5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

টকা নহয়, বানপানীৰ বাবে অসমৰ ৰাইজক লাগে স্থায়ী সমাধানঃ সদনত ফনীভূষণ চৌধুৰী

কেন্দ্ৰীয় চৰকাৰৰ বাজেটত অসমৰ বানৰ কথা উল্লেখ কৰিছিল কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। তেওঁ কৈছিল যে অসমৰ অসমৰ বান আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা লোৱা হ'ব।

টকা নহয়, বানপানীৰ বাবে অসমৰ ৰাইজক লাগে স্থায়ী সমাধানঃ সদনত ফনীভূষণ চৌধুৰী
ফনীভূষণ চৌধুৰী
Follow Us
barasha-sarma
Barasha Sarma | Published: 30 Jul 2024 09:01 AM

ৰাজ্যত বানপানী আৰু খহনীয়া সমস্যাৰ সমাধান বিচাৰ সদনত ভাষণ প্ৰদান কৰে অগপ নেতা তথা সাংসদ ফনীভূষণ চৌধুৰীয়। তেওঁ কয় যে, চলিত বৰ্ষত দুটাকৈ বানে ৰাজ্যত বিস্তৰ ক্ষতি সাধন কৰিছে। এই দুই বানৰ ফলত এতিয়ালৈকে ৯৮ জনলোকৰ মৃত্যু হৈছে। অসমৰ ৩৫ খন জিলাৰ ৩৪ খন জিলা বানাক্ৰান্ত হৈছে। অসমৰ মুঠ গাঁৱৰ সংখ্যা ২৬,৩৯৫ খন আৰু ইয়াৰে ৭,২৭৯ খন গাওঁ বানাত প্লাবিত হৈছে। অৰ্থাৎ ২৫ শতাংশ গাওঁ জলামগ্ন হৈছে।

লগতে কয় যে, বানৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰ্থিক সাহাৰ্য পাই আহিছো। যোৱা কেইটা বৰ্ষত কেন্দ্ৰীয় চৰকাৰে বানৰ বাবে ৪,৬০০ কোটি টকা আৰ্থিক অনুদান আগবঢ়াইছে। কিন্তু অসমৰ ৰাইজে এতিয়া টকা নহয়, বান আৰু গৰাখহনীয়া সমস্যাৰ সমাধান বিচাৰে। অগপ দলৰ প্ৰতিনিধি হিচাপে মই মতামত আগবঢ়ালো। আমি বিচাৰো অসমৰ বানপানীৰ সমস্যা চিৰদিনৰ বাবে সমাধান হওক।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও টুইট কৰা বুলি  চৌধুৰীয়ে উল্লেখ কৰি কয় যে, বান সমস্যা সমাধানৰ বাবে প্ৰকল্প লাগিব। বাজেটত উল্লেখ কৰা ধৰণে অসমৰ বানপানী আৰু গৰাখহনীয়া চিৰদিনৰ বাবে নোহোৱা কৰিবলৈ ব্যৱস্থা কৰিব লাগে। মই ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনাইছো যে বান আৰু গৰাখহনীয়া সমস্যা নিয়ন্ত্ৰৰ বাবে প্ৰকল্প ঘোষণা কৰক। ইয়াৰ বাবে এখন উচ্চস্তৰীয় কমিটী গঠন কৰাৰো আহ্বান জনাই চৌধুৰীয়ে।

উল্লেখ্য যে, প্ৰতি বছৰৰ দৰে এইবাৰো অসমত বানে প্ৰলয়ৰ সৃষ্টি কৰিছিল। এই বানত ৩৪ খন জিলাৰ লাখ লাখ জনতা প্ৰভাৱিত হৈছিল। ৯৮ জনলোকৰ মৃত্যু হোৱাৰ উপৰি হাজাৰ হাজাৰ মানুহ গৃহহীন হৈছিল। ৰাস্তা- ঘাট, ঘৰ, মথাউৰি আদি বানে থান বান কৰি পেলাইছিল। সমান্তৰালকৈ এই বানত প্ৰভাৱিত হৈছিল জীৱকূলো। চলিত বৰ্ষৰ বানত ২০০ তকৈ অধিক জীৱ- জন্তুৰ মৃত্যু হৈছে। বহু জীৱ- জন্তু পানীত উটি গৈছে।

অসমৰ বান সমস্যা পুৰণি। বছৰ বছৰ ধৰি সমাধান বিচৰাৰ পাছতো সমস্যা একেই আছে। প্ৰতি বছৰে জীয়াতু ভুগিব লগা  হয় জনতাই। ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ বাজেটত অসমৰ বানৰ কথা উল্লেখ কৰিছিল কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। তেওঁ কৈছিল যে অসমৰ অসমৰ বান আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা লোৱা হ’ব। বান সমস্যা সমাধানৰ বাবে বিশেষ পুঁজিৰ ব্যৱস্থা কৰা হ’ব বুলি কৈছিল বিত্তমন্ত্ৰীগৰাকীয়ে।

Latest News