শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজ্যৰ ৩,৮৮,৩৫৮ হিতাধিকাৰীক গৃহ নির্মাণৰ অনুমোদন পত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ…

আজি অসমৰ লাখ লাখ হিতাধিকাৰীয়ে লাভ কৰিলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ।মুঠ ৩,৮৮,৩৫৮টি গৃহ নির্মাণৰ অনুমোদন পত্ৰ বিতৰণ কৰে চৰকাৰে।

ৰাজ্যৰ ৩,৮৮,৩৫৮ হিতাধিকাৰীক গৃহ নির্মাণৰ অনুমোদন পত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ…
হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook (himanta biswa sarma)
barasha-sarma
Barasha Sarma | Published: 19 Mar 2025 17:14 PM

আজি ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে লাভ কৰিলে প্রধানমন্ত্রী আৱাস যোজনা গ্রামীণৰ অধীনত প্রথম কিস্তিৰ ধনৰাশি। প্রধানমন্ত্রী আৱাস যোজনাগ্ৰামীণৰ অধীনত মুঠ ৩,৮৮,৩৫৮টি গৃহ নির্মাণৰ অনুমোদন পত্ৰ বিতৰণ কৰে চৰকাৰে। আজি পলাশবাৰীত এখন ৰাজহুৱা সভা সম্বোধন কৰি একাংশ হিতাধিকাৰীৰ মাজত পত্ৰ বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে আগন্তুক সময়ৰ বাবেও বহু প্ৰতিশ্ৰুতি প্ৰদান কৰে। 

শৰ্মাই কয় যে, চৰকাৰে আগন্তুক সময়ত ২৬ লাখ পি এম এ ৱাই ঘৰৰ লক্ষ্য সম্পূৰ্ণ কৰিব। তেওঁ কয় যে আর্থিকভাৱে অনগ্রসৰ লোকৰ নিজা ঘৰ থকাটো নিশ্চিত কৰিবলৈ ১৫ লাখ অতিৰিক্ত ঘৰ প্রদানৰো পৰিকল্পনা হাতত ল’ব চৰকাৰে। এয়া এবাৰতে সম্ভৱ নহয়, যাৰ বাবে পৰিকল্পনা অনুসৰি অসমৰ প্ৰতি দৰিদ্ৰ লোকক ঘৰ প্ৰদান  কৰা হব।

শৰ্মাই কয় যে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ সময়ত প্ৰতিশ্ৰুতি দিছিল যে ৫ কোটি ভাৰতবাসীক প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ দিব। আজি সেই প্ৰতিশ্ৰুতি বাস্তৱত ৰূপায়ন কৰিবলৈ আগবাঢ়িছে চৰকাৰ । ইতিমধ্যে অসমত ২০ লাখতকৈ অধিক লোকে পকী গৃহ লাভ কৰিছে।

তেওঁ কয় যে, এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও লাখ লাখ মানুহক চৰকাৰে ঘৰ প্ৰদান কৰিছে। শৰ্মাই কয় যে, এবাৰতে সকলোকে ঘৰ দিয়া সম্ভৱ নহয়। কিয়নো বজাৰত বয়বস্তুৰ অভাৱ হব। লগতে দামো বৃদ্ধি হব। যাৰ বাবে চৰকাৰে পৰিকল্পনা অনুসৰি হিতাধিকাৰীক ঘৰ দিয়াৰ বাবে আগবাঢ়িছে। 

 

 

 

 

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, অসমৰ যোগ্য প্ৰতিগৰাকীয়ে ঘৰ লাভ কৰিব। অহা এপ্ৰিলৰ পাছত আৰু ছেপ্টেম্বৰৰ ভিতৰত বাকী ৰৈ যোৱা ৩ লাখ ৮০ হাজাৰক পুনৰ ঘৰ দিব চৰকাৰে। ইয়াৰ ফলত অসমত গৃহ লাভ কৰা মুঠ লোকৰ সংখ্যা হব ২৬,১১,১৯৩ । কিন্তু ইয়াৰ পাছতো ১০১২ লাখ পৰিয়াল থাকি যাব আৰু সেই লোকসকলৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদেশ মৰ্মে অসমৰ প্ৰতিগৰাকী দৰিদ্ৰ লোককে ঘৰ প্ৰদান কৰা হব।

হিতাধিকাৰীসকলৰ একাউন্টত আজি প্ৰথম কিস্তিৰ ধন সোমোৱাৰ কথা উল্লেখ কৰি শৰ্মাই কয় যে, আজি প্ৰথম অৱস্থাত হিতাধিকাৰীসকলৰ একাউন্টত ৩৭,৫০০ টকা সোমাব আৰু প্ৰথম কিস্তিৰ বাকী ধনখিনি কাইলৈ বা পৰহিলৈ সোমাব। পৰৱৰ্তী সময়ত নিয়ম অনুসৰি বাকী থকা কিস্তিৰ ধন সোমাব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।