শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কিমান টকাত বিক্ৰী হয় কংগ্ৰেছৰ টিকট? সাংসদ ৰকিবুল হুচেইন, প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে ডাঙৰ অভিযোগ…

panchayat Election: নিৰ্বাচন বুলি ক'লেই কংগ্ৰেছৰ মাজত আৰম্ভ হয় সংঘাত। এইবাৰো এই ধাৰা অব্যাহত ৰাখি দলটোৰ মাজত নিৰ্বাচনকেন্দ্ৰিক সংঘাতে দেখা দিছে। কংগ্ৰেছ জ্যেষ্ঠ নেতাসকলৰ বিৰুদ্ধে উত্থাপন হৈছে টিকটৰ নামত টকা লোৱা অভিযোগ।

কিমান টকাত বিক্ৰী হয় কংগ্ৰেছৰ টিকট? সাংসদ ৰকিবুল হুচেইন, প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে ডাঙৰ অভিযোগ…
ৰকিবুল হুচেইনImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 16 Apr 2025 19:38 PM

নিৰ্বাচন বুলি ক’লেই যেন কংগ্ৰেছৰ বাবে কেৱল মাত্ৰ সংঘাত। ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত পুনৰ নিৰ্বাচনকেন্দ্ৰিক বিতৰ্কই দেখা দিছে। একাংশ কংগ্ৰেছ কৰ্মী, বিভিন্ন সংগঠনে অভিযোগ উত্থাপন কৰি কৈছে যে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে টকাৰ বিনিময়ত পঞ্চায়ত নিৰ্বাচনৰ টিকট প্ৰদান কৰিছে। এক কথাত বৰ্তমান কংগ্ৰেছত চলিছে টকা দিয়ক, টিকট লওক ব্যৱস্থা।

এই সন্দৰ্ভত কিছুমান গুৰুতৰ অভিযোগ উত্থাপন কৰি বুধবাৰে অসমৰ সংখ্যালঘু সংগ্ৰাম পৰিষদে এক সংবাদমেল সম্বোধন কৰে।  লহকৰ জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী বাবুল আলীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, বাবুল আলীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত সকলো ভুৱা শিক্ষাগত অৰ্হতা দাখিল কৰিছে। কিন্তু তাৰ পাছতো নিৰ্বাচন আয়োগে তেওঁৰ মনোনয়ন প্ৰত্যাহাৰ কৰা নাই।

পৰিষদে কয় যে, বাবুল আলীয়ে শিক্ষাগতা অৰ্হতা সন্দৰ্ভত প্ৰদান কৰা সকলো তথ্য ভুৱা। প্ৰদান কৰা নথি অনুসৰি তেওঁ মেট্ৰিক পাছ কৰিছে দিল্লীত, উচ্চতৰ মাধ্যমিক পাছ কৰিছে পঞ্জাৱত আৰু তেওঁ বাসিন্দা হ’ল নগাঁও ধিঙৰ। এয়া কেনেকৈ সম্ভৱ বুলি প্ৰশ্ন উত্থাপন কৰি পৰিষদে ক্ষোভ ব্যক্ত কৰে যে ইমানখিনিৰ পাছতো নিৰ্বাচন আয়োগে তেওঁৰ নথি বৈধ ঘোষণা কৰিছে।

সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি পৰিষদে কয় যে, ৩০ লাখ টকাৰ বিনিময়ত নিৰ্বাচনৰ বাবে টিকট প্ৰদান কৰিছে সাংসদগৰাকীয়ে। ধনৰ লেনদেনৰ বাবে যোগ্য প্ৰাৰ্থীসমূহ নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকাৰ পৰা বাদ পৰা বুলি কয় পৰিষদে।  লগতে কয় যে, ২৪ ঘন্টাৰ ভিতৰত বিভাগীয় কৰ্তৃপক্ষই বাবুল আলীৰ মনোনয়ন প্ৰত্যাহাৰ কৰিব লাগিব অন্যতা এই সন্দৰ্ভত আবেদন দাখিল কৰা হ’ব আৰু নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দিয়া নহয়।

ইয়াৰোপৰি পশ্চিম বিলাসীপাৰা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাইও কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে, যদি কংগ্ৰেছৰ পৰা ৰকিবুল হুচেইন,ৱাজেদ আলী চৌধুৰীৰ দৰে লোকক আঁতৰ কৰা নহয় তেন্তে কংগ্ৰেছ শূণ্য হৈ যাব।

মানকাছাৰৰ কংগ্ৰেছৰ টিকট বঞ্চিত প্ৰাৰ্থী আব্দুল লতিফে কয় যে, লিষ্ট এখন ওলাইছিল।  পাছত মোক কোৱা হৈছিল যে কোনোৱে ৫ লাখ, কোনোৱে ১০ লাখ , কোনোৱে ৭ লাখ দিব । গতিকে আপুনি কিমান টকা দিব কওক। টকাৰ বাবে টিকট নোপোৱাৰ ক্ষোভ ব্যক্ত কৰি তেওঁ কয় যে, ৰকিবুলৰ দৰে মানুহ দলত থাকিলে কংগ্ৰেছ নোহোৱা হৈ যাব।

উল্লেখ্য যে, কেৱল এয়াই নহয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তক দলটোৰ বিভিন্ন কৰ্মকৰ্তই কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছৰ কৰ্মকৰ্তাসকলৰ মতে লাখ লাখ টকা দৰত বিক্ৰী হৈছে কংগ্ৰেছৰ টিকট। অৱশ্যে এয়াই প্ৰথম নহয়, নিৰ্বাচন আহিলেই বিতৰ্কৰ মাজত সোমাই পৰে দলটো। প্ৰতিবাৰৰ ধাৰা অব্যাহত ৰাখি এইবাৰো  দলটোৰ মাজত দেখা গৈছে টিকটকেন্দ্ৰিক বিতৰ্কই।

পঞ্চায়ত নিৰ্বাচনৰ কথা ক’বলৈ হ’লে, ইতিমধ্যে কেইবাটাও পঞ্চায়তত বিজেপি মিত্ৰজোঁটে বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। ৰাজ্যত ২০২৬ চনত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। এই সময়চোৱাত পঞ্চায়ত নিৰ্বাচন দলসমূহৰ বাবে টেষ্ট পৰীক্ষাৰ দৰে আছিল। যদি এই পৰীক্ষাতে কংগ্ৰেছৰ এই গতি হয় তেন্তে আহিবলগীয়া সময়ত যে দলটোৰ গতি তথৈবছ হ’ব তাত কোনো সন্দেহ নাই।

 

অন্য খবৰ পঢ়কঃ নিৰ্বাচন সন্মুখত, কাজিয়া ৰাজীৱ ভৱনত! দলত্যাগ, প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতত জৰ্জৰিত কংগ্ৰেছ…