অসমত থকা একমাত্ৰ পাকিস্তানী মহিলাগৰাকীক ঘূৰাই পঠিয়াব নিবিচাৰে মুখ্যমন্ত্ৰীয়ে! কাৰণ ক’লে….
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "তিনিচুকীয়া জিলাত মাত্ৰ এজন পাকিস্তানী নাগৰিকে বাস কৰি আছে আৰু তেওঁৰ বিবাহ স্থানীয় পুৰুষৰ সৈতে সম্পন্ন হৈছে। তেওঁ অসমত বাস কৰা একমাত্ৰ পাকিস্তানী নাগৰিক আৰু তেওঁ দীৰ্ঘম্যাদী ভিছাৰ বাবে আবেদন কৰিছে।"

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত দেশত বসবাস কৰা সকলো পাকিস্তানী নাগৰিকক দেশ এৰি যাবলৈ নিৰ্দেশ দিছে ভাৰত চৰকাৰে। ইতিমধ্যে শেষ হৈছে এই আদেশৰ সময়সীমা। ইয়াৰ মাজতে বৃহৎ সংখ্যক পাকিস্তানী নাগৰিকে দেশত বসবাস কৰাৰ আশংকা কৰা হৈছে। ইয়াৰ ভিতৰত অসমতো আছে এগৰাকী পাকিস্তানী মহিলা নাগৰিক । অৱশ্যে অসমৰ মুখ্যমন্ত্রীগৰাকীয়ে নিজেই তেওঁক নিজৰ দেশলৈ ঘূৰাই পঠিয়াব নিবিচাৰে বুলি উল্লেখ কৰি ইয়াৰ বাবে কেন্দ্রীয় চৰকাৰক অনুৰোধ জনায়৷
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে কয় যে তিনিচুকীয়া জিলাৰ এজন নাগৰিকৰ সৈতে বিবাহপাশত হোৱা এগৰাকী পাকিস্তানী নাগৰিক (মহিলা) ৰাজ্যখনত বসবাস কৰি আছে। ডিব্ৰুগড়ত আনুষ্ঠানিক অনুষ্ঠানৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বিদেশী নাগৰিকৰ মৰ্যাদা সম্পৰ্কে স্পষ্টীকৰণ বিচাৰি কেন্দ্ৰীয় চৰকাৰৰ কাষ চাপিছে ৰাজ্য চৰকাৰ।
পাকিস্তানী নাগৰিকক লাগে LTV
বিগত সপ্তাহত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হৈছিল। এই আক্ৰমণৰ পিছত কেন্দ্ৰই সকলো পাকিস্তানীক ভাৰত এৰি যাবলৈ নিৰ্দেশ জাৰি কৰে। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী শৰ্মাই কয়, “তিনিচুকীয়া জিলাত মাত্ৰ এজন পাকিস্তানী নাগৰিকহে বাস কৰে আৰু তেওঁ এজন স্থানীয় পুৰুষৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে।” শৰ্মাই কয়, “আমি ভাৰত চৰকাৰক অনুৰোধ কৰিছো যে তেওঁলোকক উভতাই পঠিয়াব লাগে নে নাই সেই বিষয়ে স্পষ্ট কৰক।” লগতে তেওঁ কয়, “ইয়াৰ বাহিৰে আন কোনো পাকিস্তানী নাগৰিক অসমত বাস কৰা নাই।” অৱশ্যে সেই মহিলাগৰাকীৰ বিষয়ে বিশেষ তথ্য প্ৰকাশ কৰা নাই মুখ্যমন্ত্ৰীয়ে।
#WATCH | Assam CM Himanta Biswa Sarma says, “We have only one Pakistani citizen and she lives in Tinsukia district. She has married into a local family but she is originally from Pakistan. She has applied for a long term visa. We have asked the government of India to clarify… pic.twitter.com/1dz7ZEiyvO
— ANI (@ANI) April 27, 2025
উল্লেখ্য যে পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে কিছুমান কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে য’ত দেশত থকা সকলো পাকিস্তানী নাগৰিকক তৎক্ষণাত ভাৰত এৰি যাবলৈ কোৱা হয়। এই আদেশৰ অধীনত কালি অৰ্থাৎ দেওবাৰে ১২টা শিতানৰ অন্তৰ্গত হ্ৰস্বম্যাদী ভিছা থকা পাকিস্তানীসকলৰ বাবে ভাৰত এৰি যোৱাৰ অন্তিম দিন আছিল আৰু আটাৰী-ৱাগাহ সীমান্ত ক্ৰছিঙত বাহনৰ দীঘলীয়া শাৰী দেখা গৈছিল।
বিগত সপ্তাহত কেন্দ্ৰীয় চৰকাৰে ভিছা বাতিলৰ কথা ঘোষণা কৰাৰ পিছত ২৪ এপ্ৰিলৰ পৰা অহা ৪ দিনত ৯ জন কূটনীতিবিদ আৰু বিষয়াসহ ৫৩৭ জন পাকিস্তানী নাগৰিকে সীমান্ত পইণ্টৰ পৰা ভাৰত এৰি থৈ গৈছে। ইফালে বিগত ৪ দিনত ১৪ জন কূটনীতিবিদ আৰু বিষয়াকে ধৰি মুঠ ৮৫০ জন ভাৰতীয়ই পঞ্জাৱৰ সীমান্ত পাৰ হৈ পাকিস্তানৰ পৰা উভতি আহিছে।
লগতে পঢ়ক: বেলুচিস্তানৰ স্বাধীনতা আন্দোলনৰ প্ৰসংগৰে পাকিস্তানক তুলাধূনা মুখ্যমন্ত্ৰীৰ! উদঙালে গোপন ৰহস্য…