5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

চুমি-তাৰ্কিকৰ তলা বিতৰ্কৰ অৱসান! DGP জি পি সিঙে ‘X’ যোগে প্ৰকাশ কৰিলে থানাৰ তলাৰ প্ৰকৃত সত্য

কাপোৰৰ পিছত চুমি আৰু তাৰ্কিকৰ লক-আপৰ ফটো ভাইৰেল হৈছিল সামাজিক মাধ্যমত। একাংশই আকৌ ভাইৰেল হোৱা ফটোত চুমি বৰাৰ লক-আপৰ তলাটো নোহোৱাৰ বাবেও প্ৰশ্ন উত্থাপন কৰিছে। কিন্তু আজি DGP জি পি সিঙে 'X' যোগে জনাই তলাৰ আচল ৰহস্যৰ কথা।

চুমি-তাৰ্কিকৰ তলা বিতৰ্কৰ অৱসান! DGP জি পি সিঙে ‘X’ যোগে প্ৰকাশ কৰিলে থানাৰ তলাৰ প্ৰকৃত সত্য
চুমি-তাৰ্কিকৰ তলা বিতৰ্কৰ অৱসান!
Follow Us
barasha-misra
Barasha Misra | Updated On: 13 Sep 2024 13:28 PM

অনলাই ট্ৰেডিং প্ৰৱঞ্চনাত নাম সাঙোৰ খোৱা অন্যতম দুই অভিযুক্তক বৃহস্পতিবাৰে পুৱা ৬ মান বজাত গ্ৰেপ্তাৰ কৰে। ডিব্ৰুগড় পুঁথি ভৰালৰ সন্মুখতে এছ টি এফে দুয়োকে জিম্মাত লয়।

গ্ৰেপ্তাৰৰ পিছত প্ৰথম কাপোৰক লৈ চৰ্চা

গ্ৰেপ্তাৰৰ পিছতো যেন চৰ্চা শেষ হোৱা নাই চুমি-তাৰ্কিকৰ। দুয়োৰে বিলাসী জীৱনক লৈ সামাজিক মাধ্যমত বিভিন্নজনে শ্বেয়াৰ কৰিছে পোষ্ট। আনৰ টকাৰে ব্ৰেণ্ডেড কাপোৰ, লাক্সাৰী জীৱনৰ লগতে চুমিয়ে ব্যৱহাৰ কৰা প্ৰতিটো বস্তুতে আছিল কেৱল বিলাসিতা আৰু বিলাসিতা। আৰক্ষীৰ জিম্মাতো চুমি-তাৰ্কিকৰ ব্ৰেণ্ডেড পোছাকক লৈ চলিছে চৰ্চা। কিয়নো চুমিয়ে গাত উৰি লৈছে ১২ হাজাৰ টকাৰ ফৌনা কেছমিৰৰ ষ্ট’ল আৰু তাৰ্কিকে পিন্ধিছে কেলভিন ক্লেইনৰ দামী টি-চাৰ্ট।

ইফালে দুয়োৰে বিলাসী জীৱনক লৈ সামাজিক মাধ্যমত বিভিন্নজনে শ্বেয়াৰ কৰিছে পোষ্ট। শুক্ৰবাৰে ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয় চুমি আৰু তাৰ্কিক বৰাক, দুয়োকে ৫দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

দ্বিতীয় চৰ্চা তলা

কাপোৰৰ পিছত চুমি আৰু তাৰ্কিকৰ লক-আপৰ ফটো ভাইৰেল হৈছিল সামাজিক মাধ্যমত। বিলাসী কোঠাত থকা চুমি-তাৰ্কিকে থাকিব লগা হৈছে  নিশাটো ডিব্ৰুগড় লক-আপত। সহজ ধনৰ লোভে অপৰাধী কৰি তুলিছিল চুমি বৰা আৰু তাৰ্কিক বৰাক। ৰাতি মহ মৰা coil আৰু আঠুৱা বিচাৰি আৰক্ষীৰে তৰ্ক চুমী বৰাৰ। এটা নিশা লক-আপত থকাৰ পিছত সোধপোছ আৰম্ভ কৰে আৰক্ষীয়ে। ডিব্ৰুগড় সদৰ থানাৰ নতুন ভবনটো নিৰ্মাণ কৰাৰ পাছত মহিলা লকআপত থকা প্ৰথমগৰাকী অপৰাধী চুমি।

লক-আপৰ ভিতৰত দুই অভিযুক্ত চুমি-তাৰ্কিকৰ ফটো উঠাই বিতৰ্কত ডিব্ৰুগড় আৰক্ষী। চুমি বৰা আৰু তাৰ্কিক বৰাৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগে লগে আৰক্ষীৰ ওপৰ মহলত লাগিছৰে হৈ চৈ। লক-আপৰ ভিতৰত কোনে চেণ্ডেল পিন্ধি সোমাৱ দিছে চুমি-তাৰ্কিকক, তাক লৈও সামাজিক মাধ্যমত বিভিন্নজনে কৰিছে প্ৰশ্ন। আন একাংশই আকৌ ভাইৰেল হোৱা ফটোত চুমি বৰাৰ লক-আপৰ তলাটো নোহোৱাৰ বাবেও প্ৰশ্ন উত্থাপন কৰিছে। একাংশই সামাজিক মাধ্যমত লিখিছিল- তলাবিহিন জে’লত চুমি।

ৰাইজে তলাক লৈ সামাজিক মাধ্যমত চৰ্চা আৰম্ভ কৰাৰ পাছত আজি DGP জি পি সিঙে ‘X’ জনাই তলাৰ আচল ৰহস্যৰ কথা। ডিব্ৰুগড় সদৰ থানাৰ নতুন ভবনটোৰ মহিলা লক-আপৰ তলাটো কেনেকুৱা ধৰণৰ আছিল ফটো সহকাৰে শ্বেয়াৰ কৰিলে DGP জনে।

লক-আপৰ বিতৰত সুমুৱাই অভিযুক্তৰ ফটো উঠাই মানৱ অধিকাৰ উলংঘা কৰাৰ অভিযোগ উঠিছিল ডিব্ৰুগড় আৰক্ষীৰ বিৰুদ্ধে। কিন্তু DGP জনে এতিয়ালৈ এই সন্দৰ্ভত কোনো মত প্ৰকাশ কৰা নাই। কিন্তু এতিয়া সমগ্ৰ ঘটনা সন্দৰ্ভত ইটোৰ পিছত সিটো প্ৰশ্ন উত্থাপন হৈয়ে আছে সাধাৰণ ৰাইজৰ মনত।

 

Latest News