ডেলিভাৰী বয়ক প্ৰহাৰ কৰি নিলম্বন হ’ল পাণবজাৰ থানাৰ OC! বিভাগীয় তদন্ত ঘোষণা

গুৱাহাটীৰ ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ ফাঁচীবজাৰত যুৱকক প্ৰহাৰ কৰি নিলম্বন পাণবজাৰ থানাৰ OC ভাৰ্গৱ বৰবৰা। যুৱকজনৰ মুখত উপৰ্যুপৰি ঘোচা দিছিল আৰক্ষী বিষয়াজনে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰক্ষী বিষয়াগৰাকীয়ে যুৱকজনক প্ৰহাৰ কৰা ভিডিঅ’।

ডেলিভাৰী বয়ক প্ৰহাৰ কৰি নিলম্বন হল পাণবজাৰ থানাৰ OC! বিভাগীয় তদন্ত ঘোষণা

ডেলিভাৰী বয়ক শাৰীৰিকভাৱে অপদস্থ কৰি নিলম্বন হ'ল পাণবজাৰ থানাৰ OC!

Published: 

16 Nov 2024 06:45 AM

গুৱাহাটীত মহানগৰ আৰক্ষীৰ গুণ্ডামি। ব্যস্ত অঞ্চলত বহু লোকৰ সমুখত যুৱকক প্ৰহাৰ আৰক্ষীৰ। ৰাস্তাতেই বাইকৰ পৰা নমাই প্ৰহাৰ কৰিলে এজন ডেলিভাৰী বয়ক। ‘মাৰি পেলাম মাৰি পেলাম’ বুলি কৈ প্ৰহাৰ যুৱকজনক। ফাঁচী বজাৰৰ ৰাজপথতে আইন হাতত তুলি ল’লে এজন আৰক্ষী বিষয়াই। পাণবজাৰ থানাৰ অ’চি ভাৰ্গৱ বৰবৰাই ফাঁচী বজাৰৰ জেইল ৰোডৰ সমীপত প্ৰহাৰ কৰে এজন ফুড ডেলিভাৰী বয়ক। ট্ৰেফিক চিগনেল অমান্য কৰাৰ অভিযোগতে ৰাজপথতে নিৰ্মমভাৱে ডেলিভাৰী বয়গৰাকীক নিৰ্মমভাৱে প্ৰহাৰ কৰে আৰক্ষী বিষয়াগৰাকীয়ে। ইতিমধ্যে নিলম্বন কৰা হৈছে অ’চি ভাৰ্গৱ বৰবৰাক।

তাৰ পাছতে ঘটনাক লৈ তৎপৰ হৈ পৰিছে ডিজিপি জিপি সিং। আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাক নিলম্বন কৰি ৰখা হৈছে বুলি Xযোগে সদৰী কৰে ডিজিপি জিপি সিঙে। আৰক্ষী বিষয়াজনক তাৎক্ষণিকভাৱে নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম আৰক্ষীয়ে। আৰক্ষী বিষয়াজনক সম্প্ৰতি ‘অৰ্ডিনাৰী ৰিজাৰ্ভ’ত ৰখা হৈছে বুলি অৱগত কৰে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সামাজিক মাধ্যমত উল্লেখ কৰিছে যে পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ আচৰণ গ্ৰহণযোগ্য নহয় । তেওঁক তাৎক্ষণিকভাৱে নিলম্বন কৰাৰ লগতে বিভাগীয় তদন্তৰ নিৰ্দেশ দিয়া হৈছে । মহানগৰ আৰক্ষী আয়ুক্তক তাৎক্ষণিকভাৱে আন এজন বিষয়াক নিযুক্তি দিবলৈ পৰামৰ্শ দিয়া হৈছে।

এই ঘটনাক লৈ সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ সভাপতি উৎপল শৰ্মাই। তেওঁ লিখিছে- ‘নিজৰ পঢ়াৰ খৰচ নিজে উলিয়াই পৰিয়ালকো সকাহ দিয়া ‘পাৰ্চেল ডেলিভাৰী’ত জড়িত কটনৰ ছাত্ৰজনক আৰক্ষী বিষয়াজনে কৰা প্ৰহাৰ, নিৰ্যাতনৰ দৃশ্যই ক্ষোভিত কৰিছে। খং উঠিছে। অক্ষমণীয় আচৰণ এইয়া। আৰক্ষী সঞ্চালক প্ৰধানে নিলম্বন কৰিছে, বিভাগীয় তদন্তও ঘোষণা কৰিছে। এই তদন্ত যাতে লেহেমীয়া নহয় তাৰ বাবে দাবী জনাইছোঁ। কিছুমান কথা পাহৰণিৰ গৰ্ভলৈ যাবলৈ দিব নালাগে। অসম আৰক্ষীৰ সামগ্ৰিক ভাৱমূৰ্তিৰ খাটিৰত, ৰাইজৰ আৰক্ষীৰ প্ৰতি সন্মান আৰু আস্থা অটুট থকাৰ স্বাৰ্থত লঘূ দোষত এনে বৰ্বৰ আচৰণ কৰা বিষয়াক একেবাৰে বিদায় দিয়াই উচিত বুলি ভাবোঁ।’

ইতিমধ্যে পোহৰলৈ আহিছে আৰক্ষী বিষয়াগৰাকী প্ৰহাৰ কৰা যুৱকজনৰ পৰিচয় । শোণিতপুৰৰ ২১ বছৰীয়া যুৱক জ্ঞানদীপ হাজৰিকাক প্ৰহাৰ কৰিছিল ভাৰ্গৱ বৰবৰাই। এটা ফুড ডেলিভাৰী প্ৰতিষ্ঠানত কৰ্মৰত যুৱকজন। ২০২৪ত কটন বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ জ্ঞানদ্বীপ হাজৰিকা। কটন বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছে জ্ঞানদীপে। পিতৃহাৰা জ্ঞানদীপ হাজৰিকাৰ ঘৰ জামুগুৰিহাটত । নিজেই নিজৰ পঢ়াৰ খৰচ উলিয়াবলৈ ডেলিভাৰী  বয় হিচাপে কাম কৰে অতি দৰিদ্ৰ ঘৰৰ জ্ঞানদীপে।

দ্ৰুত গতিত ওজন হ্ৰাস কৰিব বিচাৰিছে নেকি? তেন্তে নিশা এই বস্তুবোৰ নাখাব!
কোন আছিল ভগৱান কৃষ্ণৰ গুৰু, যাৰ পৰা ১৪টা বিদ্যা, ৬৪টা কলা শিকিছিল?
মহানগৰীৰ পাণ্ডুঘাটত SEAPLANEৰ পৰীক্ষণমূলক প্ৰদৰ্শন
বিলাহী খালে শৰীৰৰ কি কি উপকাৰ হয়?