ৰাজ্যত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ পৰা বিৰত থাকিবলৈ মুখ্যমন্ত্ৰীক সকীয়াই দিয়ে বিৰোধী ঐক্য মঞ্চই | opposition unity meet assam Assam news - Assam Tv9

ৰাজ্যত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ পৰা বিৰত থাকিবলৈ মুখ্যমন্ত্ৰীক সকীয়াই দিয়ে বিৰোধী ঐক্য মঞ্চই

Published: 

04 Aug 2024 22:30 PM

আজিৰ সভাই সৰ্বসন্মতিক্ৰমে ৰাজ্য চৰকাৰৰ ধাৰাবাহিক জনবিৰোধী কাৰ্য্যকলাপসমূহৰ তীব্ৰ বিৰোধিতা কৰে ৷ সভাই মূল্যবৃদ্ধি প্ৰতিৰোধ কৰাৰ লগতে চৰকাৰৰ জনবিৰোধী সিদ্ধান্তসমূহ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়৷

ৰাজ্যত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ পৰা বিৰত থাকিবলৈ মুখ্যমন্ত্ৰীক সকীয়াই দিয়ে বিৰোধী ঐক্য মঞ্চই

হিমন্ত বিশ্ব শৰ্মা

Follow Us On

বিৰোধী ঐক্য মঞ্চ, অসমে ৪ আগষ্টৰ সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। সংবাদ মাধ্যমলৈ জাৰি কৰা এক বিবৃতি অনুসৰি তলত সবিশেষ উল্লেখ কৰা হ’ল-

১ম প্ৰস্তাৱ: আজিৰ সভাই বিৰোধী ঐক্য মঞ্চ, অসমৰ মাজত শক্তিশালী ৰূপত বৰ্তি থকা ঐক্যবদ্ধতাৰ কথাটো পুনৰবাৰ দৃঢ়তাৰে দোহাৰে৷ সভাই গভীৰ প্ৰত্যয়েৰে মত পোষণ কৰে যে সাম্প্ৰদায়িক আৰু ফেচিবাদী বিজেপিক পৰাভূত কৰিবলৈ পৰৱৰ্তী বিধান সভা নিৰ্বাচনলৈ উমৈহতীয়াভাৱে ৰাজনৈতিক যুঁজখন তীব্ৰতাৰে আগবঢ়াই লৈ যোৱা হ’ব৷

২য় প্ৰস্তাৱ: আজিৰ সভাই অসমৰ মুখ্যমন্ত্ৰীয়ে নিৰন্তৰ সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰি ৰাজ্যৰ সমাজ জীৱন কলুষিত কৰিবলৈ চলোৱা চেষ্টাৰ তীব্ৰ প্ৰতিবাদ কৰে আৰু ৰাজ্যত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ দৰে অপচেষ্টাৰ পৰা বিৰত থাকিবলৈ মুখ্যমন্ত্ৰীক সকীয়াই দিয়ে৷

৩য় প্ৰস্তাৱ: আজিৰ সভাই সৰ্বসন্মতিক্ৰমে ৰাজ্য চৰকাৰৰ ধাৰাবাহিক জনবিৰোধী কাৰ্য্যকলাপসমূহৰ তীব্ৰ বিৰোধিতা কৰে ৷ সভাই মূল্যবৃদ্ধি প্ৰতিৰোধ কৰাৰ লগতে চৰকাৰৰ জনবিৰোধী সিদ্ধান্তসমূহ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়৷

৪ৰ্থ প্ৰস্তাৱ: আজিৰ সভাই সৰ্বসন্মতিকঅকণো সিদ্ধান্ত গ্ৰহণ কৰে যে আসন্ন ৫টা সমষ্টিৰ উপনিৰ্বাচনত সমষ্টি ভেদে যিটো দলৰ সম্ভাৱনা উজ্জ্বল, সেই দলৰ প্ৰাৰ্থীক প্ৰতিদ্বন্দিতাৰ বাবে আগবঢ়াই দিয়া হ’ব৷

৫ম প্ৰস্তাৱ: আজিৰ সভাই INDIA মৰ্চাৰ নেতৃত্ব লৈ সংসদৰ বিৰোধী দলপতি হিচাপে মনোনীত হোৱা বাবে ৰাহুল গান্ধীক অভিনন্দন জনায়৷ লগত অসমৰ সাংসদ  গৌৰৱ গগৈৰ লোকসভাত বিৰোধী দলৰ উপ-দলপতি হিচাপে মনোনীত কৰাত আজিৰ সভাই ৰাহুল গান্ধীসহ INDIA মৰ্চাৰ নেতৃবৃন্দক ধন্যবাদ জনায়৷

৬ষ্ঠ প্ৰস্তাৱ: অসমৰ বান-গৰাখহনীয়া পৰিস্থিতিক ৰাজ্য চৰকাৰে মোকাবিলা কৰিব নোৱাৰা বিষয়টোত আজিৰ সভাই বিস্তৃত আলোচনা কৰি গভীৰ উদ্বেগ প্ৰকাশ কৰে ৷ লগতে বিষয়টোক কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান নকৰা বিষয়টোক দুৰ্ভাগ্যজনক আখ্যায়িত কৰে৷ সভাই শেহতীয়া বান-গৰাখহনীয়া পৰিস্থিতিত নিহত তথা ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ দিবলৈ আজিৰ সভাই দাবী কৰে৷

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version