5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অবৈধ বিদেশী নাগৰিকৰ সমস্যা এতিয়া কেৱল অসমৰ নহয়…কিয় NRC সৰ্বভাৰতীয় পৰ্যায়ত উন্নীতকৰণৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰীয়ে ?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে, অবৈধ বিদেশী নাগৰিকৰ সমস্যাটো এতিয়া কেৱল অসম বা পশ্চিমবংগৰ সমস্যা নহয় ৷ এই সমস্যাটো এতিয়া ৰাষ্ট্ৰীয় সমস্যা হৈ পৰিছে । লগতে তেওঁ দাবী কৰে যে, বাংলাদেশত অস্থিৰতা সৃষ্টি হোৱাৰ‌ পাছত প্ৰত্যেক দিনে বাংলাদেশী নাগৰিকে অসম তথা ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছে ।

অবৈধ বিদেশী নাগৰিকৰ সমস্যা এতিয়া কেৱল অসমৰ নহয়…কিয় NRC সৰ্বভাৰতীয় পৰ্যায়ত উন্নীতকৰণৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰীয়ে ?
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
manas-borah
Manas Borah | Updated On: 30 Sep 2024 17:33 PM

অবৈধ বিদেশী সমস্যা এতিয়া কেৱল অসম বা পশ্চিমবংগৰ সমস্যা হৈ থকা নাই । এই সমস্যা এতিয়া সমগ্ৰ দেশৰ সমস্যালৈ পৰিণত হৈছে । অবৈধ বিদেশী নাগৰিকে কেৱল অসম তথা পশ্চিমবংগৰে ভাৰতত প্ৰৱেশ কৰে আৰু পাছত দেশৰ বিভিন্ন ৰাজ্যলৈ যায় । এনে পৰিপ্ৰেক্ষিত দেশজুৰি এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনি শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে, “অবৈধ বিদেশী নাগৰিকৰ সমস্যাটো এতিয়া কেৱল অসম বা পশ্চিমবংগৰ সমস্যা নহয় ৷ এই সমস্যাটো এতিয়া ৰাষ্ট্ৰীয় সমস্যা হৈ পৰিছে ।” লগতে তেওঁ দাবী কৰে যে, বাংলাদেশত অস্থিৰতা সৃষ্টি হোৱাৰ‌ পাছত প্ৰত্যেক দিনে বাংলাদেশী নাগৰিকে অসম তথা ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছে ।

তেওঁ উল্লেখ কৰে যে, বাংলাদেশীয়ে অনুপ্ৰৱেশৰ চেষ্টা কৰা বিষয়টো সৰ্বভাৰতীয় পৰ্যায়ত দৃষ্টিগোচৰ কৰাৰ চেষ্টা কৰি থকা হৈছে । অসম তথা পশ্চিমবংগৰে ভাৰতত অবৈধভাৱে বাংলাদেশী নাগৰিকে প্ৰৱেশ কৰে আৰু দেশৰ অন্য ৰাজ্যলৈ যায় । তেওঁ কয় যে, অবৈধভাৱে সীমান্ত পাৰ হৈ বিদেশী নাগৰিকে অসম তথা বাংলাদেশত প্ৰৱেশ‌ কৰা পাছত দেশৰ অন্য ৰাজ্যত গৈ আধাৰ কাৰ্ড বনাই তেওঁলোক আকৌ অসমলৈ আহিব পাৰে ।

লগতে পঢ়ক: অনুপ্ৰৱেশ ! পুনৰ কৰিমগঞ্জত বাংলাদেশীক আটক…

এনে পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰী শৰ্মাই সৰ্বভাৰতীয় পৰ্যায়ত এখন শুদ্ধ এনআৰচি উন্নীতকৰণৰ পোষকতা কৰিছে । তেওঁ লগতে দাবী কৰে যে, অসমত আমি শুদ্ধ NRC বিচাৰি আছো । আমাক ২০% পুনঃনিৰীক্ষণৰ সুবিধা দিব লাগে । ঝাৰখণ্ড বা আন ৰাজ্যসমূহতো NRC হ’ব লাগে । লগতে সৰ্বভাৰতীয় পৰ্যায়ত এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বাবে সংসদত আলোচনা হোৱাটো অতি প্ৰয়োজন বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায়ে সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে অনুপ্ৰৱেশৰ চেষ্টা কৰা অবৈধ বাংলাদেশীক আটক কৰাৰ তথ্য প্ৰকাশ কৰি আহিছে । তেওঁ এই কথাও দাবী কৰিছিল যে, বেছি সংখ্যক অবৈধ বাংলাদেশীয়ে অসম তথা পশ্চিমবংগক পথ হিচাপে গ্ৰহণ কৰি তেওঁলোকে বস্ত্ৰ উদ্যোগত কামৰ কৰাৰ উদ্যেশ্যে ভাৰতৰ দক্ষিণৰ ৰাজ্যলৈ যাবলৈ চেষ্টা কৰে । বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰ পাছত ভাৰতৰ বস্ত্ৰ উদ্যোগত কাম কৰাৰ উদ্দেশ্যে অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা বাংলাদেশীৰ সংখ্যা সৰ্বাধিক বুলি দাবী কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক: অনুপ্ৰৱেশ ! শিশু সহ ১৭ বাংলাদেশীক উভতাই পঠালে অসম আৰক্ষীয়ে…

ইফালে, সূত্ৰ খবৰ অনুসৰি, যোৱা এমাহত অবৈধভাৱে অসম তথা ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ১০০ জনকৈ অধিক বাংলাদেশী নাগৰিকক আটক পুনৰ ঘূৰাই পঠাইছে অসম আৰক্ষীয়ে । শুকুৰবাৰে নিশা শিশু, মহিলা সহ ১৭ জন বাংলাদেশীক আটক কৰাৰ বিপৰীতে শনিবাৰে নিশাও চাৰি গৰাকী বাংলাদেশী মহিলাক আটক কৰি পুনৰ বাংলাদেশলৈ বিতাৰিত কৰে অসম আৰক্ষীয়ে ।

লগতে পঢ়ক: ভাৰতীয় ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি দেশ এৰাৰ চেষ্টা বাংলাদেশীৰ ! লক্ষ্ণৌ বিমানবন্দৰত গ্ৰেপ্তাৰ এজনক…

Latest News