5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰাজ্যত অব্যাহত বোমাতংকঃ আলফা (স্বাধীন)ৰ বোমা সংস্থাপন সন্দৰ্ভত অনুপ চেতিয়াৰ প্ৰতিক্ৰিয়া

বৃ্হস্পতিবাৰে স্বাধীনতা দিৱসৰ বিৰোধিতাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ ২৫ টা স্থানত বোমা স্থাপন কৰা বুলি আলফা (স্বাধীনে) দাবী কৰিছিল। ইয়াৰ পিছতে ৰাজ্যত ব্যাপক এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াই।

ৰাজ্যত অব্যাহত বোমাতংকঃ আলফা (স্বাধীন)ৰ বোমা সংস্থাপন সন্দৰ্ভত অনুপ চেতিয়াৰ প্ৰতিক্ৰিয়া
অনুপ চেতিয়াৰ প্ৰতিক্ৰিয়া
monjit-dutta
Monjit Dutta | Published: 16 Aug 2024 15:50 PM

বৃ্হস্পতিবাৰে দেশে পালন কৰিলে ৭৮ সংখ্যক স্বাধীনতা দিৱস। পিছে স্বাধীনতা দিৱসৰ দিনটোতে সমগ্ৰ ৰাজ্যত বিৰাজমান হৈ পৰিল এক আতংকময় পৰিৱেশৰ। আলফা (স্বাধীন)ৰ এক বিবৃতিয়ে জোকাৰি তুলিলে সমগ্ৰ ৰাজ্য। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এই বিবৃতি যোগে আলফা (স্বা)- ই স্বাধীনতা দিৱসৰ বিৰোধিতাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ ২৫ টা স্থানত বোমা স্থাপন কৰা বুলি দাবী কৰে। কিন্তু কাৰিকৰী বিজুতিৰ বাবে এই বোমাসমূহ নুফুটা বুলি উল্লেখ কৰি আলফা (স্বা)- এ লগতে জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বোমাসমূহ উদ্ধাৰ কৰি নিষ্ক্ৰিয় কৰিবলৈ দাবী জনাইছিল।

সংগঠনটোৱে লগতে কোন কোন স্থানত বোমা সংস্থাপন কৰা হৈছিল, সেই বিষয়েও বিবৃতিটোত উল্লেখ কৰে। আলফা (স্বা)ৰ এই বিবৃতিটো পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়। লগে লগে অসম আৰক্ষীয়ে আলফাই উল্লেখ কৰা স্থানসমূহত অভিযান চলায় আৰু সংগঠনটোৱে উল্লেখ কৰাৰ দৰেই কেইবাটাও স্থানত বোমা সদৃশ সামগ্ৰী উদ্ধাৰ কৰে।

ইফালে আন কিছুমান স্থানৰ পৰা আলফাই দাবী কৰা মতে বোমা উদ্ধাৰৰ অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। তাৰ মাজতে আজি গুৱাহাটীৰ সাতগাঁও আৰু দিছপুৰ লাষ্টগেটত বোমা সদৃশ সামগ্ৰী উদ্ধাৰ হৈছে। আলফা(স্বা)- এ বিবৃতিত উল্লেখ কৰাৰ দৰে যিসমূহ স্থানৰ পৰা এইপৰ্যন্ত কোনো বিস্ফোৰক সামগ্ৰী উদ্ধাৰত সফল হোৱা নাই, সেইসমূহ অঞ্চলৰ জনসাধাৰণে এতিয়া জীৱনৰ শংকাত ভূগিছে।

লক্ষণীয়ভাৱে স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ চৌদিশে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছিল। এনে নিৰাপত্তা ব্যৱস্থাৰ মাজতো আলফা (স্বা)- এ দাবী কৰাৰ দৰে এই বোমাসমূহ কিদৰে স্থাপন কৰিলে, সেই লৈয়ো প্ৰশ্ন তুলিছে সচেতন লোকসকলে। অসম আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাত কেৰোণ থকাৰ বাবেই এয়া সম্ভৱ হোৱা বুলি বহু লোকে অভিযোগ তুলিছে।

এনে আতংকময় পৰিস্থিতিৰ মাজতে আলফাৰ আলোচনাপন্থী গোটৰ নেতা অনুপ চেতিয়াই কৰিছে কিছু বিশেষ মন্তব্য। অনুপ চেতিয়াই বোমাতংক সম্পৰ্কত সংবাদ মাধ্যপৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই বিষয়ত আলফা (স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে কথা পতা বুলি উল্লেখ কৰে। আলোচনাপন্থী আলফা নেতাগৰাকীয়ে লগতে আন কিছু মন্তব্যও কৰিছে।

অনুপ চেতিয়াৰ ভাষ্য মতে আলফা(স্বা)ক আলোচনালৈ আনিবলৈ ভাৰত চৰকাৰে যিদৰে পদক্ষেপ ল’ব লাগিছিল, সেইদৰে গুৰুত্ব দিয়া নাই। এনে কাৰণতে সংগঠনটোৱে নিজৰ শক্তি তথা ক্ষমতা প্ৰমাণ কৰিবলৈকে বৃহস্পতিবাৰে এই বোমাসমূহ সংস্থাপন কৰিছিল বুলি সম্ভাৱনা ব্যক্ত কৰে আলফাৰ আলোচনাপন্থী গোটৰ নেতা অনুপ চেতিয়াই।

আনহাতে আলফা (স্বা)ৰ বোমা সংস্থাপনৰ দাবীৰ পাছতে অসম আৰক্ষীৰ তৎপৰতাও বৃদ্ধি পাইছে৷ তথ্য অনুসৰি অসম আৰক্ষীয়ে ধিং, বটদ্ৰৱা, জাজৰিৰ ১৯জনকৈ প্ৰাক্তন আলফা নেতাক তলব কৰিছে৷ ধিং, বটদ্ৰৱা, জাজৰিৰ ১৯জনকৈ প্ৰাক্তন আলফা নেতাক তলব৷ আলফা (স্বা)ৰ বিবৃতি প্ৰকাশৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া।

মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল যে বহু বছৰৰ মূৰত অসমে বিকাশ আৰু প্ৰগতিৰ মুখ দেখা পাইছে। টাটাই অসমত ছেমিকণ্ডাক্টাৰ প্ৰকল্প আনিছে আৰু অনাগত সময়ত অসমলৈ আন বহু বিনিয়োগ আহিব বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই এনে পৰিস্থিতিত ৰাজ্যত বিনিয়োগৰ পৰিৱেশ নোহোৱা কোনো পৰিৱেশৰ সৃষ্টি নকৰিবলৈ আলফা (স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক অনুৰোধ জনাইছিল।

Latest News