শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

তেজপুৰত আৰক্ষীৰ গুলীচালনা! আহত যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা চলোৱা দুৰ্বৃত্ত

তেজপুৰত যুৱতীক নিৰ্যাতনৰ ঘটনাৰ পিছতে আটক কৰা হৈছিল এটা অভিযুক্তক।ইয়াৰ পাছতে নিশা মিৰাজক লৈ অভিযান চলাইছিল আৰক্ষীয়ে। সেই সময়তে পলায়নৰ চেষ্টা কৰিছিল। আৰক্ষীৰ পিষ্টল কাঢ়ি পলাবলৈ চেষ্টা কৰিছিল মিৰাজ আলীয়ে। যাৰ ফলত গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী।

তেজপুৰত আৰক্ষীৰ গুলীচালনা! আহত যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা চলোৱা দুৰ্বৃত্ত
তেজপুৰত আৰক্ষীৰ এনকাউণ্টাৰ!
trishna-kalita
Trishna Kalita | Updated On: 24 Aug 2024 11:35 AM

ৰাজ্যত বিগত কেইবাদিন ধৰি সংঘটিত হৈছে অপৰাধমূলক ঘটনা। শুকুৰবাৰে সান্ধ্য ভ্ৰমণলৈ যোৱা অসমীয়া যুৱতীক নিৰ্যাতন চলাইছিল দুই পাষণ্ডই। তেজপুৰৰ অম্বিকাগিৰি নগৰত সংঘটিত হৈছিল এই জঘন্য ঘটনা। ঘটনাৰ সময়ত চাইকেলেৰে আহি আছিল দুই অভিযুক্ত। দুয়োজন অভিযুক্ত পেছাত শ্ৰমিক। দুয়োৰে ঘৰ তেজপুৰৰ যোৰগড়ত। সান্ধ্য ভ্ৰমণৰ সময়তে পিছফালৰ পৰা যুৱতীক আক্ৰমণ কৰিছিল মিৰাজে৷

ঘটনাৰ পাছত ভুক্তভোগী যুৱতীগৰাকীয়ে মহাভৈৰৱ আৰক্ষী চকীত দাখিল কৰে এজাহাৰ। এই ঘটনাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। আৰক্ষী চকীত ভিৰ কৰে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে। সকলোৱে দোষীক উচিত শাস্তিৰ দাবী জনায়। দুৰ্বৃত্তৰ শাস্তি বিচাৰি নিশা আৰক্ষী থানা ঘেৰাও ক্ষোভিত ৰাইজৰ।

ঘটনাৰ পিছতে আটক কৰা হৈছিল এটা অভিযুক্তক।ইয়াৰ পাছতে নিশা মিৰাজক লৈ অভিযান চলাইছিল আৰক্ষীয়ে। সেই সময়তে পলায়নৰ চেষ্টা কৰিছিল। আৰক্ষীৰ পিষ্টল কাঢ়ি পলাবলৈ চেষ্টা কৰিছিল মিৰাজ আলীয়ে। যাৰ ফলত গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী। সোঁ ভৰিত গুলী লগা মিৰাজক TMCHত ভৰ্তি কৰোৱা হৈছে। ইফালে আৰক্ষীৰ অভিযানত কৰায়ত্ত হৈছে আনটো লম্পট শ্বাহৰুখ হুছেইন।

ইয়াৰ উপৰিও ২২ আগষ্টত ধিঙৰ ভকত গাঁৱত সংঘটিত হৈছিল এক নাৰকীয় কাণ্ড। সন্ধিয়া টিউচনৰ পৰা ঘৰলৈ উভতাৰ পথতে দশম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰীক তিনি যুৱকে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই জঘন্য কাণ্ড সংঘটিত কৰাৰ পিছতে কিশোৰীগৰাকীক মুমূৰ্ষু অৱস্থাত পথৰ কাষত পেলাই থৈ গৈছিল তিনি অভিযুক্তই। তাৰ পাছতে শুকুৰবাৰে মূল অভিযুক্ত তফজ্জুলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ধৰ্ষণকাণ্ড সংঘটিত হোৱা স্থানলৈ তদন্তৰ বাবে লৈ গৈছিল আৰু সেই সময়তে আৰক্ষীৰ পৰা পলায়নৰ চেষ্টা কৰি তফজ্জুলে ঘটনাস্থলীৰ সমীপৰ এটা পুখুৰীত জাঁপ দিয়ে। প্ৰায় দুই ঘণ্টাজোৰা অভিযানৰ অন্তত পুখুৰীটোৰ পৰা অভিযুক্ত তফজ্জুলৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আন দুটা অপৰাধীক কৰায়ত্ত কৰি শীঘ্ৰে শাস্তি প্ৰদানৰ দাবী ৰাইজৰ।

ইফালে বিশ্বনাথ জিলাৰ বিহালীত কিশোৰীক দলবদ্ধ বলাৎকাৰৰ অপচেষ্টা৷ ঘটনাৰ লগত জড়িত ৩টা পাষণ্ডক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । ঘটনাক লৈ ২২ জনক সোধা-পোছা অব্যাহত৷ মাজুলীতো যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা জাতীয় সংগঠনৰ নেতাৰ৷

ৰাজ্যত সংঘটিত এনেবোৰ ঘটনাৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী। অপৰাধীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোনো অপৰাধী সাৰি যাব নোৱাৰে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।