আৰক্ষীৰ গুলীত আহত ভেটাপাৰাৰ মহিলা আক্ৰমণকাৰী, গুলীবিদ্ধ আজুল হকক GMCHলৈ প্ৰেৰণ…
মহানগৰীত আৰক্ষীৰ এনকাউণ্টাৰ! আৰক্ষীৰ গুলীত আহত এজন অপৰাধী ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰোঁতেই আজুল হকক গুলীয়ালে আৰক্ষীয়ে৷ পুৱতি নিশা ভঙাগড় পাহাৰত গুলীচালনাৰ ঘটনা।
গুৱাহাটী মহানগৰীত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। আৰক্ষীৰ গুলীত আহত এজন অপৰাধী ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰোঁতেই আজুল হকক গুলীয়ালে আৰক্ষীয়ে৷ পুৱতি নিশা ভঙাগড় পাহাৰত গুলীচালনাৰ ঘটনা। আৰক্ষীৰ বেহু ফালি পলাবলৈ লওতে আৰক্ষীৰ গুলীচালনা কৰে আৰক্ষীয়ে। ভৰিত গুলী লাগে অভিযুক্ত আজুল হকৰ। ভেটাপাৰাৰ গ’ল্ডেন পথত এগৰাকী মহিলাক আক্ৰমণ কৰিছিল আজুলে। সম্প্ৰতি GMCHত চিকিৎসাধীন গুলীবিদ্ধ আজুল হক।
উল্লেখ্য যে শুকুৰবাৰে সন্ধিয়া মহানগৰীৰ ভেটাপাৰাত সংঘটিত হৈছিল এটা ভয়ংকৰ ঘটনা। জোনালী দাস নামৰ মহিলাক ডিঙি কাটি হত্যাৰ চেষ্টা আজুল হক নামৰ এজন দুৰ্বৃত্তৰ। ঘটনা সংঘটিত কৰি পলায়ন কৰে যুৱকজনে। পাছত স্থানীয় ৰাইজে খেদি খেদি কৰায়ত্ত কৰে দুৰ্বৃত্তটোক। জানিব পৰা মতে পূৰ্বে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত জে’ললৈও গৈছিল আজুল হক।
ভেটাপাৰাত খোজকাঢ়ি আহি থকা সময়তে মহিলাগৰাকীৰ ওপৰত ছুৰিৰে আক্ৰমণ চলাই যুৱকজনে। তাৰ পাছতে ৰাইজৰ ৰোষত পৰে আজুল হক। ৰাইজে লম্পদ আজুলক ধৰি উত্তম-মধ্যম শোধাই । ইয়াৰ লগে লগে ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। পাছত আৰক্ষী উপস্থিত হোৱাত হে নিয়ন্ত্ৰণলৈ আহে সকলো। সংকটজনক অৱস্থাত দুয়োকে ভৰ্তি কৰোৱা হয় GMCHত ।
তাৰ পাছত হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আক্ৰমণকাৰী যুৱক আজুলক। মহিলাগৰাকীৰ ডিঙি ৰেপি হত্যাৰ চেষ্টা চলাইছিল অভিযুক্ত যুৱকজনে। জানিব পৰা মতে এখন বাইকত আহিছিল যুৱকজন। বাইকখন আঁতৰত ৰাখি মহিলাগৰাকীক অনুসৰণ কৰিছিল আজুলে। মহিলাগৰাকী ওচৰ পোৱাৰ লগে লগে পকেটৰ পৰা এখন ছুৰী উলিয়াই মহিলাগৰাকীৰ ডিঙিত উপৰ্যুপৰি আক্ৰমণ কৰে। ছুৰিকাঘাতৰ বলি হোৱা মহিলাগৰাকীৰ নাম ফুলমতী দাস। গুৰুতৰভাৱে আহত ফুলমতী দাস তিনি সন্তানৰ মাতৃ।
অৱশ্যে এতিয়াও পোহৰলৈ অহা নাই ঘটনাৰ আঁৰৰ কাৰণ। সেয়া যি কি নহওক মহানগৰীৰ মাজ-মজিয়াত নিতৌ সংঘটিত হোৱা ঘটনাত এতিয়া সংকিত হৈ পৰিছে সকলো। কেইদিনমান পূৰ্বে মহানগৰীৰ নাহৰণি পথত সংঘটিত হৈছিল এনে ঘটনা। ৰাজপথতে এগৰাকী মহিলাক ছুৰীকাঘাত কৰি নিজকো শেষ কৰাৰ অপচেষ্টা ঘাতকৰ। ছুৰীকাঘাতত গুৰুতৰভাৱে আহত মৌচুমি গগৈক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। পুৱা ৰেপিড’ বুক কৰি ভাৰাঘৰৰ গে’টৰ সন্মুখত ৰৈ আছিল মৌচুমী গগৈ। সেই সময়তে এখন ছুইফ্ট ডিজায়াৰ বাহন আহি যুৱতীগৰাকীক আক্ৰমণ কৰিছিল ভূপেন দাসে। মৌচুমীৰ পেট, ডিঙি আৰু হাতত ছুৰিৰে আঘাত কৰিছিল ভূপেনে। প্ৰেমৰ বাবেই সংঘটিত হৈছিল এই ঘটনা।