কামৰূপ জিলাৰ প্ৰায় ১ লাখ যোগ্য হিতাধিকাৰীয়ে লাভ কৰিলে ‘প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি’ৰ ধন
দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। ২৪ ফেব্ৰুৱাৰী সোমবাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ১৯ সংখ্যক কিস্তি মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিহাৰৰ ভাগলপুৰ জিলাত নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে এই কিস্তি। ডি বি টি মাধ্যমৰ জৰিয়তে প্ৰায় ১০ কোটি হিতাধীকাৰী কৃষকৰ একাউণ্টলৈ ২২.৫ হাজাৰ কোটিৰো অধিক টকা প্ৰেৰণ কৰা হয়।

কামৰূপ জিলাৰ প্ৰায় ১ লাখ হিতাধিকাৰীলৈ 'প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি'ৰ ধন
‘প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি’ (PM- KISAN) আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰী কৃষকসকললৈ ১৯ নং কিস্তিৰ অনুদান হস্তান্তৰ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২৪ ফেব্ৰুৱাৰী, ২০২৫ সোমবাৰে বিহাৰৰ ভগালপুৰৰ পৰা “Live Webcast” (লাইভ ৱেবকাষ্ট) প্ৰক্ৰিয়াৰ জৰিয়তে এই ধন হস্তান্তৰ কৰে প্ৰধানমন্ত্ৰীয়ে। ডি বি টি মাধ্যমৰ জৰিয়তে প্ৰায় ১০ কোটি হিতাধীকাৰী কৃষকৰ একাউণ্টলৈ ২২.৫ হাজাৰ কোটিৰো অধিক টকা প্ৰেৰণ কৰা হয়।
এই উপলক্ষে কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত কেন্দ্রীয়ভাৱে আয়োজন কৰা হয় বৈঠকৰ লগতে প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ।অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি তথা মংগলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া আৰু গুৱাহাটী সমষ্টিৰ সন্মানীয় সাংসদ বিজুলী কলিতা মেধি, জিলা আয়ুক্ত দেৱ প্ৰসাদ মিশ্ৰ, জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত, জিলা কৃষি বিষয়া স্বপ্নালী বৰুৱা, মহকুমা কৃষি বিষয়া তথা পি এম কিষাণৰ নডেল বিষয়া জ্যোতিপ্ৰসাদ দাস। লগতে উপস্থিত থাকে মহকুমা কৃষি বিষয়াদ্বয় ক্ৰমে গিৰিণ শৰ্মা আৰু মানস প্ৰতিম মহন্ত, জেষ্ঠ্য কৃষি উন্নয়ন বিষয়া ৰমনী শৰ্মা, কৃষি উন্নয়ন বিষয়াদ্বয় কংকণা মেধি আৰু প্ৰিয়ম্বী শইকীয়া, অন্যান্য বিষয়া কৰ্মচাৰীৰ লগতে শতাধিক কৃষক ৰাইজ। উক্ত অনুষ্ঠানত ভাষণ প্ৰদান কৰি বৰ্তমানলৈ মোদী চৰকাৰে কৃষকৰ বাবে আগবঢ়োৱা সা-সুবিধাসমূহৰ খতিয়ান দাঙি ধৰে দুয়োগৰাকী সাংসদে।
উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এখন কৃষি সামগ্ৰীৰ প্ৰদৰ্শনী। প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হয় কামৰূপ জিলাৰ বহু কেইটা কৃষক উৎপাদক কোম্পানী, আত্ম সহায়ক গোটৰ লগতে প্ৰগতিশীল কৃষকে নিজ উৎপাদিত সামগ্ৰীসমূহ। উল্লেখ্য যে, প্ৰদৰ্শনীত অংশগ্ৰহণকাৰী প্ৰতিগৰাকী কৃষকৰ লগত সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থকা বিজেপিৰ ৰাজ্যিক সভাপতি তথা মংগলদৈ সমষ্টিৰ মাননীয় সাংসদ দিলীপ শইকীয়া আৰু গুৱাহাটী সমষ্টিৰ সন্মানীয় সাংসদ বিজুলী কলিতা মেধিৰ লগতে জিলা আয়ুক্ত দেৱ প্ৰসাদ মিশ্ৰ, জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্তই মত-বিনিময় কৰে। ইফালে কৃষকসকলক কৃষি কৰ্ম কৰি যাবলৈ উৎসাহিত কৰি সাংসদ দিলীপ শইকীয়াই তেওঁলোকৰ উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ লগতে যদি সম্ভৱ জিলা আয়ুক্তৰ কাৰ্যালয়তে বিপণনৰ ব্যৱস্থা কৰিবলৈও জিলা আয়ুক্ত মহোদয়ক অনুৰোধ জনায়।
প্ৰদৰ্শনীত কামৰূপ জিলাৰ ৰামদিয়াৰ পৰা মনোজ কলিতাই তৰমুজ, হাজোৰ পৰা পঞ্চতীৰ্থ হানি-বি এপিয়াৰি (Panchatirtha Honey Bee Apiary)য়ে মৌ, আমিনগাঁৱৰ হেপ্পীচান ফুডচ প্ৰদাক্সন লিমিটেড (Happysun Foods Pvt. Ltd.) এ মিলেটৰে উৎপাদিত বিস্কুট, ভুজিয়া, লাড়ু, পোলাও, পায়সকে ধৰি বিভিন্ন সামগ্ৰী, মেৰঘৰ মহিলা কৃষক উৎপাদক কোম্পানীয়ে আৰু ৰঙিয়াৰ উত্তৰণ কৃষক উৎপাদক কোম্পানীয়ে তেওঁলোকৰ উৎপাদিত বিভিন্ন চাউল, চফিকুৰ ৰহমানে ষ্ট্ৰ’বেৰী, মাছৰুম ডেভেলপমেন্ট ফাউণ্ডেছনে কাঠফুলাৰ বিভিন্ন খাদ্য সামগ্ৰী ইত্যাদি বিভিন্ন খাদ্য সামগ্ৰী প্ৰদৰ্শন কৰে। ইয়াৰোপৰিও সাংসদ দ্বয়ৰ উপস্থিতিত জিলাখনৰ ১০ গৰাকী কৃষকক স্প্ৰেয়াৰ আৰু ২ গৰাকীক প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন যোজনাৰ সজুঁলি বিতৰণ কৰা হয়। উল্লেখ্য যে, কামৰূপ জিলাৰ মুঠ ১,১০,৫৭৭ গৰাকী যোগ্য হিতাধীকাৰীয়ে লাভ কৰে “প্ৰধানমন্ত্ৰী কৃষক সম্মান নিধি”ৰ ১৯ নং কিস্তিৰ ধন।