Operations Against Child Marriage : ৰাজ্যত পুনৰ বাল্য বিবাহ বিৰোধী অভিযান, এতিয়ালৈকে ৪১৬ জন লোকক আটক…
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া অনুসৰি, বাল্য বিবাহৰ বন্ধ কৰাৰ বাবে তৃতীয় পৰ্যায়ৰ অভিযান চলাই এই অপৰাধত ৪১৬ জন লোকক আটক কৰিছে অসম আৰক্ষীয়ে । ইয়াৰ লগতে ৩৩৫টা গোচৰ ৰুজু হৈছে।
অসমত বাল্য বিবাহ বন্ধ কৰাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া অনুসৰি, বাল্য বিবাহৰ বন্ধ কৰাৰ বাবে তৃতীয় পৰ্যায়ৰ অভিযান চলাই এই অপৰাধত ৪১৬ জন লোকক আটক কৰিছে অসম আৰক্ষীয়ে । ইয়াৰ লগতে ৩৩৫টা গোচৰ ৰুজু হৈছে। সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্য়মৰ জৰিয়তে কয় যে,বাল্য বিবাহ বন্ধ কৰাৰ বাবে অসম চৰকাৰে নিজৰ ফালৰ পৰা অহৰহ প্ৰচেষ্টা চলাই আহিছে ৷ ইয়াৰ অংশ হিচাপে এক বিশেষ অভিযান চলোৱা হৈছিল । ২১-২২ ডিচেম্বৰৰ নিশাৰ পৰা আৰম্ভ হোৱা এই অভিযানত আৰক্ষীয়ে এই পৰ্যন্ত ৩৩৫টা গোচৰ পঞ্জীয়ন কৰাৰ লগতে ৪১৬জন লোকক আটক কৰিছে ৷ দেওবাৰে তেওঁলোকক আদালতত হাজিৰ কৰা হ’ব।
#Assam continues its fight against child marriage.
In Phase 3 operations launched on the night of Dec 21-22, 416 arrests were made and 335 cases registered.
The arrested individuals will be produced in court today.We will continue to take bold steps to end this social evil!…
— Himanta Biswa Sarma (@himantabiswa) December 22, 2024
মুখ্যমন্ত্রীয়ে আশ্বাস দিয়ে যে, অসম চৰকাৰে এই ধৰণে বাল্য বিবাহ বন্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি যাব । উল্লেখ্য যে, তথ্য অনুসৰি অসম চৰকাৰে ২০২৩ চনত ফেব্ৰুৱাৰী আৰু অক্টোবৰ মাহত দুটা পৰ্যায়ত বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। এই অভিযানৰ প্ৰথম পৰ্যায়ত ৩৪৮৩জন লোকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ৪৫১৫ টা গোচৰ পঞ্জীয়ন কৰা হৈছিল।
আনহাতে অক্টোবৰ মাহত দ্বিতীয় পৰ্যায়ত ৯১৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ৭১০ টা গোচৰ পঞ্জীয়ন কৰা হৈছিল। তৃতীয় পৰ্যায়ত কম সংখ্যক গোচৰ পঞ্জীয়ন হোৱা দেখা যায় । মনকৰিবলগীয়া যে, অসম চৰকাৰে কেৱল এই ধৰণৰ অভিযানেই নহয়, বাল্য বিবাহ ৰোধ কৰাৰ বাবে নিযুত মইনা আঁচনিৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে অসমৰ চৰকাৰে ।
এই আঁচনিৰ অধীনত উচ্চ শিক্ষা লাভ কৰাৰ ক্ষেত্ৰ সহায়ক হোৱাকৈ বিদ্যালয়-মহাবিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰীসকলক প্ৰতিমাহে ১০০০ টকাৰ আৰু বিশ্ববিদ্য়ালয়ত অধ্য়য়ন কৰি থকা ছাত্ৰীসকলক প্ৰতিমাহে ২৫০০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে ।