চিলাপথাৰত ভয়ংকৰ কাণ্ড! শিশু বিক্ৰীৰ অভিযোগত পিতৃ-মাতৃসহ ৩ জন গ্ৰেপ্তাৰ

কিছুদিন পূৰ্বে চিলাপথাৰৰ পৰা শিশু বিক্ৰীৰ আন এক ঘটনা পোহৰলৈ আহিছিল। শিশু বিশেষজ্ঞ ডাঃ চন্দ্ৰজিৎ দলেৰ জোনাই লিংক পথৰ জোনাকী নগৰস্থিত বাসগৃহত উদ্ধাৰ হৈছিল এটা বিক্ৰী হোৱা নৱজাতক।এই ঘটনাৰ এমাহ নৌহওতেই চিলাপথাৰত পুনৰ সংঘটিত হোৱা শিশু বিক্ৰীৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

চিলাপথাৰত ভয়ংকৰ কাণ্ড! শিশু বিক্ৰীৰ অভিযোগত পিতৃ-মাতৃসহ ৩ জন গ্ৰেপ্তাৰ

চিলাপথাৰ

Published: 

04 Dec 2024 15:38 PM

কেনেকৈ জন্মদাত্ৰী পিতৃ-মাতৃয়ে বিক্ৰী কৰিব পাৰে নিজ সন্তানক? মাত্ৰ কেইটামান টকাৰ বিনিময়ত কেনেকৈ আনৰ হাতত তুলি দিব পাৰে নৱজাতকক?  কিছুদিন পূৰ্বে ৰাজ্যত পোহৰলৈ আহিছিল নৱজাতক বিক্ৰীৰ ভয়ংকৰ ঘটনা। গোলাঘাটৰ এহাল পিতৃ- মাতৃয়ে মাত্ৰ ১ লাখ টকাৰ বিনিময়ত বিক্ৰী কৰিছিল নিজ সন্তানক। অভিযোগ অনুসৰি পিতৃ- মাতৃহালে টকাৰ বাবে চিলাপথাৰৰ এগৰাকী মহিলাৰ হাতত বিক্ৰী কৰিছিল শিশুটিক। এই ঘটনা পোহৰলৈ অহাৰ পাছতেই চিলাপথাৰ থানাত চি ডব্লিউয়ে ৰুজু কৰা গোচৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ ২৩২/২৪ নম্বৰত গোচৰ ৰুজু কৰি ৬১ (২)/১৪৩(৪)/আৰ/ডব্লিউ ৮১ জে জে পি ধাৰাৰ অধীনত শিশু বিক্ৰী কৰাৰ অভিযোগত ৩ জনক জেললৈ প্ৰেৰণ কৰে।

সেই গোচৰৰ ভিত্তিতেই শিশুটিৰ পিতৃ ইদুল আলি (৩৪), মাতৃ আৰু শিশু ক্ৰয় কৰা চিলাপথাৰৰ সুনিতা দেৱী (২৮) ক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰে। আনহাতে শিশু ক্ৰয় কৰা ঘটনাৰ সৈতে জড়িত অভিযুত্ত সুনিতা দেৱীৰ স্বামী, শেৱালী দাস, মধ্যভোগী দালাল তথা যোৰহাটৰ হিমাশ্ৰী বৰা বৰ্তমানো পলাতক অৱস্থাত আছে। এইসকলক বিচাৰি ইতিমধ্যে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে চিলাপথাৰৰ পৰা শিশু বিক্ৰীৰ আন এক ঘটনা পোহৰলৈ আহিছিল। শিশু বিশেষজ্ঞ ডাঃ চন্দ্ৰজিৎ দলেৰ জোনাই লিংক পথৰ জোনাকী নগৰস্থিত বাসগৃহত উদ্ধাৰ হৈছিল এটা বিক্ৰী হোৱা নৱজাতক। তথ্য অনুসৰি জানিব পৰা মতে চিচিবৰ গাঁও টহলদাৰী আৰক্ষী চকীৰ অধীনৰ নিলখ সুন্দৰপুৰ গাঁৱৰ বুদ্ধিমান বৰাৰ পত্নী সবিতা বৰাই ৪ অক্টোবৰত এটি শিশু জন্ম দিছিল।

কিন্তু শিশু জন্ম দিয়াৰ কিছুসময় পাছতেই হাস্পাতাল এৰি পলায়ন কৰিছিল পিতৃ মাতৃ। পাছত এই ঘটনা সন্দৰ্ভত তদন্ত চলে আৰু শিশুটিৰ পিতৃ- মাতৃয়ে চি ডব্লিউ চিক কয় যে ঘৰলৈ উভতি অহাৰ পথত শিশুটিৰ মৃত্যু হোৱাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত শিশুটিৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰে। কিন্তু এই ভাষ্যত সন্দেহ ওপজাত চি ডব্লিউ টিয়ে নিজাববীয়াকৈ তদন্ত চলাই গম পাই যে দম্পতী হালে মাত্ৰ ৩০ হাজাৰ টকাৰ বিনিময়ত বেবী পেগু নামৰ এগৰাকী মহিলাক শিশুটি বিক্ৰী কৰিছিল। পৰৱৰ্তী সময়ত এই শিশুটি শিশু বিশেষজ্ঞৰ বাসগৃহত উদ্ধাৰ হৈছিল।

এই ঘটনাৰ পাছত চিলাপথাৰৰ পৰা শিশু ক্ৰয়- বিক্ৰয়ৰ বৃহৎ এক কাণ্ড পোহৰলৈ আহিছিল। এই ঘটনাৰ এমাহ নৌহওতেই চিলাপথাৰত পুনৰ সংঘটিত হোৱা শিশু বিক্ৰীৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই সমগ্ৰ বিষয়টোত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

 

অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ ৰহস্যৰ বিষয়ে জানো আহক
ভগৱান শিৱক কিয় নাৰিকল আগবঢ়োৱা নহয়?
চুলি সৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খাবলৈ আৰম্ভ কৰক এই বস্তু
ঘৰত তুলসী গছ আছে নেকি? এনেদৰে কৰক ব্যৱহাৰ, উজ্বল হৈ উঠিব ছাল...