শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Lakshminath Bezbarua: আজি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মজয়ন্তী,তেওঁৰ প্ৰথম অসমীয়া চুটি গল্পটোৰ নাম কি?

আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক বেজবৰুৱা। ভাৰতীয় নৱজাগৰণৰ উদাৰ মানৱতাবাদী দৃষ্টিভঙ্গী, বিজ্ঞানসন্মত চিন্তাধাৰাৰ সমাহাৰ ঘটোৱা আধুনিক অসমীয়া সাহিত্যৰ প্ৰাণ-পুৰুষ হ'ল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা।

Lakshminath Bezbarua: আজি ৰসৰাজ  লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মজয়ন্তী,তেওঁৰ প্ৰথম অসমীয়া চুটি গল্পটোৰ নাম কি?
আজি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মজয়ন্তী
barasha-misra
Barasha Misra | Published: 14 Oct 2024 13:58 PM

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। গল্প, উপন্যাস, প্ৰবন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়নৰ উপৰি কবিতা, নাটক আৰু সাংবাদিকতাতো বেজবৰুৱাৰ অৱদান অমূল্য। মাতৃভাষা প্ৰীতি, ভাষাৰ প্ৰতি কৰ্তব্যবোধ তথা সমাজ সচেতনতা বেজবৰুৱাৰ সাহিত্যত প্ৰকাশ পাইছিল। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই “কৃপাবৰী ৰচনা” সাহিত্য সৃষ্টি কৰি এজন সমাজ-সংস্কাৰক হিচাপে নিজৰ চিনাকি দিছিল। শংকৰ-মাধৱৰ জীৱনী ৰচনা কৰি বেজবৰুৱাই শংকৰদেৱক কেৱল এজন ধৰ্মগুৰু ৰূপেই নহয়, ভাষা-সাহিত্য-সংস্কৃতিৰ গুৰি-ধৰোঁতা আৰু সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমীয়া জাতিৰ প্ৰতিষ্ঠাতা বুলি প্ৰমাণ কৰি থৈ গৈছে। বিট্ৰিছৰ ৰাজত্বকালত এই অসমীয়া জাতিয়ে যেতিয়া আত্ম-বিস্মৃতিত ভুগিছিল, অসমীয়া মানুহৰ মনোবল আৰু স্ব-জ্ঞান ঘূৰাই আনি অসমীয়া জাতিৰ পুনৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত বেজবৰুৱাই অধিনায়কৰ ভূমিকা গ্ৰহণ কৰিছিল।

১৯০৯ চনত তেওঁ ‘বাঁহী’ আলোচনী প্ৰকাশ আৰু সম্পাদনা কৰিছিল৷ অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ লক্ষ্মীনাথ বেজবৰুৱাৰদ্বাৰাই ৰচিত৷ অসমীয়া সাহিত্য আৰু বৌদ্ধিক জগতত ‘ৰসৰাজ’ আৰু ‘সাহিত্যৰথী’ হিচাপে খ্যাত বেজবৰুৱাই ১৯২৪ চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল৷

প্ৰথমটো অসমীয়া চুটি গল্প লিখা সাহিত্যিক হিচাপেও লক্ষ্মীনাথ বেজবৰুৱা জনাজাত৷ বেজবৰুৱাৰ গল্প-সংকলক হৃদয়ানন্দ গগৈৰ মতে, বেজবৰুৱাই চুটি গল্প লিখিবলৈ লোৱা সময়ছোৱাত নিজ দেশৰ লগতে পাশ্চাত্য জগততো চুটিগল্পৰ অৱস্থা অত্যন্ত চালুকীয়া আছিল৷ ‘জোনাকী’ আলোচনীৰ চতুৰ্থ বছৰৰ চতুৰ্থ সংখ্যাত প্ৰকাশিত বেজবৰুৱাই লিখা ‘সেউতি’ গল্পটোকেই প্ৰথমটো অসমীয়া চুটি গল্প আখ্যা দিয়া হৈছে৷ বেজবৰুৱাৰ জীৱনকালত তিনিখন গল্পপুথি প্ৰকাশ কৰিছিল৷ সেইকেইখনৰ বৰ্ষ অনুযায়ী ক্ৰমটো হৈছে-সুৰভি (১৯০৯, জানুৱাৰী), সাধুকথাৰ কুঁকি (১৯১০), জোনবিৰি (১৯১৩)৷ আনহাতে তেখেতৰ মৃত্যুৰ পাছত তেখেতৰ এমুঠি অসংকলিত গল্প অতুল চন্দ্ৰ হাজৰিকাই কেহোঁকলি নামেৰে প্ৰকাশ কৰিব পাৰি বুলি ‘বেজবৰুৱা গ্ৰন্থাৱলী’ত (১৯৬৮) মন্তব্য কৰিছে৷ সেইখিনি গল্পৰ অধিকাংশই বাঁহী আলোচনীত প্ৰকাশিত৷

অসমৰ বিশিষ্ট সাহিত্যিক-সমালোচক ড০ হীৰেন গোহাঁয়ে লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন আৰু কৰ্মক স্বীকৃতি জনাই মন্তব্য কৰিছে যে-যি যি ক্ষেত্ৰত তেওঁ অসমীয়া সাহিত্যৰ অভাৱ বা দাৰিদ্ৰ্য অনুভৱ কৰিছিল সেই সেই ক্ষেত্ৰত প্ৰবল আত্মপ্ৰত্যয় আৰু প্ৰতিভাৰে তেওঁৰ সৃষ্টি কাৰ্যত কঁকালত টঙালি বান্ধি নামি গৈছিল৷

বেজবৰুৱাই আইন আৰু এম.এ শ্ৰেণীৰ ছাত্ৰ হৈ থকাৰ সময়তে ইংৰাজ চৰকাৰে তেওঁক মুন্সিফ্ পদ যাচিছিল যদিও তেওঁ‌ প্ৰত্যাখ্যান কৰিছিল। কিছুবছৰ পিছত গুৱাহাটীৰ বিশিষ্ট ব্যৱসায় প্ৰতিষ্ঠান ‘বৰুৱা-ফুকন-ব্ৰাদাৰ্স’ৰ মেনেজাৰ ভোলানাথ বৰুৱাৰ লগত তেওঁ‌ৰ সাক্ষাৎ হয়। সেই সময়ত গুৱাহাটীৰ ব্যৱসায় এৰি ভোলানাথ বৰুৱাই কলিকতালৈ ব্যৱসায়ৰ বাবে আহিছিল। লক্ষ্মীনাথ আৰু ভোলানাথ দুয়োৰে মাজত বন্ধুত্ব হয় আৰু দুয়ো লগলাগি প্ৰথমে কলিকতাত কাঠৰ কাৰবাৰ আৰম্ভ কৰে। পিছলৈ ১৯১৬ চনৰ পৰা ১৯১৭ চনলৈকে এবছৰ কলিকতাৰ ৱাৰ্ড কোম্পানীৰ অফিচত কাম কৰাৰ পিছত ১৯১৭ চনৰ ছেপ্তেম্বৰ মাহৰ পৰা কাঠৰ ব্যৱসায়ৰ বাবে সম্বলপুৰত থাকিবলৈ লয়।

লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ দীননাথ বেজবৰুৱাই ইংৰাজৰ আমোলত মুঞ্চিফৰ চাকৰি কৰিছিল। এবাৰ ডাঙৰীয়া দীননাথ বেজবৰুৱা চৰকাৰী কামত নগাঁৱৰ পৰা বৰপেটালৈ বদলি হৈ যাব লগা হৈছিল। সেইসময়ত আজিকালিৰ দৰে যানবাহনৰ ব্যৱস্থা নথকাত ব্ৰহ্মপুত্ৰৰ বুকুয়েদি নাৱেৰেই যাত্ৰা আৰম্ভ কৰিছিল। সেই দিনা আছিল কাতি মাহৰ লক্ষ্মী পূৰ্ণিমা। গধূলি আহঁতগুৰি নামে ঠাইত দীননাথ বেজবৰুৱাই সপৰিয়ালে নাও বান্ধি ৰাতিৰ ভাত খাবৰ কাৰণে ব্যৱস্থা কৰিছিল। দীননাথ বেজবৰুৱাৰ সৰুজনা পত্নী ঠানেশ্বৰী দেৱীয়ে ভাত ৰান্ধিবলৈ লওতে গা বেয়া লগাত নাওৰ বুকুলৈ আহি তাতেই এটি সন্তান জন্ম দিয়ে। এই সন্তানটিয়েই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। এই জন্ম সম্পৰ্কে দেউতাকে সোঁৱৰণী কৰিছিল যদিও বেজবৰুৱাই সেই সোঁৱৰণী দেখাৰ আগতেই জুয়ে পুৰি নষ্ট কৰাত শেষলৈ তেওঁ নিজৰ ‘মোৰ জীৱন সোঁৱৰণ’ ত সকলোৱে জানিব পৰকৈ এটি চন উল্লেখ কৰিছিল। তেওঁ উল্লেখ কৰা চনটো হ’ল ১৮৬৮ খৃষ্টাব্দ, নৱেম্বৰ মাহ। আনহাতে তেওঁ নিজকে সেইবাবে “ভূমিষ্ঠ নহৈ নৌকাস্থ হ’লোঁ” বুলিহে উল্লেখ কৰিছে।

বৰ্তমান অসম সাহিত্য সভাই তেওঁৰ জন্ম চন ১৮৬৪ চনৰ ১৪ অক্টোবৰ বুলি নিশ্চিত কৰিছে। আনহাতে বেজবৰুৱা গ্ৰন্থাৱলীৰ তৃতীয় খণ্ডত প্ৰকাশিত দিনলিপিত তেওঁ ১৯৩২ চনৰ ১৩ অক্টোবৰ বৃহস্পতিবাৰৰ দিনলিপিত “My birthday, fed Senapatis etc.” বুলি উল্লেখ কৰিছে। এই ফালৰ পৰা বেজবৰুৱাৰ জন্ম তাৰিখ ১৩ অক্টোবৰ বুলিও অনুমান কৰিব পাৰি।