শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সন্ত্ৰাসবাদীৰ আক্ৰমণ দেখি আওঁৰাইছিল কলিমা, মৃত্যুৰ দুৱাৰ দলিৰ পৰা প্ৰাণ লৈ উভতিল অসমৰ এগৰাকী অধ্যাপকৰ পৰিয়াল

এটা সন্ত্ৰাসবাদী অধ্যাপক ভট্টাচাৰ্যৰ ফালে আহে । আনকি তেওঁক কি কৰি আছে বুলিও সুধিছিল, কিন্তু উত্তৰ দিয়াৰ সলনি তেওঁ আৰু জোৰেৰে কলিমা আওঁৰাবলৈ ধৰিলে । এই দেখি সন্ত্ৰাসবাদীজনে আঁতৰি যায় । কিন্তু যোৱাৰ আগতে কাষতে বহি থকা এজন মানুহৰ মূৰত গুলী মাৰে ।

সন্ত্ৰাসবাদীৰ আক্ৰমণ দেখি আওঁৰাইছিল কলিমা, মৃত্যুৰ দুৱাৰ দলিৰ পৰা প্ৰাণ লৈ উভতিল অসমৰ এগৰাকী অধ্যাপকৰ পৰিয়াল
পত্নীৰ সৈতে অধ্যাপক ভট্টাচাৰ্যImage Credit source: Tv9 Bharatvarsh
raj-saikia
Raj Saikia | Published: 23 Apr 2025 21:06 PM

কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰা অসমৰ এগৰাকী অধ্যাপকে সমগ্ৰ ঘটনাৰ বিভীষিকা বৰ্ণনা কৰিছে । তেওঁ কয় যে কলিমা পঢ়িব জনাটোৱেই তেওঁৰ বাবে সৌভাগ্যৰ কথা হৈ পৰিল আৰু ইয়াৰ বাবেই তেওঁৰ জীৱন ৰক্ষা পৰিল । ঘটনাৰ ২৪ ঘণ্টাৰ পাছতো ভয়াৱহতা পাহৰিব নোৱৰা অধ্যাপকগৰাকীয়ে কয় যে তেওঁৰচকুৰ আগেৰে মৃত্যু পাৰ হৈ যোৱা দেখিছিল । এনে মৃত্যু ভয়, যি এতিয়াও তেওঁৰ মনৰ পৰা আঁতৰি যোৱা নাই । এই অধ্যাপকজনে পত্নী আৰু সন্তানৰ সৈতে অৱসৰ উদযাপন কৰিবলৈ গৈছিল ।

অসম বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ সহযোগী অধ্যাপক দেৱাশীষ ভট্টাচাৰ্যই এটা সংবাদ মাধ্যমৰ আগত নিজৰ ভয়াৱহতা প্ৰকাশ কৰে । তেওঁ পৰিয়ালৰ সৈতে পহলগামৰ বেছাৰণ উপত্যকা ভ্ৰমণ কৰিবলৈ গৈছিল বুলি কয় । হঠাৎ সন্ত্রাসবাদীয়ে তাত উপস্থিত হৈ মানুহক ধৰ্ম সুধি গুলীচালনা কৰিবলৈ ধৰিলে । সেই সময়ত তেওঁ পত্নী আৰু সন্তানৰ সৈতে গছৰ তলত বহি আছিল । তেওঁ দেখিলে যে আশে-পাশে বহু লোকে সন্ত্ৰাসবাদীৰ ভয়ত কলিমা আওৰাই আছে । তেওঁলোকক দেখি অধ্যাপকজনেও কলিমা আওঁৰাবলৈ ধৰে ।

ওচৰতে বহি থকা এজন ব্যক্তিক গুলীয়াই হত্যা কৰিছিল
সেই সময়তে এটা সন্ত্ৰাসবাদী তেওঁলোকৰ ফালে আহে । আনকি তেওঁক কি কৰি আছে বুলিও সুধিছিল, কিন্তু উত্তৰ দিয়াৰ সলনি তেওঁ আৰু জোৰেৰে কলিমা আওঁৰাবলৈ ধৰিলে । এই দেখি সন্ত্ৰাসবাদীজনে আঁতৰি যায় । কিন্তু যোৱাৰ আগতে কাষতে বহি থকা এজন মানুহৰ মূৰত গুলী মাৰে । সন্ত্ৰাসবাদীটো আঁতৰি যোৱাৰ লগে লগে পত্নী আৰু পুত্ৰৰ সৈতে সংগোপনে তেওঁ আঁতৰি আহে । অধ্যাপক ভট্টাচাৰ্যৰ মতে, প্ৰায় দুঘণ্টা খোজকাঢ়ি তেওঁ নিজৰ হোটেলত উপস্থিত হয় । অৱশ্যে সন্মুখত মৃত্যুৰ দৃশ্যটো দেখাৰ পিছতো তেওঁ জীয়াই আছে বুলি বিশ্বাস কৰিব পৰা নাছিল ।

মঙলবাৰে পহলগামত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ
উল্লেখ্য যে মঙলবাৰে বিয়লি কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীয়ে ভয়ংকৰ হত্যাকাণ্ড সংঘটিত কৰে । মানুহক ধৰ্মৰ বিষয়ে সোধাৰ পিছত গুলীচালনা কৰা হয় । এই ঘটনাত ২৬ জন লোকৰ মৃত্যু হয় । এই সময়ছোৱাত বহু লোকে কলিমা পাঠ কৰি বা মুছলমান হোৱাৰ বাবে প্ৰাণ বচাবলৈ সক্ষম হয় । একেধৰণৰ দাবী পুনেৰ এজন ব্যৱসায়ীৰ কন্যায়ো কৰিছে । তেওঁ কয় যে তাত সন্ত্ৰাসবাদীয়ে মানুহক তেওঁলোকৰ ধৰ্মৰ বিষয়ে সুধিছিল আৰু তাৰ পিছত গুলীচালনা কৰিছিল । তেওঁ কয় যে তেওঁৰ পিতৃ আৰু ককাককো সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে । সন্ত্ৰাসবাদীয়ে তেওঁৰ পিতৃক কোৰাণৰ এটা আয়াত পাঠ কৰিবলৈ কৈছিল যদিও তেওঁ পাঠ কৰিব নোৱৰাত হত্যা কৰে ।