Raas Mahotsav: সমাগত ৰাস মহোৎসৱ, অসমৰ মুখা শিল্পীসকলৰ পৰশত জীৱন্ত হৈ উঠিছে বিভিন্ন ধৰণৰ মুখা
ৰাজ্যত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। কি উজনি-কি নামনি, চৌদিশে মাথোঁ আৰম্ভ কৃষ্ণৰ বন্দনা। ৰাসৰ পূৰ্বে কৃষ্ণৰ নাটত ব্যৱহাৰ কৰিবলৈ বহুতো মুখা সাজি উলিয়াইছে মুখা শিল্পীসকলে। অসমৰ মুখা শিল্পৰ আছে অনন্য বৈশিষ্ট্য। মুখাশিল্প হৈছে অসমৰ এবিধ প্ৰাচীন লোককলা। শ্ৰীমন্ত শংকৰদেৱক অসমৰ মুখা শিল্পৰ জনক বুলি গণ্য কৰা হয়।
ৰাসলৈ কেইটামান দিন মাথোঁ বাকী আছে। ৰাজ্যৰ বিভিন্ন স্থানত বিভিন্ন ধৰণে ৰাস উদযাপন কৰা হয়। কৰোবাত যদি মানুহেৰে ৰাসলীলা দেখুওৱা হয় আন কৰোবাত মৃন্ময় মূৰ্তি। শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা ৰাসলীলা মাজুলীবাসীৰ বাবে মুখ্য উৎসৱ। মূলত: আধ্যাত্মিক তত্ত্বসমৃদ্ধ ৰাসলীলা অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় যদিও মাজুলীৰ ৰাসলীলাত হোৱা আড়ম্বৰপূৰ্ণ অনুষ্ঠানে সুকীয়া বৈশিষ্ট্য বহন কৰে। ভক্তিৰসৰ মধুৰ সমন্বয়েই ৰাসলীলা। শৰতকালৰ জ্যোৎস্না প্লাৱিত ৰাতিত, গোপীসকলক প্ৰেমৰসত আপ্লুত কৰি শ্ৰীকৃষ্ণই যি লীলাৰে বৃন্দাবন উৎফুল্ল কৰি তুলিছিল সেই প্ৰেমলীলাই ৰাস মহোৎসৱৰ প্ৰতিপাদ্য বিষয়। সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নদীদ্বীপ মাজুলী ৰাসলীলা প্ৰদৰ্শনৰ স্বৰ্ণক্ষেত্ৰ বুলিলেও বঢ়াই কোৱা নহ’ব। বৰ্ষাকালৰ বানত জুৰুলা হোৱা মাজুলীবাসীয়ে বৰ্ষান্তত নৱ উদ্যম আৰু হেঁপাহেৰে ৰাস মহোৎসৱৰ বাবে প্ৰস্তুত হয়। লক্ষ্মী পূৰ্ণিমাৰ দিনাৰ পৰাই নাটকৰ আখৰা আৰম্ভ কৰি এমহীয়া পৰিক্ৰমাৰ অন্তত তিনিদিনীয়াকৈ ৰাস অনুষ্ঠিত কৰা হয়।
ঐতিহ্যমণ্ডিত দক্ষিণপাট সত্ৰত ৰাসলীলাৰ নাট্য-কাহিনীৰ লগত সমান্তৰালভাৱে বৃন্দাবন চন্দ্ৰ মহাপ্ৰভুৰ পূজা অনুষ্ঠানে সত্ৰৰ পৰিৱেশ আধ্যাত্মিক ৰসসিক্ত কৰি তোলে। শ্ৰী শ্ৰী আউনীআটী সত্ৰত পূজা আৰু ৰাসলীলাৰ অভিনয় কৰা হয়। এই সত্ৰত ৰাসলীলা নাটকত শ্ৰীকৃষ্ণৰ গোষ্ঠলীলা আৰু মহাৰাস প্ৰদৰ্শন কৰা হয়। চামগুৰি সত্ৰৰ মাংগলিক পৰিৱেশত বৃন্দাবন চন্দ্ৰ মহাপ্ৰভুৰ পূজা আৰু ৰাসলীলা অভিনয়েৰে এই উৎসৱ উদযাপন কৰা হয়। মুখা ব্যৱহাৰৰ চমৎকাৰী কৌশল এই সত্ৰৰ ৰাসলীলাৰ অন্যতম বৈশিষ্ট্য। শ্ৰী শ্ৰী বেঙেনাআটী সত্ৰত পৰম্পৰাগতভাৱে গোবিন্দ মূৰ্তিৰ পূজাৰে ৰাসলীলা অনুষ্ঠিত কৰে। গড়মূৰ সত্ৰত আধুনিক মঞ্চৰ উপযোগীকৈ ৰাসলীলা প্ৰদৰ্শন কৰা হয়। উত্তৰ কমলাবাৰী সত্ৰ, নতুন কমলাবাৰী সত্ৰ প্ৰমুখ্যে মাজুলীৰ বিভিন্ন স্থানত প্ৰদৰ্শিত প্ৰায় পঞ্চাশটি মঞ্চত আয়োজন কৰা ৰাসলীলাৰ আকৰ্ষণীয়তাই দৰ্শকক বিস্ময় মুগ্ধ কৰি আহিছে। এইসমূহ দৰ্শনৰ বাবে দেশীয় বাবে আৰু বিদেশী পৰ্যটকৰ আগমনে সেই সময়ত মাজুলীক মৰততে সৰগীয় পৰিৱেশ কৰি তোলে।
মাজুলীৰ দক্ষিণপাট সত্ৰত পোন প্ৰথমে এই উৎসৱৰ আৰম্ভ হয়। পাছলৈহে ৰাসোৎসৱৰ প্ৰসাৰ গড়মূৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী, ভোগপুৰ আদি সত্ৰলৈ ঘটে।
মুখাৰ প্ৰচলন
ৰাস মহোৎসৱৰ পূৰ্বে কৃষ্ণৰ নাটত ব্যৱহাৰ কৰিবলৈ বহুতো মুখা সাজি উলিয়াইছে মুখা শিল্পীসকলে। অসমৰ মুখা শিল্পৰ আছে অনন্য বৈশিষ্ট্য। মুখাশিল্প হৈছে অসমৰ এবিধ প্ৰাচীন লোককলা। শ্ৰীমন্ত শংকৰদেৱক অসমৰ মুখা শিল্পৰ জনক বুলি গণ্য কৰা হয়। শ্ৰীৰামচৰণ ঠাকুৰৰ ‘চৰিত পুথি’ত কৰা বৰ্ণনা অনুসৰি মহাপুৰুষজনাই ভাৱৰীয়াসকলৰ বাবে নিজ হাতে মুখা সজাতে সীমাবদ্ধ নাথাকি বিভিন্ন চৰিত্ৰৰ বাহনৰ মুখাসমূহো (যেনে-বিষ্ণুৰ বাহন গৰুড়, ব্ৰহ্মাৰ বাহন হংস) নিজহাতে তৈয়াৰ কৰি ভাওনাত ব্যৱহাৰ কৰিছিল।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্ম তথা গুৰুজনাৰ অপূৰ্ব সৃষ্টি নৃত্য-গীত, ভাওনা আদি কলা-সংস্কৃতিয়ে অসমীয়া জাতিক সমন্বয়ৰ পথ দেখুৱালে । বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি মহান অসমীয়া জাতিৰ পৰিচয় দিলে। গুৰুজনাৰ সৃষ্টিৰাজিৰ এক অপূৰ্ব নিদৰ্শন হল মুখা শিল্প। পোন্ধৰ শতিকাতে মুখাই বিশেষভাৱে ভাওনাৰ অভিনয়ত স্থান পাইছিল। এই মুখা অসমৰ পৰম্পৰাগত লোক কলা। এই ৰাসত মুখাৰ যথেষ্ঠ ব্যৱহাৰ হয়। মুখা কলাৰ বাবেই মাজুলীৰ শ্ৰীশ্ৰীচামগুৰি সত্ৰ পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল। এই সত্ৰত তাহানিৰ দিনৰে পৰা মুখা নিৰ্মাণৰ চৰ্চা প্ৰচলিত হৈ আাহিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ-বিদেশৰ পৰাও এই শিল্পৰ প্ৰশিক্ষণৰ বাবে বহু লোক আগবাঢ়ি অহা পৰিলক্ষিত হয়।
মুখা সাজিবলৈ বাহ, খেৰ, বোকামাটি, গোবৰ আদি ব্যৱহাৰ কৰা হয়। প্ৰথমে বাহৰ মিহি তমালেৰে জঁকাটো সাজি লোৱাৰ পিচত তাত খেৰ মেৰিয়াই জঁকাটো থিৰ কৰি লোৱা হয়। ইয়াৰ পিচত বোকামাটি, গোবৰ আদি ব্যৱহাৰ কৰি নিদিষ্ট ৰূপ দিয়া হয়। শেষত বিভিন্ন ৰং সানি দেখনিয়াৰ কৰা হয়। অসমৰ মাজুলী আৰু গোলাঘাটৰ কেতবোৰ ঠাই মুখাশিল্পৰ বাবে জনাজাত। ভাওনাৰ মুখাসমূহ ৰামায়ণ,মহাভাৰত আৰু পুৰাণৰ কাহিনীৰ আধাৰত প্ৰস্তুত কৰা হয়। মুখাসমূহত সাধাৰণতে ৰঙা,নীলা আৰু হালধীয়া ৰঙৰ প্ৰয়োগ বেছি হয়।
মুখা মূলতঃ তিনিপ্ৰকাৰৰ। বৰ মুখা বা ছোঁ মুখা,চুটি মুখা বা লোটোকাই মুখা আৰু মূৰ মুখা বা মুখ মুখা। মাজুলী চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী কোষকান্ত দেৱ গোস্বামীদেৱে মাজুলীৰ মুখা শিল্পক প্ৰথমে বিশ্ব দৰবাৰলৈ উলিয়াই আনে। তেখেতে অসমৰ বিভিন্ন ঠাইত, লগতে বহিঃৰাজ্যতো মুখা শিল্পৰ প্ৰদৰ্শনী পাতি এই শিল্পক জনপ্ৰিয় কৰি তোলে। তেখেতৰ এই একক প্ৰচেষ্টাৰ শলাগ ৰূপে তেখেতলৈ ২০০৩ তেখেতলৈ সংগীত নাটক একাডেমি বঁটা আগবঢ়োৱা হয়। তেখেতৰ প্ৰয়াণৰ পিছতো তেখেতৰ উত্তৰসুৰীয়ে এই শিল্প প্ৰতিষ্ঠাৰ হকে কাম কৰি আছে। মাজুলীৰ চামগুৰি সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত আৰু দেশ-বিদেশৰ পৰ্যটক এই শিল্প দৰ্শনৰ হেতু ইয়ালৈ আহে।