সাংবাদিক দিলোৱাৰ হুছেইনৰ বাসগৃহত আৰক্ষীৰ অভিযান, দোষী সাব্যস্ত হ’লে হ’ব পাৰে ১০ বছৰ পৰ্যন্ত জে’ল

বৃহস্পতিবাৰে সাংবাদিকগৰাকীক গ্ৰেপ্তাৰৰ পাছতেই লৈ যোৱা হয় পাণবজাৰ থানালৈ। BNSৰ ৩২৯/৩২৪(৪)/৩৫১(৩) ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে দিলোৱাৰক। BNSৰ ৩০৯(৪)/১১৫ ধাৰা আৰোপ কৰা হৈছে দিলোৱাৰৰ বিৰুদ্ধে। ইয়াৰে ৩০৯(৪) ধাৰা জামিনযোগ্য নহয়।

সাংবাদিক দিলোৱাৰ হুছেইনৰ বাসগৃহত আৰক্ষীৰ অভিযান, দোষী সাব্যস্ত হ’লে হ’ব পাৰে ১০ বছৰ পৰ্যন্ত জে’ল

সাংবাদিক দিলোৱাৰ হুছেইন

Updated On: 

29 Mar 2025 00:15 AM

পুনৰ গ্ৰেপ্তাৰ কৰা  হৈছে সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক। বৃহস্পতিবাৰে সাংবাদিকগৰাকীক গ্ৰেপ্তাৰৰ পাছতেই লৈ যোৱা হয় পাণবজাৰ থানালৈ। BNSৰ ৩২৯/৩২৪(৪)/৩৫১(৩) ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে দিলোৱাৰক। BNSৰ ৩০৯(৪)/১১৫ ধাৰা আৰোপ কৰা হৈছে দিলোৱাৰৰ বিৰুদ্ধে। ইয়াৰে ৩০৯(৪) ধাৰা জামিনযোগ্য নহয়। দোষী সাব্যস্ত হ’লে হ’ব পাৰে ১০ বছৰ পৰ্যন্ত জে’ল।

ইফালে দিলোৱাৰ হুছেইন মজুমদাৰৰ বাসগৃহত পাণবজাৰ আৰক্ষীৰ অভিযান৷ দিলোৱাৰ হুছেইনক লগত লৈ ঘোঁৰামৰাৰ প্ৰাগজ্যোতিষ হাউছিঙৰ ঘৰত এই অভিযান৷ পাণবজাৰ আৰক্ষীৰ এটা দলে পুৱা ৪ বজাত প্ৰাগজ্যোতিষ হাউছিং কলনীত চলায় অভিযান।  দিলোৱাৰ হুছেইনৰ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ লগতে আয়ৰ উৎস বিচাৰি অভিযান চলায় আৰক্ষীয়ে। ঘৰত তন্ন তন্ন তালাচি চলাই আৰক্ষীয়ে জব্দ কৰে বহু নথি পত্ৰ। দিলোৱাৰ হুছেইন মজুমদাৰৰ গণেশগুৰিৰ ব্যৱসায়িক প্ৰতিষ্ঠানতো আৰক্ষীয়ে চলায় অভিযান।

এই সন্দৰ্ভত দিলোৱাৰ হুছেইনে কয় যে, ‘মই আইনৰ মানুহ, মই আৰক্ষীক ১০০ শতাংশই সহায় কৰিম।” তেওঁ কয়, “ন্যায়ালয়ৰ ওপৰত আস্থা ভৰষা আছে, ন্যায়ালয়ে সম্পূৰ্ণৰূপে মোক ন্যায় দিব মই আশাবাদী। মই আইনৰ মানুহ, তদন্তত সম্পূৰ্ণৰূপে মই আৰক্ষীক সহায় সহযোগ কৰি আছোঁ।” ইয়াৰ পূৰ্বে গ্ৰেপ্তাৰ হোৱাৰ সময়ত তেওঁ কয়, “মোক এতিয়া যিটো গোচৰত গ্ৰেপ্তাৰ কৰিব সেয়া সম্পূৰ্ণৰূপে ভূৱা”। ইফালে  সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘মোৰ বিৰুদ্ধে কোনোবাই কিবা লিখিছে সেইকাৰণে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই। তেওঁৰ বিৰুদ্ধে দুই-তিনিটা গোচৰ আছে বাবেহে গ্ৰেপ্তাৰ হৈছে। প’ৰ্টেলত কৰ্মৰত সকলক এতিয়ালৈ চৰকাৰেও সাংবাদিক বুলি স্বীকৃতি দিয়া নাই।’

উল্লেখ্য যে, মঙলবাৰে নিশা পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সাংবাদিকগৰাকীক। সাংবাদিকগৰাকীৰ মুক্তিৰ দাবী সংবাদকৰ্মীৰ লগতে একাংশ দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে।ইয়াৰ বিৰোধীতাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত ৰাজ্যৰ প্ৰতিটো সংবাদ গোষ্ঠীৰ জ্যেষ্ঠ, কনিষ্ঠ সাংবাদিক একত্ৰিত হৈ সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰথমৱস্থাত ন্যায়ালয়ে জামিন আবেদন নাকচ কৰিলে সাংবাদিক  দিলোৱাৰ হুছেইন মজুমদাৰৰ। তাৰ পাছত আৰক্ষীয়ে উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ বাবে কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে জামিন প্ৰদান কৰিছে জ্যেষ্ঠ সাংবাদিকগৰাকীক। জানিব পৰা মতে, এপেক্স বেংকৰ কেলেংকাৰি সন্দৰ্ভত প্ৰশ্ন কৰিছিল দিলোৱাৰে।  বেংকটোৰ MD ডম্বৰু শইকীয়াক প্ৰশ্ন কৰিছিল সাংবাদিকগৰাকীয়ে।

কিন্তু বৃহস্পতিবাৰে আন এটা গোচৰত সাংবাদিকগৰাকীৰ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বেংকৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ লৈ পলায়ন কৰাৰ অভিযোগ দিলোৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে। ১১১/২৫ নং গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে সাংবাদিকগৰাকীক। তাৰ পাছতে আৰক্ষীয়ে অভিয়ান চলায় দিলোৱাৰ হুছেইনৰ বাসগৃহত। এই পাছত সৃষ্টি হৈছে নতুন চাঞ্চল্যৰ। সাংবাদিকগৰাকীক মুকলি কৰি দিয়াৰ দাবী একাংশ দল-সংগঠনৰ লগতে সংবাদকৰ্মীসকলৰ।

Ghibli আৰ্টৰ মাষ্টাৰমাইণ্ড কোন জানেনে?
কাৰ নামত কিমান সম্পত্তি লিখি থৈ গ'ল টাটাই? তালিকাত নাম ঘৰুৱা সহায়কৰ পৰা পোহনীয়া কুকুৰলৈ...
ৰিয়ান পৰাগ কিমান সম্পত্তিৰ মালিক? শুনি হ'ব আচৰিত...
শৰীৰৰ কোন ঠাইত তিল থকা শুভ? জানক ইয়াৰ প্ৰতিটো অৰ্থ...