আৰম্ভণিতেই কন্দল! উগ্ৰ ৰূপ ধৰি বিৰোধীৰ সভা এৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, কি ঘটিল সভাত?
বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোহাঁইৰ আহ্বানত তথা নাগৰিক সমাজৰ উদ্যোগত আজি সোণাপুৰৰ আতিথ্য ৰিজৰ্টত আজি সমবেত হৈছিল বিৰোধীৰ নেতৃত্ব। পিছে ঐক্যবদ্ধ বিৰোধী জোঁট গঠনৰ এই প্ৰচেষ্টাৰ আৰম্ভণিতেই আজি লাগিছে কন্দল। সন্মিলিত বিৰোধীৰ সভা এৰি হঠাতে বৈঠক কক্ষৰ পৰা উগ্ৰ ৰূপ ধাৰণ কৰি ওলাই আহে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ।

বিধানসভা উপ-নিৰ্বাচনৰ সময়ত সৃষ্টি হোৱা সংঘাত পাহৰি পুনৰ এবাৰ ঐক্যবদ্ধ হোৱাৰ চেষ্টা চলাইছে বিৰোধীয়ে। বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোহাঁইৰ আহ্বানত তথা নাগৰিক সমাজৰ উদ্যোগত পুনৰ বিৰোধীক সন্মিলিত কৰি তোলাৰ বাবে চলোৱা হৈছে প্ৰচেষ্টা। এই প্ৰচেষ্টাৰ অংশ স্বৰূপেই আজি সোণাপুৰৰ আতিথ্য ৰিজৰ্টত আজি সমবেত হৈছিল বিৰোধীৰ নেতৃত্ব। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰাইজৰ দলৰ অখিল গগৈ, অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈ, চিপিআই (এম)ৰ মনোৰঞ্জন তালুকদাৰৰ লগতে বহুকেইটা ৰাজনৈতিক দলৰ নেতৃত্ব উপস্থিত থাকে এই বৈঠকত।
পিছে ঐক্যবদ্ধ বিৰোধী জোঁট গঠনৰ এই প্ৰচেষ্টাৰ আৰম্ভণিতেই আজি লাগিছে কন্দল। সন্মিলিত বিৰোধীৰ সভা এৰি হঠাতে বৈঠক কক্ষৰ পৰা উগ্ৰ ৰূপ ধাৰণ কৰি ওলাই আহে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ। বৈঠকত উপস্থিত কেইবাজনো ব্যক্তিয়ে কংগ্ৰেছ নেতাগৰাকীক এইসময়ত বাধা দিবলৈ চেষ্টা কৰাও পৰিলক্ষিত হয়। ইয়াৰ পিছতে প্ৰদ্যুৎ বৰদলৈৰ সভা ত্যাগক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চৰ্চাৰ।
ইফালে সভাকক্ষৰ বাহিৰত উপস্থিত থকা সংবাদ মাধ্যমে প্ৰদ্যুৎ বৰদলৈৰ পৰা এই বিষয়ত বিতং তথ্য আহৰণৰ চেষ্টা চলায় যদিও সাংসদগৰাকীয়ে এই সন্দৰ্ভত মতামত দিয়াৰ পৰা বিৰত থাকে। এই বিষয়ত পিছত জানিব পাৰিব বুলি উল্লেখ কৰি প্ৰদ্যুৎ বৰদলৈয়ে সভাৰ স্থান ত্যাগ কৰে। লক্ষণীয়ভাৱে সেই সময়তে অখিল গগৈ সম্পৰ্কীয় সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত প্ৰদ্যুৎ বৰদলৈৰ মন্তব্যই বিশেষ চৰ্চা লাভ কৰিছে।
অখিল গগৈয়ে কংগ্ৰেছ সম্পৰ্কত কৰা মন্তব্যৰ বিষয়ে সাংবাদিকে উল্লেখ কৰাত প্ৰদ্যুৎ বৰদলৈয়ে ‘কংগ্ৰেছে যদি ৰামঠগন দিয়ে বুলি অখিল গগৈয়ে কৈছে, তেনেহলে কিয় কংগ্ৰেছৰ সৈতে কাম কৰিবলৈ আহিছে’ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। সাংসদগৰাকীৰ এনে মন্তব্যই বৈঠকত অখিল গগৈৰ সৈতেই তেওঁৰ কোনো সংঘাত হোৱাৰ ইংগিত প্ৰদান কৰা বুলি ধাৰণা কৰা হৈছে। তেওঁ লগতে ‘মোৰ দলক অপমান কৰিলে মই কিয় থাকিম’ বুলি আন এক মন্তব্যও কৰে।
অৱশ্যে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সভা ত্যাগৰ পিছতো বিৰোধীৰ এই বৈঠক আগবাঢ়ে। বৈঠকৰ পিছত কংগ্ৰেছ সভাপতি ভূপেন বৰা, ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ আৰু অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ঐক্যমঞ্চ গঠনৰ এই প্ৰথম প্ৰচেষ্টা সফল হোৱা বুলি উল্লেখ কৰে। কিন্তু আটাইকেইজনেই এই বিষয়ত বিস্তৃত মন্তব্য কৰাৰ পৰা বিৰত থাকে আৰু বৈঠকৰ আহ্বায়ক নাগৰিক সমাজে এই বিষয়ত তথ্য প্ৰকাশ কৰিব বুলি উল্লেখ কৰে।
আনহাতে বৈঠকৰ আহ্বায়ক অজিৎ কুমাৰ ভূঞা আৰু হৰেকৃষ্ণ ডেকাই এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি বৈঠকত কিছু যুক্তি-তৰ্ক হৈছিল যদিও প্ৰতিটো দল বিৰোধী ঐক্য গঠনত সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত সকলো বিৰোধী দলে ঐক্যবদ্ধভাৱে বিজেপিৰ বিপক্ষে অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছে বুলি আহ্বায়কদ্ব্যে উল্লেখ কৰিছে।