ঐতিহাসিত ক্ষণ ! ‘ঝুমইৰ বিনন্দিনী’ উপভোগ কৰিব ৬০ দেশৰ ৰাষ্ট্ৰদূতে, এই অনুষ্ঠানত আৰু কোন কোন উপস্থিত থাকিব ?
‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৬০ দেশৰ ৰাষ্ট্ৰদূতে । চাহ বাগিচা অঞ্চলৰ ৮ হাজাৰৰো অধিক যুৱক-যুৱতীৰ ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ব এই ৬০ দেশৰ ৰাষ্ট্ৰদূতসকল । ইতিমধ্যে এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰীয়ে ।

২৪ ফেব্ৰুৱাৰী সোমবাৰে সৰুসজাই ক্রীড়া প্রকল্পত অনুষ্ঠিত হ’বলগীয়া ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৬০ দেশৰ ৰাষ্ট্ৰদূতে । চাহ বাগিচা অঞ্চলৰ ৮ হাজাৰৰো অধিক যুৱক-যুৱতীৰ ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ব এই ৬০ দেশৰ ৰাষ্ট্ৰদূতসকল । ইতিমধ্যে এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰীয়ে । শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, সোমবাৰে চাহ বাগিচা অঞ্চলৰ ৮ হাজাৰৰো অধিক যুৱক-যুৱতীৰ ঝুমুৰ নৃত্য চাবলৈ ৰাজ্যত প্ৰথমবাৰৰ বাবে ৬০খন দেশৰ ৰাষ্ট্ৰদূত একত্ৰিত হ’ব।
উল্লেখ্য যে,‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইফালে ‘ঝুমইৰ বিনন্দিনী’ কাৰ্যসূচীত অংশগ্ৰহণ কৰা ৮৫০০ গৰাকী অংশগ্ৰহণকাৰীক ২৫ হাজাৰ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰিথে মুখ্য়মন্ত্ৰীয়ে । শনিবাৰে দিনটোত সৰুসজাই ষ্টেডিয়ামত ঝুমুৰ নৃত্যৰ প্ৰস্তুতি পৰ্যালোচনা কৰি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ২৪ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫:৩০ বজাৰ পৰা আৰম্ভ হ’ব ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠান । এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ৬০খন দেশৰ ৰাষ্ট্ৰদূত উপস্থিত থাকিব।
তেওঁ কয় যে, যদিও এই প্ৰদৰ্শনৰ জৰিয়তে বিশ্ব অভিলেখ গঢ়াৰ কোনো প্ৰচেষ্টা কৰা নহ’ব, তথাপিও ৬০ জন ৰাষ্ট্ৰদূতে একেলগে এই অনুষ্ঠান উপভোগ কৰাটো ৰাজ্যখনৰ বাবে গৌৰৱৰ কথা । মুখ্যমন্ত্ৰীয়ে লগতে কয়, “ঝুমুৰ নৃত্য প্ৰদৰ্শন হৈছে চাহ উদ্যোগৰ চহকী সংগীত আৰু নৃত্য পৰম্পৰাক বিশ্বৰ সন্মুখত স্থান দিয়াৰ আমাৰ প্ৰয়াস ।” চাহ বাগিচা এলেকাত অনুষ্ঠানটোৰ লাইভ ষ্ট্ৰীমিঙৰ ব্যৱস্থা কৰা হ’ব বুলিও কয় মুখ্যমন্ত্ৰীয়ে ।
লগতে মুখ্যমন্ত্ৰী শৰ্মাই সকলো অংশগ্ৰহণকাৰী আৰু মাষ্টাৰ ট্ৰেইনাৰত ২৫ হাজাৰ টকাকৈ দিয়া কথা ঘোষণা কৰিছে আৰু বিশেষজ্ঞ প্ৰশিক্ষকৰ বাবে ৩০ হাজাৰ টকা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে । ইয়াৰ উপৰিও চাহ বাগিচাত সাংস্কৃতিক সংঘ স্থাপনৰ বাবে প্ৰতিখন চাহ বাগিচালৈ ২৫ হাজাৰ টকা প্ৰদান কৰা হ’ব বুলিও লগতে কয় মুখ্যমন্ত্ৰীয়ে।