পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে পাকিস্তানৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ, কি ক’লে ?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কেন্দ্ৰ কৰি পাকিস্তানক উপযুক্ত উত্তৰ দিবৰ বাবে দেশক একত্ৰিত হোৱাৰ আহ্বান জনাইছে । তেওঁ কয় যে, পাকিস্তানৰ বিৰুদ্ধে আমি একত্ৰিত হ'ব লাগিব ।

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে ভাৰত-পাকিস্তানত বৃদ্ধি পাইছে উত্তেজনা । সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ অভিযোগ তুলি ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ডাঙৰ কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰিছে । সেই অনুসৰি অনিৰ্দিষ্টকালৰ বাবে স্থগিত ৰখা হৈছে দশক দশক পুৰণি সিদ্ধু জল সন্ধি । উল্লেখ্য যে, পহলগামৰ ঘটনাই সমগ্ৰ বিশ্বতে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ।
শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কেন্দ্ৰ কৰি পাকিস্তানক উপযুক্ত উত্তৰ দিবৰ বাবে দেশক একত্ৰিত হোৱাৰ আহ্বান জনাইছে । তেওঁ কয় যে, পাকিস্তানৰ বিৰুদ্ধে আমি একত্ৰিত হ’ব লাগিব । লগতে চুবুৰীয়া দেশক সমৰ্থন কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে মুখ্য়মন্ত্ৰীয়ে ।
লগতে পঢ়ক : পহলগাম আক্ৰমণৰ পাছত ৰাজ্যত “পাকিস্তানৰ পক্ষ লোৱা” অপৰাধত ২২ জনক গ্ৰেপ্তাৰ : মুখ্যমন্ত্ৰী
শোণিতপুৰ জিলাত পঞ্চায়ত নিৰ্বাচনী সভাত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই কয়, “আমি ভাৰতীয়সকলে একত্ৰিত হৈ পহলগাম আক্ৰমণৰ বাবে একেলগে উত্তৰ দিব লাগিব…আমি এই মুহূৰ্তত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমৰ্থন কৰিব লাগিব যাতে কেৱল সন্ত্ৰাসবাদীক নিৰ্মূল কৰাই নহয়, পাকিস্তানে যাতে আৰু কেতিয়াও আমাৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিবলৈ সাহস নকৰে।” অসম আৰু ইয়াৰ জনসাধাৰণ সদায় প্ৰধানমন্ত্ৰীৰ লগত আছে বুলিও দাবী কৰে মুখ্যমন্ত্ৰীয়ে ।
লগতে পঢ়ক : বিপদত পৰিব NRCৰ বাবে আবেদন নকৰা আধাৰ কাৰ্ডধাৰী ! ডাঙৰ ঘোষণা মুখ্য়মন্ত্ৰীৰ…
পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত কংগ্ৰেছৰ এজন সাংসদৰ নাম উল্লেখ নকৰাকৈয়ে মুখ্য়মন্ত্ৰী শৰ্মাই তীব্ৰ সমালোচনা কৰে। তেওঁ কয়, “কংগ্ৰেছ দলৰ এজন সাংসদ আছে যিজনে কৰ্তৃপক্ষক খবৰ নিদিয়াকৈ ১৫ দিন পাকিস্তানত থাকিছিল। তেওঁৰ পত্নীয়ে ভাৰতত কাম কৰে, কিন্তু তেওঁৰ দৰমহা পাকিস্তানৰ পৰা আহে। তেওঁ নিজৰ সন্তানকো ভাৰতীয় নাগৰিক কৰি দিয়া নাই।”
লগতে পঢ়ক : আমেৰিকা-পশ্চিমীয়া দেশত উদ্বেগ বৃদ্ধি !…পাৰমাণৱিক শক্তিৰ দিশত বিশ্বৰ দৃষ্টি কাঢ়িছে চীনে