5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কিয় আৰু কিদৰে সতীয়া ভাতৃয়ে হত্যা কৰিলে ২ কিশোৰক? ঘটনাৰ শিৰহৰণকাৰী বৰ্ণনা দিলে আৰক্ষীয়ে…

ঘটনা অনুসৰি, পুৱা দুই কিশোৰ ওলাই গৈছিল স্কুললৈ। পিছে পিছে মোমায়েকৰ বাইক লৈ গৈছিল নীৰজ।  আদবাটৰ পৰা বাইকত উঠাই লৈছিল ২ ভায়েকক।  ২ ভায়েকক পোনে পোনে লৈ গৈছিল হত্যাকাণ্ড সংঘটিত কৰা স্থানলৈ। তাত দুয়োকে হত্যা কৰিছিল নীৰজে।

কিয় আৰু কিদৰে সতীয়া ভাতৃয়ে হত্যা কৰিলে ২ কিশোৰক? ঘটনাৰ শিৰহৰণকাৰী বৰ্ণনা দিলে আৰক্ষীয়ে…
কিয় আৰু কিদৰে সতীয়া ভাতৃয়ে হত্যা কৰিলে ২ কিশোৰক?
trishna-kalita
Trishna Kalita | Updated On: 22 Dec 2024 09:51 AM

ফাদিল হৈছে টংলাৰ ২ কিশোৰৰ হত্যাকাণ্ডৰ ন ন তথ্য। শনিবাৰে দুই ভাতৃক হত্যাৰ সন্দেহত আৰক্ষীয়ে আটক কৰিছিল সতীয়া ভাতৃ নীৰজ শৰ্মাই। ইয়াৰ পাছতে পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য। আৰক্ষীৰ সন্মুখত চাঞ্চল্যকৰ স্বীকাৰোক্তি অভিযুক্ত নীৰজ শৰ্মাৰ। হত্যাকাণ্ড সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে বিটিআৰৰ IGP বিবেকৰাজ সিং আৰু ওদালগুৰিৰ আৰক্ষী অধীক্ষক পুস্কিন জৈনে। সংবাদলমেলত ঘটনাৰ সবিশেষ বিৱৰণ দিলে IGPগৰাকীয়ে।

ঘটনা অনুসৰি, পুৱা দুই কিশোৰ ওলাই গৈছিল স্কুললৈ। পিছে পিছে মোমায়েকৰ বাইক লৈ গৈছিল নীৰজ।  আদবাটৰ পৰা বাইকত উঠাই লৈছিল ২ ভায়েকক।  ২ ভায়েকক পোনে পোনে লৈ গৈছিল হত্যাকাণ্ড সংঘটিত কৰা স্থানলৈ। তাত দুয়োকে হত্যা কৰিছিল নীৰজে। হত্যা কৰি তেজ লগা কাপোৰবোৰ ৰাখিছিল মোমায়েকৰ ঘন।  মোমায়েকৰ ঘৰতে ৰাখিছিল হত্যাকাণ্ডত ব্যৱহৃত ডেগাৰখন।  গা ধুই পুনৰ পিতৃৰ লগত দুই ভায়েকক বিচাৰি ফুৰিছিল নীৰজে।  এই সকলো কথা আৰক্ষীৰ আগত স্বীকাৰ কৰিছে নীৰজে।

শনিবাৰে পুৱা এগৰাকী মহিলাই কচু কাটিবলৈ গৈ দেখিছিল মৃতদেহ দুটা। তাৰ পাছত খবৰ দিয়া হৈছিল আৰক্ষীক। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত প্ৰক্ৰিয়া।
ঘটনা সন্দর্ভত প্রায় ১০জনক সোধা-পোছা আৰক্ষীৰ। নীৰজক জেৰা কৰাত সন্দেহ উপজিছিল আৰক্ষীৰ কথাৰ ওলট-পালট হৈছিল নীৰজৰ। ইজনৰ পিছত সিজন আৰক্ষী বিষয়াই জেৰা কৰাত এই কথা স্বীকাৰ নীৰজৰ।

সংবাদলমেলত IGP বিবেকৰাজ সিঙে কয়, ‘নীৰজে হত্যাকাণ্ড সংঘটিত কৰিছিল। স্কুলৰ পৰা পোনে পোনে লৈ গৈছিল ঘটনাস্থলীলৈ। পুৱা ১০ৰ পৰা ১০:৩০ বজাৰ ভিতৰত এই ঘটনা সংঘটিত কৰিছিল।’ অৱশ্যে সংবাদমেলত আন কোনো লোক জড়িত থকাৰ সম্ভেদ পোৱা নাই বুলিও আৰক্ষী বিষয়াগৰাকীয়ে মন্তব্য কৰে। IGP সিঙে কয়, ‘বহুকেইজন লোকক এই ঘটনা সন্দৰ্ভত সোধা-পোছা কৰা হৈছে। চোকা অস্ত্ৰ ব্যৱহাৰ হৈছিল হত্যাকাণ্ডত। গুৱাহাটীৰ পৰা অহা ফৰেনচিক আৰু FSL টীমে নমুনা সংগ্ৰহ কৰিছে।’ লগতে নীৰজ ঘৰুৱাভাৱে কিছু হীনমন্যতাত ভুগিছিল বুলিও আৰক্ষীয়ে সংবাদমেলত সদৰী কৰে।

ইফালে পিতৃৰ পৰা বিচৰা মৰম নোপোৱাৰ বাবেই দুই ভাতৃক হত্যা কৰিছিল নীৰজ শৰ্মাই। হত্যাকাণ্ডত কোনো তৃতীয় ব্যক্তি জড়িতৰ প্ৰমাণ পোৱা নাই আৰক্ষীয়ে। সংবাদমেলত এই কথা জনালে BTRৰ IGP বিবেক ৰাজ সিঙে।

উল্লেখ্য যে, টংলাৰ যোৰপুখুৰীৰ পৰা নিৰুদিষ্ট হৈছিল গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা । শুকুৰবাৰে স্কুললৈ যোৱাৰ পথৰ পৰা নিখোজ হৈছিল মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ দুই পুত্ৰ । শনিবাৰে টংলাৰ সস্তপাৰাত দুয়োৰে মৃতদেহ উদ্ধাৰ কৰা হয়। ডিঙি কটা অৱস্থাত উদ্ধাৰ কৰা হৈছে দুয়োটা মৃতদেহ।

Latest News