পুনৰ কংগ্ৰেছত বিসম্বাদ! ৯ বিধায়কৰ দিল্লীলৈ গমন, ৩টা পদক লৈ টনা-আঁজোৰা…

কংগ্ৰেছৰ মতে নিৰ্বাচন বুলিলেই যেন বিসম্বাদ। সন্মুখত পঞ্চায়ত নিৰ্বাচন। এই নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ কংগ্ৰেছৰ মাজত আৰম্ভ হৈছে বিসম্বাদ। এইবাৰ মতৰ পাৰ্থক্য স্পষ্ট হৈ পৰিছে ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াৰ মাজত।

পুনৰ কংগ্ৰেছত বিসম্বাদ! ৯ বিধায়কৰ দিল্লীলৈ গমন, ৩টা পদক লৈ টনা-আঁজোৰা...

কংগ্ৰেছ

Published: 

06 Apr 2025 20:06 PM

বিসম্বাদ কংগ্ৰেছৰ বাবে নতুন শব্দ নহয়। নিৰ্বাচনৰ বুলি ক’লেই কংগ্ৰেছৰ বিসম্বাদৰ কথা পোহৰলৈ আহে। সেয়া লাগিলে পঞ্চায়ত নিৰ্বাচন, বিধানসভা নিৰ্বাচন বা লোকসভা নিৰ্বাচনে নহওক কিয়। সম্ভৱতঃ বিসম্বাদ নোহোৱাকৈ কোনো এটা নিৰ্বাচনী বৈতৰণী পাৰ কৰিব নোৱাৰে কংগ্ৰেছে। ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচন। ইতিমধ্য এই নিৰ্বাচনক লৈ সাজু হৈছে প্ৰতিটো দল সংগঠন। এনে পৰিস্থিতিত পুনৰ কংগ্ৰেছত আৰম্ভ হৈছে বিসম্বাদৰ ৰাজনীতি।

বিধায়িনী দলৰ পদবী পূৰণক কেন্দ্ৰ কৰি মত-পাৰ্থক্য স্পষ্ট হৈ পৰিছে ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াৰ মাজত। ইযাৰ মাজতে খবৰ ওলাইছে যে ৯গৰাকী কংগ্ৰেছী বিধায়কে গমন কৰিছে দিল্লীলৈ। উল্লেখ কৰা প্ৰয়োজন যে, ৰকিবুল হুচেইনৰ দিল্লী যাত্ৰা, কমলাক্ষ দে’ পুৰকায়স্থ আৰু ৰূপজ্যোতি কুৰ্মীৰ বিজেপিলৈ গমনৰ পাছতে কংগ্ৰেছৰ বিধায়িনী দলত উপ-দলপতি, উপ- হুইপ, সম্পাদককে ধৰি তিনিটাকৈ পদ খালী হৈ আছে।

এনে অৱস্থাত কংগ্ৰেছে এই তিনিটা পদ পূৰণ কৰাৰ চেষ্টা চলাইছে। এই পদ পূৰণ কৰা সন্দৰ্ভত কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, বিধায়কসকলৰ মাজত কথা বতৰা পাতিয়েই এই পদ ভাগ কৰিব পাৰি। কিন্তু ইয়াৰ বিপৰীত স্থিতি গ্ৰহণ কৰি বিধায়িনী দলৰ সভাপতি দেৱব্ৰত শইকীয়াই কয় যে,  সকলো সিদ্ধান্ত হাইকামাণ্ডে ল’ব।

ইয়াৰোপৰি ৯জন বিধায়ক দিল্লীলৈ যোৱা সন্দৰ্ভত শইকীয়াই কয় যে, উৰা বাতৰি ওলাইছে, এয়া মই ৰখাব নোৱাৰে। আমি প্ৰতিটো নিৰ্বাচন ভালদৰে খেলিব চেষ্টা কৰো। চৰকাৰৰ বিৰুদ্ধে কাম কৰি আছো। লগতে কয়, ৯ জন বিধায়ক যোৱা নাই।  বিধানসভাত কেইবাটাও পদ খালী হৈ আছে। গতিকে সকলোৱে বিচাৰে বিধায়িনী দলৰ সদস্য হোৱাতো। কিন্তু হাইকমাণ্ডৰ অনুমতি নহ’লে একো কৰিব নোৱাৰো আমি।

উল্লেখ্য যে, নেতা দুইগৰাকীৰ মন্তব্যই পুনৰ কংগ্ৰেছৰ অভ্যান্তৰীণ বিসম্বাদৰ কথা পোহৰলৈ আনিছে। গতিকে পৰৱৰ্তী সময়ত হাইকমাণ্ডে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় । ইয়াৰোপৰি মুঠ কিমানজন বিধায়ক দিল্লীলৈ গৈছিল সেয়া এতিয়ালৈকে স্পষ্ট হৈ উঠা নাই।

মীৰা বৰঠাকুৰৰ প্ৰতি অভিযোগ

ইয়াৰোপৰি পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছত আৰম্ভ হৈছে বিসম্বাদ। ৪ গৰাকী দলীয় কৰ্মীক প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ ৰাজ্যিক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ। বিশেষ কেইগৰাকীমান ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ আহ্বান জনাই কামৰূপ গ্ৰাম্য জিলা সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰে মীৰা বৰঠাকুৰে। ইয়াৰ পাছতে মীৰা বৰঠাকুৰৰ এই পত্ৰত ক্ষোভ প্ৰকাশ কামৰূপ জিলা কংগ্ৰেছৰ সাঃ সম্পাদক। এই সন্দৰ্ভত APCCৰ সভাপতি ভূপেন বৰালৈ পত্ৰ কামৰূপ জিলা কংগ্ৰেছৰ সাঃ সম্পাদক জেহেৰুল ইছলামৰ।

মীৰা বৰঠাকুৰে জিলা সভাপতিলৈ প্ৰেৰণ কৰা পত্ৰত লিখিছে যে- “আগম্ভক পঞ্চায়ত নির্বাচনত যি কেইগৰাকী আমাৰ দলীয় সদস্যই দলীয় টিকটৰ বাবে আমাৰ লগত সম্পৰ্কত আছে আৰু দলীয় কামত সক্রিয়ভাবে জড়িত তেওঁলোকক দলীয় টিকট প্রদান কৰিবলৈ আপোনাক অনুৰোধ জনালোঁ, যি সকল আপোনাৰ জিলাৰ অন্তৰ্গত প্রার্থী।

যোৱা সময়ত আমি লিখিতভাবে ব্লক সভাপতি সম্পর্কত দিয়া বিষয়টো একেবাৰে অগ্রায্য কৰা হল , এই বাৰ অগ্রায্য নকৰিব বুলি আশা ৰাখিলোঁ। যোৱা লোকসভা নির্বাচনত এই সকল ব্যক্তিয়ে আমাক সহযোগ কৰিছিল। ব্যক্তি কেইগৰাকী- মুনিয়াৰা বেগম (সভানেত্ৰী, হাজো ব্লক মহিলা কংগ্ৰেছ, পঞ্চতীৰ্থ জিলা পৰিষদ), নাজিৰা বেগম (সভানেত্ৰী, ছমৰীয়া ব্লক মহিলা কংগ্ৰেছ, এপি মেম্বাৰ, বামুনবড়ী গাঁও পঞ্চায়ত), দিলোৱাৰা হাচিন (সোনতলি তপামাৰী জিলা পৰিষদ), মিৰ্জা বাবৰ আলি (সোনতলি চৌধুৰি পাম- এম পি সদস্য)”।  মীৰা বৰঠাকুৰৰ এই পত্ৰ লাভ কৰাৰ পাছতেই ক্ষোভত ফাটি পৰিছে কামৰূপ জিলা কংগ্ৰেছৰ সাঃ সম্পাদক জেহেৰুল ইছলাম।

 

অন্য খবৰ পঢ়কঃ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা, দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ প্ৰক্ৰিয়া…

 

Related Stories
Latasil Bihu 2025: লতাশিল বিহুৰ ‘বিহু কুঁৱৰী’ আৰু ‘বিহুৰাণী’ প্রতিযোগিতাৰ ফলাফল ঘোষণা, কেতিয়া ঘোষণা কৰিব ‘বিহু সম্ৰাজ্ঞী’ৰ নাম?
Morning Headlines: পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
Rongali Bihu 2025: অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে… আজি তাঁত বিহু, এই বিহুৰ গুৰুত্বৰ বিষয়ে জানো আহক
সলনি হ’ব ৰাজ্যৰ চিকিৎসা ক্ষেত্ৰ ! দেশৰ অন্যতম বৃহৎ চিকিৎসালয়লৈ ৰূপান্তৰিত হ’ব GMCH, এইলৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে ?
“ছোনিয়া-ৰাহুলক ৰক্ষণাবেক্ষণ দিবলৈ কংগ্ৰেছে কৰা আন্দোলন হাস্যকৰ”, নেচনেল হেৰাল্ড গোচৰক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা দিলীপ শইকীয়াৰ
কিমান টকাত বিক্ৰী হয় কংগ্ৰেছৰ টিকট? সাংসদ ৰকিবুল হুচেইন, প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে ডাঙৰ অভিযোগ…
চাৰ্ভাইকেল কৰ্কট ৰোগৰ বিষ ক'ত হয় জানেনে? জানক সকলো...
মন পচন্দৰ জীৱনসংগী পাবলৈ কি কি কৰিব লাগিব? প্ৰেমানন্দ মহাৰাজে ক'লে...
আজৱ! এইখন দেশত নিষিদ্ধ কণ্ডম, চেনিটেৰী পেড, গৰ্ভ নিৰোধক ব্যৱহাৰত...
যকৃতৰ কৰ্কট ৰোগ হোৱাৰ পূৰ্বে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...