঘেৰিটাই দেশখনৰ ৰাষ্ট্ৰপতি নাইব বুকেলে এল ছালভাড’, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এইছ ই আলেকজেণ্ডাৰ হিল টিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব আৰু অন্যান্য মন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব। তাৰোপৰি দেশখনত বাস কৰা প্ৰবাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব।
পানামাত পবিত্ৰ মাৰ্ঘেৰিটাই দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এইছ ই জেভিয়েৰ মাৰ্টিনেজৰ সৈতে আলোচনাত বহিব। তাৰোপৰি দেশখনৰ ৰাষ্ট্ৰপতিকো সৌজন্যমূলক সাক্ষাত কৰিব। এই ভ্ৰমণৰ সময়ত পানামাত বিশ্ববিদ্যালয়ত থকা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিতো পুষ্পাঞ্জলি অৰ্পণ কৰি গছপুলি ৰোপণ কৰিব। ইয়াৰোপৰি মাৰ্ঘেৰিটাই পানামা কেনেল আৰু পানামা পেচিফিকো মুক্ত বাণিজ্য, ঔদ্যোগিক ক্ষেত্ৰৰ সুবিধাসমূহো পৰিদৰ্শন কৰিব। দেশথনত ভাৰতৰ ৰাজ্যিক বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ সন্মানত এক অভ্যৰ্থনাৰো আয়োজন কৰা হ’ব। এই অভ্যৰ্থনা অনুষ্ঠানত দুয়ো দেশৰ কূটনীতিবিদসকলৰ লগতে প্ৰবাসী ভাৰতীয় সকলৰ সৈতে আলোচনাত মিলিত হ’ব।
ট্ৰিনিডাড এণ্ড টবাগ’ত মাৰ্ঘেৰিটাই দেশনৰ বৈদেশিক আৰু CARICOM পৰিক্ৰমা মন্ত্ৰী এইছ ই ড০ এমেৰী ব্ৰ’নিৰ সৈতে বৈঠকত মিলিত হ’ব। তাৰোপৰি দেশখনৰ প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি প্ৰবাসী ভাৰতীয় সকলৰেও আলোচনাত মিলিত হ’ব।