অসমৰ শক্তি, সম্ভাৱনা প্ৰতিফলিত প্ৰদৰ্শনী মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

পৰম্পৰাগত বস্ত্ৰ উদ্যোগ, পৰ্যটনৰ সম্ভাৱনাৰ পৰা আৰম্ভ কৰি ভৱিষ্যতৰ অৰ্ধপৰিবাহী ইউনিটলৈকে ৰাজ্যখনৰ পৰম্পৰাগত শক্তি আৰু ভৱিষ্যতৰ সম্ভাৱনা প্ৰদৰ্শিত প্ৰদৰ্শনী মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এডভান্টেজ আছাম ২.০ ব্যৱসায়িক সন্মিলনৰ অংশ হিচাপে এই প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে ।

অসমৰ শক্তি, সম্ভাৱনা প্ৰতিফলিত প্ৰদৰ্শনী মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী মোদী

Updated On: 

24 Feb 2025 20:40 PM

আজি অসমৰ পৰম্পৰাগত বস্ত্ৰ উদ্যোগ, পৰ্যটনৰ সম্ভাৱনাৰ পৰা আৰম্ভ কৰি ভৱিষ্যতৰ অৰ্ধপৰিবাহী ইউনিটলৈকে ৰাজ্যখনৰ পৰম্পৰাগত শক্তি আৰু ভৱিষ্যতৰ সম্ভাৱনা প্ৰদৰ্শিত প্ৰদৰ্শনী মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এডভান্টেজ আছাম ২.০ ব্যৱসায়িক সন্মিলনৰ অংশ হিচাপে এই প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে । ‘অসম এডভান্টেজ ২.০’ৰ আনুষ্ঠানিক উদ্বোধনৰ এদিন পূৰ্বে এই প্ৰদৰ্শনী মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।

সৰুসজাই ষ্টেডিয়ামত আয়োজিত ‘ঝুমইৰৰ বিনন্দিনী’ৰ অনুষ্ঠানত অংশগ্ৰহণৰ পাছতে প্ৰধানমন্ত্ৰীয়ে মহানগৰীৰ খানাপাৰা অঞ্চলৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰলৈ ৰাওনা হ’ব । এজন বিষয়াই সদৰী কৰা মতে, প্ৰধানমন্ত্ৰীগৰাকীয়ে বিভিন্ন ষ্টল পৰিদৰ্শন কৰিব আৰু অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব।

বিষয়াগৰাকীয়ে কয় যে,প্ৰধানমন্ত্ৰী মোদীয়ে ‘অসম – অতীত, বৰ্তমান আৰু ভৱিষ্যত’ শীৰ্ষক প্ৰদৰ্শনী পৰিদৰ্শন কৰিব । য’ত ৰাজ্যৰ পৰম্পৰাগত উদ্যোগসমূহৰ আভাস পোৱা যাব আৰু আন্তঃগাঁথনি প্ৰকল্পসমূহ উপস্থাপন কৰা হৈছে। বিষয়াগৰাকীয়ে কয়, “ৰাজ্যৰ বস্ত্ৰ উদ্যোগৰ পৰা আৰম্ভ কৰি পৰ্যটনৰ সম্ভাৱনালৈকে এক জিলা এক প্ৰডাক্টৰ পদক্ষেপলৈকে যিবোৰ খণ্ডত ইতিমধ্যে অসমৰ নাম আছে, সেয়া পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে।”

তেওঁ কয়, “তেওঁ দক্ষতা বিকাশ, আন্তঃগাঁথনি আৰু অৰ্ধপৰিবাহী উদ্যোগৰ দৰে ৰাজ্যখনৰ আশাব্যঞ্জক ভৱিষ্যত প্ৰদৰ্শন কৰা ষ্টলসমূহো পৰিদৰ্শন কৰিব।” ইয়াৰ উপৰিও সন্মিলনত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰদূতসকলৰ সৈতে মোদীয়ে চমুকৈ বন্ধ দুৱাৰৰ মাজত মত বিনিময় কৰাৰ কথা আছে বুলি বিষয়াসকলে জানিবলৈ দিছে ।

আপোনাৰ ছাল শুকান নেকি? তেন্তে ব্যৱহাৰ নকৰিব এইসমূহ সামগ্ৰী..
লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...