5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নতুন নিৰিখ! আজিৰে পৰা বৃদ্ধি হ’ল গাখীৰৰ দাম, হ্ৰাস পাব সুৰাৰ দাম..

বিভিন্ন ব্ৰেণ্ডৰ বিলাতী সুৰাৰ দাম ২২ টকাৰ পৰা আৰম্ভ কৰি ২১৪ টকালৈকে হ্ৰাস কৰিছে আবকাৰী বিভাগে । ৫ শতাংশ এলকহলযুক্ত ৬৫০ মিলি লিটাৰৰ বীয়েৰৰ দাম ২২ টকাকৈ হ্ৰাস কৰা হৈছে । ৫ শতাংশৰ অধিক এলকহলযুক্ত ৬৫০ মিলি লিটাৰৰ বীয়েৰৰ দাম ৩৪ টকাকৈ হ্ৰাস কৰা হৈছে ।

নতুন নিৰিখ! আজিৰে পৰা বৃদ্ধি হ’ল গাখীৰৰ দাম, হ্ৰাস পাব সুৰাৰ দাম..
দাম
Follow Us
trishna-kalita
Trishna Kalita | Published: 01 Sep 2024 10:48 AM

সুৰাপায়ীসকলৰ বাবে আহিল সুখবৰ। কিয়নো আজিৰে পৰা হ্ৰাস পাব বিলাতী সুৰাৰ দাম। ১ ছেপ্টেম্বৰ অৰ্থাৎ আজিৰে পৰা কাৰ্যকৰী হ’ব নতুন নিৰিখ। ৰাজ্যৰ আবকাৰী বিভাগে ইতিপূৰ্বে এই সন্দৰ্ভত জাৰি কৰা বিবৃতি অনুসৰি পহিলা ছেপ্টেম্বৰৰ পৰা ৰাজ্যত কাৰ্যকৰী হ’ব সুৰাৰ নতুন দাম ।

বিভিন্ন ব্ৰেণ্ডৰ বিলাতী সুৰাৰ দাম ২২ টকাৰ পৰা আৰম্ভ কৰি ২১৪ টকালৈকে হ্ৰাস কৰিছে আবকাৰী বিভাগে । ৫ শতাংশ এলকহলযুক্ত ৬৫০ মিলি লিটাৰৰ বীয়েৰৰ দাম ২২ টকাকৈ হ্ৰাস কৰা হৈছে । ৫ শতাংশৰ অধিক এলকহলযুক্ত ৬৫০ মিলি লিটাৰৰ বীয়েৰৰ দাম ৩৪ টকাকৈ হ্ৰাস কৰা হৈছে । সেইদৰে জেনেৰেল ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ ৰামত ১১৭ টকাকৈ হ্ৰাস কৰা হৈছে । আনহাতে ৰেগুলাৰ ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ হুইস্কী, জীংক আদিৰ দাম ১৪৪ টকাকৈ হ্ৰাস কৰা হৈছে ।

 

লাক্সাৰী ব্ৰেণ্ডৰ ৩৬০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলি লিটাৰৰ হুইস্কী, ব্ৰেণ্ডী, জীংকৰ দাম ১৬৬ টকাকৈ হ্ৰাস কৰা হৈছে । লাক্সাৰী ব্ৰেণ্ডৰ ৩৫০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলি লিটাৰৰ ৰামৰ দাম ১৬৬ টকাকৈ হ্ৰাস কৰা হৈছে । এলিগেন্ট ব্ৰেণ্ডৰ ৫০০ টকাৰ পৰা ৭০০ টকাৰ ভিতৰৰ ৭৫০ মিলি লিটাৰৰ ব্ৰেণ্ডী, জীংক, হুইস্কীৰ দাম ২১৪ টকাকৈ হ্ৰাস কৰা হৈছে ।

 

চলিত বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ বিলাতী সুৰাৰ দাম বৃদ্ধি কৰা হৈছিল । কিন্তু দাম বৃদ্ধি হোৱাৰ পিছত সুৰাৰ ৰাজহ কমি অহাৰ পৰিপ্ৰেক্ষিতত পুনৰ সুৰাৰ দাম হ্ৰাস কৰা হৈছে ।

গাখীৰৰ দামবৃদ্ধি

সুৰাৰ দাম হ্ৰাস পোৱাৰ বিপৰীতে আজিৰে পৰা বৃদ্ধি পাব গাখীৰৰ দাম । বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি গাখীৰত দামবৃদ্ধিৰ কথা অৱগত কৰিছিল গুৱাহাটী দুগ্ধ ব্যৱসায়ী সংস্থাই। বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই গাখীৰৰ দাম বৃদ্ধি কৰাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই । দুগ্ধ ব্যৱসায়ী সন্থাই জনোৱা মতে বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই প্ৰতি লিটাৰ গাখীৰৰ দাম ২.৬০ টকাকৈ বৃদ্ধি কৰিছে আৰু যিটো ১৭ আগষ্টৰ পৰা কাৰ্যকৰী হৈছে । যাৰ বাবে প্ৰতি লিটাৰ গাখীৰৰ দাম ৩ টকাকৈ বৃদ্ধি হোৱা বুলি জানিব দিয়ে বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই।

দাম বৃদ্ধিৰ লগে লগে সাধাৰণ ৰাইজে প্ৰতিলিটাৰ গাখীৰ ৬৭ টকাত ক্ৰয় কৰিব লাগিব। বৰ্তমান সংস্থাই ৬১.৪০ টকা পাইকাৰী দামত গাখীৰ বিক্ৰী কৰি আছে। এই পাইকাৰী দামত ৩ টকাকৈ বাঢ়ি হ’বগৈ ৬৪.৪০ টকা। গতিকে খুচুৰা বিক্ৰীৰ ক্ষেত্ৰতো ৩ টকা বৃদ্ধি হোৱাতো প্ৰায় নিশ্চিত হৈছে। গতিকে খুচুৰা ব্যৱসায়ত গাখীৰৰ দাম ১ ছেপ্টেম্বৰৰ পৰা হ’বগৈ ৬৭ টকা।

উল্লেখ কৰা প্ৰয়োজন যে যোৱা জুন আৰু জুলাই মাহতো গুৱাহাটীত দুগ্ধ উৎপাদক সন্থাই দাম বৃদ্ধি কৰিছিল। এই দামবৃদ্ধিয়ে পুনৰ সাধাৰণ জনতাক শলঠেকত পেলাব।

Latest News