দিব শান্তিৰ বাৰ্তা ! গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

দেশৰ প্ৰধানমন্ত্ৰীগৰাকী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ কেবিনেট মন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলে।

দিব শান্তিৰ বাৰ্তা ! গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

গুৱাহাটীত প্ৰধানমন্ত্ৰী মোদী

Updated On: 

24 Feb 2025 20:07 PM

দুদিনীয় ভ্ৰমণসূচীৰে আজি বিয়লি অসমত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । দেশৰ প্ৰধানমন্ত্ৰীগৰাকী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ কেবিনেট মন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলে।

প্ৰধানমন্ত্ৰীগৰাকীক অসমীয়া গৌৰৱ ‘গামোছা’ৰে আদৰণি জনোৱা হয় । ইয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা সুৰুসজাই ষ্টেডিয়ামলৈকে যাত্ৰাৰ পথত বিভিন্ন জনগোষ্ঠীৰ শিল্পীসকলে পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰি সম্ভাষণ জনায়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ পাছতে সামাজিক মাধ্য়মত কয়, “বিশ্বৰ জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী জীক অসমলৈ আদৰণি জনোৱাটো এক সৌভাগ্য আৰু সন্মানৰ কথা । মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াই সুদূৰপ্রসাৰী দৃষ্টিভংগীৰে বিকশিত অসম নির্মাণৰ দিশত যোগাই অহা উৎসাহ-উদ্দীপনা আমাৰ বাবে সদায় এক প্রেৰণাৰ চিৰন্তন উৎস।”

আজিৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত ‘ঝুমইৰ বিনন্দিনী’ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । এই অনুষ্ঠানত চাহ বাগিচাৰ প্ৰায় ৯ হাজাৰ শিল্পীয়ে প্ৰদৰ্শন কৰে ঝুমুৰ নৃত্য । ‘ঝুমইৰ বিনন্দিনী’ ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।

লগতে এখন বিশেষ বাহনত উঠি ষ্টেডিয়ামৰ ভিতৰত শিল্পী আৰু দৰ্শকক সম্ভাষণ জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে। ঝুমইৰ প্ৰদৰ্শনৰ পিছতে ৰাজ্যখনৰ এক নিৰ্দিষ্ট সাংস্কৃতিক বিষয়বস্তুৰ ওপৰত লেজাৰ শ্ব’ অনুষ্ঠিত হয়। ইয়াৰ পাছতে মঙলবাৰে এডভান্টেজ আছাম ২.০ আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

আপোনাৰ ছাল শুকান নেকি? তেন্তে ব্যৱহাৰ নকৰিব এইসমূহ সামগ্ৰী..
লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...