লখিমপুৰ জিলা কাৰাগাৰত উদ্ধাৰ কয়দীৰ মৃতদেহ

কাৰাগাৰৰ ভিতৰতে মৃত্যু হয় এজন যুৱকৰ। লখিমপুৰ জিলা কাৰাগাৰৰ ভিতৰত সংঘটিত এই কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে পকচো আইনৰ অধীনত গ্ৰেপ্তাৰ হৈ যুৱকজন ন্যায়িক জিম্মাত আছিল।

লখিমপুৰ জিলা কাৰাগাৰত উদ্ধাৰ কয়দীৰ মৃতদেহ

লখিমপুৰ

Published: 

04 Dec 2024 17:15 PM

কাৰাগাৰৰ ভিতৰতে মৃত্যু এজন কয়দীৰ। লখিমপুৰ জিলা কাৰাগাৰত কয়দীৰ মৃত্যু হোৱা ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বুধবাৰে লখিমপুৰ জিলা কাৰাগাৰত উদ্ধাৰ হয় এজন কয়দীৰ মৃতদেহ। জানিব পৰা মতে কাৰাগাৰৰ ভিতৰতে আত্মহত্যা কৰে পৱন বৰুৱা নামৰ যুৱকজনে। তথ্য অনুসৰি, ঢকুৱাখনা সদৰ আৰক্ষী খানাৰ অন্তৰ্গত নাৰায়ণপুৰ চাপৰি গাঁৱৰ বাসিন্দা আছিল পৱন বৰুৱা।  মৃদুল বৰুৱাৰ পুত্ৰ পৱন বৰুৱাৰ বিৰুদ্ধে ঢকুৱাখনা সদৰ থানাৰ বিৰুদ্ধে এটা গোচৰৰ ৰুজু হৈ আছিল। POCSO আইনৰ অধীনত গ্ৰেপ্তাৰ হৈছিল যুৱকজন।

কিন্তু হঠাতে যুৱকজনৰ আত্মহত্যাৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। যুৱকজনৰ মৃত্যু সন্দৰ্ভত আত্মীয়ই জনাই যে মঙলবাৰে নিশা প্ৰায় ১০ মান বজাত পৱনে ডিঙিত চিপ লৈ আত্মহত্যা কৰে। অভিযোগ অনুসৰি পৱনৰ মৃত্যু যোৱা নিশা হোৱাৰ পাছতো বুধবাৰে দুপৰীয়া পৰ্যন্ত পৰিয়ালৰলোকক খবৰ দিয়া হোৱা নাছিল। আনকি কালি দিনৰ ভাগত যুৱকজনক লগ কৰিও আহিছিল পৰিয়ালৰলোকে।

আজিও যুৱকজনক পুৱাৰ ভাগত খাদ্য দিবলৈ গৈছিল পৰিয়ালৰলোকে। কালিলৈ স্বাভাৱিক সুস্থভাৱে থকা পৱনক দেখা কৰিবলৈ আত্মীয়ই ঘন্টাৰ পাছত ঘন্টা ধৰি অপেক্ষা কৰিছিল যদিও জেল কৰ্তৃপক্ষই অনুমতি দিয়া নাছিল। অপেক্ষাৰ বহু সময়ত পাছত কোনোৱে তেওঁলোকক জনাইছিল যে পৱনৰ ইতিমধ্যে মৃত্যু হৈছে। মঙলবাৰে নিশাই আত্মহত্যা কৰিছে তেওঁ। এই খবৰ শুনিয়েই পৰিয়ালৰলোকৰ মাজত শোকৰ সৃষ্টি হয় আৰু কাৰাগৰৰ ভিতৰত কেনেকৈ মৃত্যু হ’ল বুলি প্ৰশ্ন কৰে জেল কৰ্তৃপক্ষক।

পৱনৰ মৃত্যু সহজভাৱে ল’ব পৰা নাই পৰিয়ালৰলোকে। কিয়নো এদিন পূৰ্বে লগ কৰাৰ সময়ত পৱন আছিল সুস্থ আৰু স্বাভাৱিক অৱস্থাত। কিয়, কেনেকৈ কাৰাগাৰৰ ভিতৰত পৱনে আত্মহত্যা কৰিলে এই বিষয়টোত ৰহস্যৰ গোন্ধ পাইছে পৰিয়ালৰলোকে। ইয়াৰোপৰি পৱনৰ মৃত্যুৰ পাছতো কিয় এই কথা গোপনে ৰখা হৈছিল, পৰিয়ালক কিয় অৱগত কৰা হোৱা নাছিল এই ক্ষেত্ৰত সন্দেহৰ আঙুলি টোৱাইছে পৰিয়ালে। অৱশ্যে এই সমগ্ৰ বিষয় সন্দৰ্ভত তদন্ত কৰিলেহে সত্য পোহৰলৈ আহিব।

উল্লেখ্য কৰা প্ৰয়োজন যে, ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত সোনাৰী চাপৰিৰ নাবালিকা পত্নী দেৱলীনা সোণোৱালক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল পৱন। এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত ৩১/২০২৪ ৰ আধাৰত গোচৰ পঞ্জীয়ন হৈ আছে। এই গোচৰৰ আধাৰতেই আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৮ (ক) আৰু ৩০৪ (খ) ধাৰাত পৱন বৰুৱাক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। এই সমগ্ৰ বিষয়টোৰ তদন্ত চলি থকাৰ মাজতে পৱনে মৃত্যুক সাৱতি লয়।

পৱনৰ পৰিয়ালৰলোকে এয়া হত্যাকাণ্ড হ’ব পাৰে বুলিও সন্দেহ কৰিছে। ইতিমধ্যে পৱনৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। পৰৱৰ্তী তদন্ততহে জানিব পৰা যাব কেনেকৈ ন্যায়িক জিম্মাত মৃত্যু হ’ল পৱন বৰুৱাৰ।

 

অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ ৰহস্যৰ বিষয়ে জানো আহক
ভগৱান শিৱক কিয় নাৰিকল আগবঢ়োৱা নহয়?
চুলি সৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খাবলৈ আৰম্ভ কৰক এই বস্তু
ঘৰত তুলসী গছ আছে নেকি? এনেদৰে কৰক ব্যৱহাৰ, উজ্বল হৈ উঠিব ছাল...