শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পথৰুঘাট ৰণৰ ১৩১ বছৰঃ কৃষকসকলৰ বলিদানৰ এক জীয়া কাহিনী…

পথৰুঘাট কৃষক বিদ্ৰোহ- ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া অসমবাসীৰ বীৰত্বৰ এক অনন্য গাঁথা। ১৮৯৪ চনৰ ২৮ জানুৱাৰীৰ দিনটোতে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ১৪০ জন কৃষকে প্ৰাণ হেৰুৱাইছিল।

পথৰুঘাট ৰণৰ ১৩১ বছৰঃ কৃষকসকলৰ বলিদানৰ এক জীয়া কাহিনী…
পাথৰুঘাট ৰণImage Credit source: etv bharat
barasha-sarma
Barasha Sarma | Published: 28 Jan 2025 10:45 AM

আমাৰ দেশৰ ইতিহাসত এনে বহু ঘটনা জড়িত হৈ আছে য’ত আমি দেখিবলৈ পাওঁ দেশপ্ৰেমৰ অপূৰ্ব নিদৰ্শন। ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়াত অসমীয়াসকলো পিছ পৰি ৰোৱা নাছিল। সেয়ে অসমৰ অতীতৰ পাত লুটিয়াই চালে আমি দেখিবলৈ পাওঁ বীৰ  শ্বহীদসকলৰ কথা। ব্ৰিটিছ হওক বা মোগল, সকলোৰে বিৰুদ্ধে সাহসেৰে থিয় দি দেশৰ হকে প্ৰাণ আহুতি দিয়াৰ আগত এবাৰো চিন্তা কৰা নাছিল আমাৰ পূৰ্বজসকলে। পৰাধীন ভাৰতত অত্যাচাৰ, শোষণৰ বিৰুদ্ধে থিয় দিছিল অসমবাসী।

এনে এক বিৰত্বৰ গাঁথা হৈছে- পথৰুঘাট কৃষক বিদ্ৰোহ। এই বিদ্ৰোহ আছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ বিৰুদ্ধে অসমত ঘটনা এক ঐতিহাসিক কৃষক বিদ্ৰোহ। ব্ৰিটিছসকলে সমগ্ৰ দেশৰ ওপৰতে অত্যাচাৰ কৰিছিল। কৃষকসকলকো বিভিন্নধৰে অতিষ্ঠ কৰি আহিছিল ইংৰাজে। কৃষকসকলৰ খাজনাৰ পৰিমাণ ইমানেই বৃদ্ধি কৰিছিল যে এটা সময়ত খাজনা দিব নোৱাৰি ইংৰাজৰ বিৰুদ্ধে যুঁজ দিছিল। এই প্ৰতিবাদেই পাছত ৰূপ লৈছিল পথৰুঘাট কৃষক বিদ্ৰোহৰ।

পথৰুঘাট কৃষক বিদ্ৰোহ

১৮৯৪ চনৰ ২৮ জানুৱাৰী, দৰং জিলাৰ মঙলদৈ চহৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ পশ্চিমত অৱস্থিত পথৰুঘাট নামৰ ঠাইত স্থানীয় কৃষকসকলে মাটিৰ খাজনা বৃদ্ধি কৰাৰ বিৰোধিতা কৰি এক ৰাইজমেল অনুষ্ঠিত কৰে। পথৰুঘাট অঞ্চলৰ লগতে ওচৰৰ গাঁৱসমূহৰ পৰাও হাজাৰ হাজাৰ কৃষক ওলাই আহি তহচিলদাৰৰ বাংলোৰ সন্মুখত সমৱেত হৈ হৰিবোল ,আল্লাহু আকবৰ আদি ধ্বনিৰে ব্ৰিটিছৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

তাৰ কিছুসময় পাছতেই উক্ত স্থানত উপস্থিত হয় দৰং জিলাৰ জিলাধিপতি মি. এণ্ডাৰচন, আৰক্ষী অধীক্ষক  জে আৰ বেৰিংটন (J.R. Berington) আৰু মঙলদৈৰ মহকুমাধিপতি মি. ৰেমিংটনো আৰু সশস্ত্ৰ বাহিনী। তেওঁলোকে প্ৰতিবাদকাৰী কৃষকসকলক কয় যে কোনো পধ্যেই খাজনা কমাই দিয়া নহয়। লগে লগে ৰাইজ আৰু ব্ৰিটিছ চৰকাৰৰ বিষয়াসকলৰ মাজত তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। ক্ৰমশঃ এই পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰে আৰু চৰকাৰী বাহিনীয়ে বেৰিংটনৰ আদেশমৰ্মে কৃষকসকলৰ ওপৰত গুলীচালনা কৰে। এই নিৰ্বিকাৰ গুলীচালনাত থিতাতে ১৪০ জন কৃষক নিহত হোৱাৰ লগতে ১৫০জনৰো অধিক কৃষক আহত হয়। এই ঘটনাকেই পথৰুঘাটৰ কৃষক বিদ্ৰোহ বুলি জনা যায়।

কাৰণ

উল্লেখ্য যে, ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুযায়ী ১৮২৬ চনৰ ২৫ ফেব্ৰুৱাৰীত অসম, আৰাকাণ আৰু আভা ব্ৰিটিছ শাসনৰ অধীনলৈ যায়। পৰৱৰ্তী সময়ত ১৮৩৩ চনত মঙলদৈক সদৰ হিচাপে লৈ দৰং জিলা গঠন হয়। ব্ৰিটিছ চৰকাৰে ১৮৩২-৩৩ চনত দৰঙত নাঙলে প্ৰতি ৩ টকাকৈ খাজনা ধৰি প্ৰজাৰপৰা মুঠ ৪১,৫০৬ টকা খাজনা সংগ্ৰহ কৰে।

কেৱল ইমানেই নহয়, বাৰীৰ তামোল পাণ আদিতো খাজনা লৈছিল ব্ৰিটিছে।  ১৮৪২-৪৩ চনত মাটি পিয়ল কৰি বস্তি (ঘৰ-বাৰী কৰাৰ উপযুক্ত), ৰুপিত (দ আৰু খেতিৰ উপযোগী) আৰু ফৰিঙতী (বাম খেতিৰ উপযুক্ত) – এই তিনি ভাগত বিভক্ত কৰি খাজনা বৃদ্ধি কৰে। এই হিচাপত ১৮৪২-৪৩ চনত ১,৩৫,৪৫৮, ১৮৫২-৫৩ চনত ১,৫৭,৭৫৯ আৰু ১৮৬২-৬৩ চনত ৭,৪৩,৪৮৯ টকা খাজনা উঠায় ব্ৰিটিছে । ১৮৯২-৯৩ চনত পুনৰ মাটি পিয়ল কৰি ৫ টকাৰ হাৰত খাজনা বৃদ্ধি কৰে।

এই সমগ্ৰ ঘটনাক লৈ অসন্তুষ্ট হৈ পৰিছিল কৃষকসকল আৰু  সঘনাই ৰাইজ মেল অনুষ্ঠিত কৰি ইয়াৰ বিৰোধিতা কৰিছিল। হিন্দু -মুছলমান সকলোৱে মিলি ইংৰাজৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। তাৰ পৰিণতিতেই শ্বহীদ হৈছিল কৃষকসকল।

কৃষক শ্বহীদ দিৱস

আজিও অসমীয়াই মনত কৰে কৃষকসকলৰ এই বলিদানক। উক্ত দিনটোতেই বছৰ বছৰ ধৰি পালন কৰি অহা হৈছে কৃষক শ্বহীদ দিৱস। ২০১৭ চনৰ পৰা এই কৃষক শ্বহীদ দিৱস চৰকাৰীভাৱে পালন কৰি অহা হৈছে।