বিশিষ্ট কবি সমীৰ তাঁতীলৈ ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা
কবি সমীৰ তাঁতীলৈ ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা। 'ফৰিংবোৰে বাটৰ কথা জানে' কাব্য গ্ৰন্থৰ বাবে আগবঢ়োৱা হৈছে এই বঁটা। ২০১২ চনৰ নৱেম্বৰত ছগনলাল জৈন সাহিত্য বঁটাৰে সন্মানিত কৰা হৈছিল সমীৰ তাঁতীক ৷ তেওঁক ২০১২ বৰ্ষৰ অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰিছিল ৱিলিয়ামছন মেগৰ শৈক্ষিক ন্যাসে ৷
প্ৰতিবছৰৰ দৰে এইবাৰো ঘোষণা কৰা হৈছে সাহিত্য অকাডেমী বঁটা। কবি সমীৰ তাঁতীলৈ ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা। ‘ফৰিংবোৰে বাটৰ কথা জানে’ কাব্য গ্ৰন্থৰ বাবে আগবঢ়োৱা হৈছে সাহিত্য অকাডেমী বঁটা। অসমৰ এজন কবি, কথাশিল্পী, চিত্ৰকৰ তথা সমাজকৰ্মী সমীৰ তাঁতী। সমীৰ তাঁতীৰ এই সফলতাত সামজিক মাধ্যমযোগে সকলোৱে জনাইছে শুভেচ্ছা। ইয়াৰ উপৰিও বড়ো ভাষাৰ বিশিষ্ট ঔপন্যাসিক অৰণ ৰাজাক আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা। ‘স্বৰ্ণি থাখাই’ নামৰ বড়ো উপন্যাসৰ বাবে অৰণ ৰাজালৈ এই বঁটা। শিক্ষাবিদ, সাহিত্যিক দীপক কুমাৰ শৰ্মালৈ ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা । সংস্কৃত ভাষাৰ ‘ভাস্কৰচৰিতম্’ গ্ৰন্থৰ বাবে সাহিত্যিকগৰাকীলৈ আগবঢ়োৱা হৈছে এই বঁটা।
১৯৫৫ চনৰ ৬ ফেব্ৰুৱাৰীত গোলাঘাট জিলাৰ বিহৰা চাহ বাগিছাত জন্মগ্ৰহণ কৰে সমীৰ তাঁতীয়ে। তেখেতৰ পিতৃ আছিল চাহ শ্ৰমিক কৰ্ণ তাঁতী আৰু মাতৃ নোৱাগ’ৰ তাঁতী। ১৯৩৭ চনতে ওড়িশাৰ কালাহান্দিৰ পৰা অসমলৈ আহিছিল কৰ্ণ তাঁতী।
ওড়িশাৰ এগৰাকী শিক্ষকৰ ওচৰত শিক্ষাজীৱনৰ পাতনি মেলিছিল তাঁতীয়ে। তাৰ এবছৰমান পাছত তেওঁ বিহৰাৰ এখন হিন্দী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰে। দুবছৰমান সেইখন বিদ্যালয়ত পঢ়াৰ পাছত তেওঁ অসমীয়া মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰে আৰু ১৯৭৪ চনত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। তাৰ পাছত ১৯৮৩ চনত কবি তাতীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে৷
হোমেন বৰগোহাঞিৰ দ্বাৰা সম্পাদিত “সাদিনীয়া নাগৰিক” কাককত উপ-সম্পাদক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল সমীৰ তাঁতীয়ে । তাৰ পিছত তেওঁ “দ্য ছেণ্টিনেল” কাকতত আৰ্হিকাকত চাওতা হিচাপে কাম কৰে। ইয়াৰ পিছত তেখেতে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত অনুবাদক, শৰাইঘাট মহাবিদ্যালয়ৰ প্ৰবক্তা, খানাপাৰাৰ গণেশ মন্দিৰ বিদ্যালয়ত শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি বৰ্তমান অসম চৰকাৰৰ জ্যেষ্ঠ পৰ্যটন অনুসন্ধান বিষয়াৰূপে কাম কৰি আছে।
১৯৭৯ চনত ‘নাগৰিক’ কাকতত সমীৰ তাঁতীৰ প্ৰথমটো কবিতা প্ৰকাশ পায়। বৰ্তমানলৈকে সমীৰ তাঁতীৰ বাৰখন কবিতাপুথি, সমালোচনা আৰু গদ্য সাহিত্যৰ চাৰিখন সংকলন, আফ্ৰিকীয় কবিতা আৰু জাপানী প্ৰেমৰ কবিতাৰ দুখন অনুদিত গ্ৰন্থ প্ৰকাশ পোৱাৰ লগতে তেখেতৰ সম্পাদনাৰে দুখন গল্প সংকলন প্ৰকাশ পাইছে। যুদ্ধভূমিৰ কবিতা (১৯৮৫), শোকাকুল উপত্যকা (১৯৯৩), সময় শব্দ সপোন (১৯৯৬), কদম ফুলাৰ ৰাতি (২০০১) আদি তেখেতৰ প্ৰকাশিত উল্লেখযোগ্য কবিতা সংকলন।
২০১২ চনৰ নৱেম্বৰত ছগনলাল জৈন সাহিত্য বঁটাৰে সন্মানিত কৰা হৈছিল সমীৰ তাঁতীক ৷ তেওঁক ২০১২ বৰ্ষৰ অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰিছিল ৱিলিয়ামছন মেগৰ শৈক্ষিক ন্যাসে ৷ সমীৰ তাঁতীয়ে ভূপালত ১৯৮৭ চনত অনুষ্ঠিত ভাৰতীয় কবিতাৰ প্ৰথম ত্ৰিবাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰে। তা ৰপিছত ১৯৮৮ চনত ভূপালত অনুষ্ঠিত ভাৰতীয় যুৱ লেখক সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে সেই বছৰেই এছিয়া কাব্য মহোৎসৱত যুৱ পৰ্যবেক্ষকৰ দায়িত্ব পালন কৰে। ২০০৭ চনত তেখেতে নতুন দিল্লীত অনুষ্ঠিত ‘ছাৰ্ক’ লেখকৰ সন্মিলন আৰু ২০০৮ চনত কলকাতাত অনুষ্ঠিত বিশ্ব কাব্য মহোৎসৱত অংশগ্ৰহণ কৰে। মুম্বাই, নতুন দিল্লী, কলকাতা, পাটনা, ভুৱনেশ্বৰ, কোনাৰ্ক আদি ঠাইত সাহিত্য অকাডেমিয়ে আযোজন কৰা বিভিন্ন সন্মিলনত তেখেত স্বৰচিত কবিতা পাঠৰ বাবে আমন্ত্ৰিত হৈ আহিছে।